সমাস (Compound Word) হৈছে পৰস্পৰ অৰ্থৰ সংগতি থকা বা পাৰস্পৰিক আৱশ্যকীয় অৰ্থৰ দুই বা ততোধিক পদ লগ লাগি এক হোৱা পদ।১ বাক্য বা প্ৰকাশিত মনৰ ভাব চুটি বা সংক্ষেপ কৰাই ইয়াৰ উদ্দেশ্য।
প্ৰকাৰ
সংস্কৃত ব্যাকৰণ মতে সমাসৰ সংখ্যা বেছি হ'লেও সংস্কৃত শব্দৰ ব্যৱহাৰ অধিক হোৱা বাবে অসমীয়াত প্ৰধানকৈ ছয়বিধ২৩ সমাস আছে-
- দ্বন্দ্ব সমাস
- দ্বিগু সমাস
- বহুব্ৰীহি সমাস
- কৰ্মধাৰয় সমাস
- তৎপুৰুষ সমাস
- অব্যয়ীভাৱ সমাস
দ্বন্দ্ব সমাস
দুটা বা ততোধিক সংজ্ঞা শব্দ নাইবা বিশেষণ শব্দৰ মাজৰ সংযোজক অব্যয় শব্দ লোপ কৰি সমাস কৰিলেই দ্বন্দ্ব সমাস বোলে। ই তিনিবিধ - (ক) ইতৰেতৰ (খ) সমাহাৰ আৰু (গ) একশেষ দ্বন্দ্ব সমাস।৪৫
দুটা বা তাতকৈ বেছি প্ৰাতিপদিকৰ (বিশেষ্য বা বিশেষণ) পদৰ মাজত অব্যয় শব্দ লোপ কৰি দ্বন্দ্ব সমাস কৰা হয়।৬
উদাহৰণ:
- দেৱাসুৰ — দেৱ আৰু অসুৰ।
- ৰাম আৰু লক্ষ্মণ — ৰামলক্ষ্মণ
- তেল-পানী — তেল আৰু পানী।
- ভাই-ভনী — ভাই আৰু ভনী।
- হাত আৰু ভবি — হাত-ভৰি
- স্বভাৱ-চৰিত্ৰ — স্বভাৱ আৰু চৰিত্ৰ।
- গুৰু-শিষ্য — গুৰু আৰু শিষ্য।
- ধেনু আৰু শৰ — ধেনুশৰ।
- ভাল-বেয়া — ভাল আৰু বেয়া।
- সোণ-ৰূপ — সোণ আৰু ৰূপ।
- অস্তশস্ত্ৰ — অস্ত্ৰ আৰু শস্ত।
- তামোল-পাণ — তামোল আৰু পাণ।
ইতৰেতৰ দ্বন্দ্ব
সমস্তপদ সমস্যমান পদবোৰৰ অৰ্থ স্পষ্ট হৈ থাকে বা অৰ্থ প্ৰধানভাবে থাকে তাকেই ইতৰেতৰ দ্বন্দ্ব সমাস বোলে। যেনে, ৰাম আৰু লক্ষ্মণ - ৰামলক্ষ্মণ, ধেনু আৰু শৰ ধেনুশৰ; উচ্চাৰণ সহজ সাধ্য কৰিবলৈ বা শ্ৰুতিমাধুৰ্যৰ বাবে এই সমাসত দীঘলীয়া পদটি সাধাৰণতে শেষৰফালে বহে। নাইবা প্ৰথম পদৰ শেষাংশ লোপ পায়। যেনে, ভাই আৰু ককাই—ভাইককাই, জয় আৰু পৰাজয় জয়পৰাজয়; আকৌ দুই বা ততোধিক বিশেষণ পদৰো সমাস হয়, যেনে— ভাল আৰু বেয়া ভালবেয়া, সাধু আৰু সন্ত- সাধুসন্ত ইত্যাদি। স্ত্ৰীলিংগ আৰু পুংলিংগ পদৰ সমাস হ'লে সাধাৰণতে স্ত্ৰীলিংগবাচক পদটো আগত বহে। যেনে, ৰাধা আৰু কৃষ্ণ— ৰাধাকৃষ্ণ, সাৱিত্ৰী আৰু সত্যবান- সাৱিত্ৰীসত্যৱান, জায়া আৰু পতি— দম্পতী, * জম্পতা, জায়াপতী (দম্পতী, জম্পতি বা জায়াপতি)।
সমাহাৰ দ্বন্দ্ব সমাস
যি দ্বন্দ্ব সমাসত অনেক সমাস হৈ ব্যস্ত পদবোৰৰ অৰ্থৰ উপৰি অন্য অৰ্থ প্ৰকাশ কৰে তাকেই সমাহাৰ দ্বন্দ্ব বোলে। যেনে, 'কাঁহিবাটিয়ে কেৱল কাঁহী আৰু বাটিকেই বুজোৱা নাই কাঁহী, বাটি আৰু এই জাতীয় লোটা, ঘটী, কলহ আদিকো বুজায়। কিন্তু কেৱল কাঁহী আৰু বাটিকেই বুজালে ইতৰেতৰ দ্বন্দ্ব সমাস হ’ব। তেনেকৈ ‘আমকঁঠাল, আম-কঁঠালৰ বাৰী বুলিলে আম, কঁঠাল আৰু এই জাতীয় অন্যান্য ফলৰ বাৰীকেই বুজায়। তেনেকৈ তেলটেঙা, ভাতমাছ ইত্যাদি। নামধাতু বা তুমৰ্থক ক্ৰিয়াৰো সমাহাৰ দ্বন্দ্ব হয়।
একশেষ দ্বন্দ্ব সমাস
একশেষ দ্বন্দ্ব সমাসত ব্যস্তপদবোৰৰ ভিতৰত কেৱল প্ৰথম ব্যস্তপদটোহে বহুবচন যুক্ত হৈ ব্যৱহাৰ হয়। বাকী ব্যস্তপদবোৰ লোপ পায়। এই দ্বন্দ্ব সমাসত কেইবাটাও শব্দৰ সলনি একেটি অৱশেষ থাকে আৰু সিয়ো বহুবচন যুক্ত হৈ ব্যৱহাৰ হয়। সেই বহু বচনযুক্ত পদটিয়ে আটাইবোৰ ব্যস্তপদকেই বুজায়, সেইবাবেই ই একশেষ দ্বন্দ্ব সমাস। যেনে- ৰাম, হৰি, যদু, মধু, আদি ‘ৰামহঁত’, পিতা, খুৰা আদি ‘পিতাহঁত’, ‘আহমেদ, আফান আদি 'ৰুস্তমহঁত, 'ৰংপি’ তেৰণ আদি ৰংপিহঁত।
দ্বিগু সমাস
দুই বা তাতোকৈ অধিক সংখ্যাবাচক শব্দৰ লগত অন্য শব্দ লগ হৈ সমাহাৰ বুজালে যি সমাস হয়, তাকে দ্বিগু সমাস বোলে।৭ উদাহৰণ:
- ত্ৰিফলা = তিনি ফলৰ সমাহাৰ।
- দোমাহী = দুই মাহৰ সমাহাৰ।
দ্বিগু সমাসত কেতিয়াবা অ-কাৰণ্ত পদৰ পিছত 'আ' বা 'ঈ' যোগ কৰা হয়।
বহুব্ৰীহি সমাস
যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত অৰ্থ নুবুজাই আন কোনো বিশেষ অৰ্থহে বুজায়, তাকে বহুব্ৰীহি সমাস বোলে।৮ বহুব্ৰীহি সমাস তিনিপ্ৰকাৰৰ-
- কৰ্মধায় বহুব্ৰীহি বা সমানাধিকৰণ বহুব্ৰীহি
- ব্যাধিকৰণ বহুব্ৰীহি বা তৎপুৰুষ বহুব্ৰীহি
- ব্যতিহাৰ বহুব্ৰীহি
সমানাধিকৰণ বহুব্ৰীহি সমাস
সমস্যমান বিশেষ্য আৰু বিশেষণ পদ একে বিভক্তিত থাকি দুয়োটাৰে সংযোগত সিদ্ধ হোৱা বহুব্ৰীহি সমাসক সমানাধিকৰণ বহুব্ৰীহি সমাস বোলে। উদাহৰণ–
- পীত (হালধীয়া) অম্বৰ (কাপোৰ ) যাৰ = পীতাম্বৰ
উক্ত উদাহৰণটোত সমস্যমান পদ বা ব্যস্ত পদ (পীত) বিশেষণৰ দৰে ব্যৱহাৰ হৈছে আৰু অম্বৰ (কাপোৰ) ৰ লগত তুলনা বুজাইছে। গতিকে ই সমানাধিকৰণ বহুব্ৰীহি সমাস।
ব্যধিকৰণ বহুব্ৰীহি সমাস
যি বহুব্ৰীহি সমাসত সমস্যমান পদে অধিকৰণ অৰ্থ প্ৰকাশ কৰে তাকেই ব্যধিকৰণ বহুব্ৰীহি সমাস বোলে। বহুব্ৰীহি ব্যধিকৰণ সমাসত সমস্যমান বিশেষ্য পদ দুটা একে বিভক্তিত নাথাকে আৰু এটা বিশেষ্য পদত সপ্তমী বিভক্তি যোগ হয়। উদাহৰণ–
- বনত যি ভোজ হয় = বনভোজ।
- পদ্ম আছে নাভিত যাত = পদ্মনাভ।
ব্যতিহাৰ বহুব্ৰীহি সমাস
পৰস্পৰ একে কাৰ্য বুজোৱা বহুব্ৰীহি সমাসক ব্যতিহাৰ সমাস বোলে। উদাহৰণ–
- পৰস্পৰে হাতে হাতে কৰা যুঁজ = হতাহতি।
কৰ্মধাৰয় সমাস
বিশেষণ আৰু বিশেষ্য পদত সমাস হৈ যদি বিশেষ্যৰ অৰ্থটো প্ৰধানভাৱে প্ৰতীয়মান হয় তাক কৰ্মধাৰয় সমাস বোলে। যেনে -
- মহাপুৰুষ = মহৎ যি পুৰুষ।
- বিদ্যোৎসাহী = বিদ্যাৰ প্ৰতি উৎসাহী।
কৰ্মধায় সমাস দুবিধ -
- মধ্যপদলোপী কৰ্মধায়
- অত্যপদলোপী কৰ্মধায়
মধ্যপদলোপী কৰ্মধাৰয় সমাস
যি কৰ্মধাৰয় সমাসৰ ব্যাসবাক্য বা সমাস বাক্যৰ মধ্যস্থিত পদ লোপ পায় তাকে মধ্যপদলোপী কৰ্মধাৰয় সমাস বোলে। উদাহৰণ–
- চন্দ্ৰৰ তুল্য (নিচিনা, দৰে ) বদন = চন্দ্ৰ বদন।
- পদ্মৰ নিচিনা (দৰে, তুল্য) লোচন = পদ্মলোচন।
অন্ত্যপদলোপী কৰ্মধাৰয় সমাস
যি কৰ্মধাৰয় সমাসৰ ব্যাস বাক্যৰ শেষ পদ লোপ পায় তাকে অন্ত্যপদলোপী কৰ্মধাৰয় সমাস বোলে। উদাহৰণ–
- বাক্য অমৃতৰ তুল্য = বাক্যামৃত।
- মুখ চন্দ্ৰৰ নিচিনা = মুখচন্দ্ৰ।
- বিদ্যা সাগৰৰ তুল্য = বিদ্যাসাগৰ।
কৰ্মধাৰয় সমাসক তুলনা বা ৰিজনি অনুসৰি তিনি ভাগত ভাগ কৰিব পাৰি –
- উপমান কৰ্মধাৰয় সমাস
- উপমিত কৰ্মধাৰয় সমাস
- ৰূপক কৰ্মধাৰয় সমাস
উপমান কৰ্মধাৰয় সমাস
উপমানবাচক পদৰ সৈতে সাধাৰণ গুণবাচক পদ লগ হৈ সিদ্ধ হোৱা কৰ্মধাৰয় সমাসক উপমান কৰ্মধাৰয় সমাস বোলে। উদাহৰণ–
- বজ্ৰৰ দৰে কঠিন = বজ্ৰ-কঠিন।
- গাখীৰৰ দৰে বগা = গাখীৰ-বগা।
উপমিত কৰ্মধাৰয় সমাস
উপমান আৰু উপমেয় পদৰ মাজত সাদৃশ্য কল্পনা কৰি সিদ্ধ হোৱা কৰ্মধাৰয় সমাসক উপমিত কৰ্মধাৰয় সমাস বোলে। উদাহৰণ–
- জীৱন নৈৰ তুল্য = জীৱননৈ।
- মুখ পদ্মৰ নিচিনা = পদ্মমুখ।
ৰূপক কৰ্মধাৰয় সমাস
উপমান আৰু উপমেয়ক অভেদ ৰূপে কল্পনা কৰি সিদ্ধ হোৱা কৰ্মধাৰয় সমাসক ৰূপক কৰ্মধাৰয় সমাস বোলে। উদাহৰণ -
- কাল ৰূপ চক্ৰ = কালচক্ৰ।
- মুখ ৰূপ চন্দ্ৰ = চন্দ্ৰমুখ।
তৎপুৰুষ সমাস
যি সমাসত দুটা ব্যস্ত পদৰ প্ৰথম পদটো প্ৰথম বিভক্তিৰ বাহিৰে আন বিভক্তিত থাকে আৰু এই বিভক্তি লোপ হৈ সমাস হয় তাকে তৎপুৰুষ সমাস বোলে। উদাহৰণ -
- মাতৃপূজা = মাতৃক পূজা।
- ৰাজসিংহাসন = ৰজাৰ সিংহাসন।
- অনুচিত = ন উচিত।
তৎপুৰুষ সমাস ছয়প্ৰকাৰৰ:
- দ্বিতীয়া তৎপুৰুষ
- তৃতীয়া তৎপুৰুষ
- চতুৰ্থী তৎপুৰুষ
- পঞ্চমী তৎপুৰুষ
- ষষ্ঠী তৎপুৰুষ আৰু
- সপ্তমী তৎপুৰুষ
দ্বিতীয়া তৎপুৰুষ
প্ৰথম ব্যস্ত পদৰ দ্বিতীয়া বিভক্তি লোপ হৈ সিদ্ধ হোৱা সমাসক দ্বিতীয় তৎপুৰুষ সমাস বোলা হয়। উদাহৰণ–
- মাতৃক পূজা = মাতৃপূজা।
- ভকতক সেৱা = ভকতসেৱা।
তৃতীয়া তৎপুৰুষ
ব্যস্ত পদ দুটাৰ প্ৰথমটো তৃতীয়া বিভক্তি লোপ হৈ সিদ্ধ হোৱা সমাসক তৃতীয়া তৎপুৰুষ সমাস বোলে। উদাহৰণ–
- মনেৰে সজা = মনেসজা।
- হাতেৰে বোৱা = হাতেবোৱা।
চতুৰ্থী তৎপুৰুষ
প্ৰথম ব্যস্ত পদৰ চতুৰ্থী বিভক্তি লোপ হৈ সিদ্ধ হোৱা সমাসক চতুৰ্থী তৎপুৰুষ সমাস বোলে। উদাহৰণ–
- ঈশ্বৰলৈ সেৱা = ঈশ্বৰসেৱা।
- গুৰুলৈ ভক্তি = গুৰুভক্তি।
পঞ্চমী তৎপুৰুষ
প্ৰথম ব্যস্ত পদ দুটাৰ প্ৰথমটোৰ পঞ্চমী বিভক্তি লোপ হৈ সিদ্ধ হোৱা সমাসক পঞ্চমী তৎপুৰুষ সমাস বোলে। উদাহৰণ–
- পদৰপৰা চ্যুত = পদচ্যুত।
- পাপৰপৰা মুক্ত = পাপমুক্ত।
ষষ্ঠী তৎপুৰুষ
প্ৰথম ব্যস্ত পদৰ ষষ্ঠী বিভক্তি লোপ হৈ হোৱা সমাসক ষষ্ঠী তৎপুৰুষ সমাস বোলে। উদাহৰণ–
- পিতৃৰ তুল্য = পিতৃতুল্য।
- পৰৰ অধীন = পৰাধীন।
সপ্তমী তৎপুৰুষ
ব্যস্ত পদৰ সপ্তমী বিভক্তি লোপ হৈ সিদ্ধ হোৱা সমাসক সপ্তমী তৎপুৰুষ সমাস বোলে। উদাহৰণ–
- খনিত জাত = খনিজাত।
- দিনত কণা = দিনকণা।
ওপৰত আলোচনা কৰা ছয়প্ৰকাৰৰ তৎপুৰুষ সমাসৰ উপৰি আৰু দুবিধ তৎপুৰুষ সমাস আছে। সেয়া হ'ল -
- উপপদ তৎপৰুষ সমাস
- নঞ্ তৎপুৰষ সমাস
উপপদ তৎপৰুষ সমাস
উপপদৰ সৈতে কৃদন্ত পদৰ সহযোগত সিদ্ধ হোৱা সমাসক উপপদ তৎপুৰুষ সমাস বোলে। উদাহৰণ–
- জলত চৰে যি = জলচৰ।
- পংকত জন্মে যি = পংকজ।
নঞ্ তৎপুৰষ সমাস
নিষেধ বা নঞ্ অৰ্থবোধক অব্যয়ৰ সৈতে বিশেষ্য বা বিশেষণ পদ লগলাগি সিদ্ধ হোৱা সমাসক নঞ্ তৎপুৰুষ সমাস বোলে। উদাহৰণ–
- ন ন্যায় = অন্যায়।
- ন উচিত = অনুচিত।
অব্যয়ীভাৱ সমাস
যি সমাসত অব্যয়ৰ অৰ্থ প্ৰধানৰূপে প্ৰতীয়মান হয় আৰু পূৰ্বপদত অব্যয় থাকে তাক অব্যয়ীভাব সমাস বোলে। উদাহৰণ -
- উপকূল = কূলৰ সমীপ।
- দুৰ্ভিক্ষ = ভিক্ষাৰ অভাৱ।
অব্যয়ীভাৱ সমাস তলত দিয়া ধৰণে বিভিন্ন অৰ্থত ভাগ কৰিব পাৰি -
অভাৱ অৰ্থত
- ধৰ্মৰ অভাৱ = অধৰ্ম।
- সুখৰ অভাৱ = অসুখ।
- ধনৰ অভাৱ = ধনহীন
- বিদ্যাৰ অভাৱ = বিদ্যাহীন
সমীপ্য অৰ্থত
- বনৰ সমীপ = উপবন।
- নদীৰ সমীপ = উপনদী
- গ্ৰহৰ সমীপ = উপগ্ৰহ
পৰ্যন্ত অৰ্থত
- জীৱন পৰ্যন্ত = আজীৱন।
- মৰণ পৰ্যন্ত = আমৰণ
- জানু পৰ্যন্ত = আজানু
- কণ্ঠ পৰ্যন্ত = আকণ্ঠ
- মুল পৰ্যন্ত = আমূল
বীপ্সা (পুনঃ পুনঃ) অৰ্থত
- দিনে দিনে = প্ৰতিদিনে।
- ঘৰে ঘৰে = প্ৰতিঘৰে।
- ক্ৰমে ক্ৰমে = অনুক্ৰমে
- ক্ষণে ক্ষণে = প্ৰতিক্ষণে
- জনেজনে = প্ৰতিজনে
সাদৃশ্য অৰ্থত
- দ্বীপৰ সদৃশ = উপদ্বীপ।
- মূৰ্তি সদৃশ = প্ৰতিমূৰ্তি।
- ৰূপৰ সদৃশ = প্ৰতিৰূপ
- ধ্বনিৰ সদৃশ = প্ৰতিধ্বনি
উলংঘন অৰ্থত
- শক্তিক অতিক্ৰম নকৰি = যথাশক্তি।
- বিধিক অতিক্ৰম নকৰি = যথাবিধি।
যোগ্য অৰ্থত
- ৰূপৰ যোগ্য = প্ৰতিৰূপ।
পশ্চাৎ অৰ্থত
- পাছত যায় যি = অনুচৰ।
বিপৰীত অৰ্থত
- ফলৰ বিপৰীত = প্ৰতিফল।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ সমাস
- ↑ সমাস
- ↑ November 2024 সমাস
- ↑ October 2025 সমাস আৰু ইয়াৰ প্ৰকাৰ
- ↑ November 2024 সমাস
- ↑ সমাস আৰু ইয়াৰ প্ৰকাৰ Dev Library Published 23-03-2021
- ↑ October 2025 সমাস আৰু ইয়াৰ প্ৰকাৰ
- ↑ October 2025 সমাস আৰু ইয়াৰ প্ৰকাৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমাস” প্ৰবন্ধৰ সংশোধন ৬১৫৮৮৮ (৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।