কোচি আন্তৰ্জাতিক কণ্টেইনাৰ ট্ৰান্সশ্বিপমেণ্ট টাৰ্মিনেল (ইংৰাজীঃ-Kochi International Container Transshipment Terminal (ICTT))), যি স্থানীয়ভাৱে ভাল্লাৰপাদম টাৰ্মিনেল নামেৰে জনাজাত, হৈছে ভাৰতৰ প্ৰথমটো ট্ৰান্সশ্বিপমেণ্ট টাৰ্মিনেল আৰু বিশেষ অৰ্থনৈতিক অঞ্চলত কাৰ্যক্ষম হোৱা প্ৰথমটো কণ্টেইনাৰ টাৰ্মিনেল।১২ এই টাৰ্মিনেলটো 'ডি পি ৱৰ্ল্ড' নামৰ প্ৰতিষ্ঠানটোৱে পৰিচালনা কৰে, যিয়ে ৩০ বছৰৰ বাবে ইয়াক পৰিচালনা কৰিব আৰু তাৰ পিছত ইয়াৰ পৰিচালনাৰ দায়িত্ব পুনৰ কচি পৰ্ট ট্ৰাষ্টলৈ ঘূৰি আহিব।৩
তিনিটা পৰ্যায়ত নিৰ্মাণ কৰি থকা এই টাৰ্মিনেলটোৰ প্ৰথমটো পৰ্যায় ২০১১ চনৰ ১১ ফেব্ৰুৱাৰীত বাৰ্ষিক এক নিযুত (১০ লাখ) টি ই ইউ লৈকে পণ্য সামগ্ৰী পৰিচালনা কৰাৰ ক্ষমতাসেৰে মুকলি কৰা হৈছিল। ৪২০২৩ চনৰ শেষৰফালে, ডি পি ৱৰ্ল্ডে নতুন ক্ৰেন, ই-আৰ টি জি সংযোজন কৰাৰ লগতে ইয়াৰ য়াৰ্ডৰ পৰিসৰ সম্প্ৰসাৰণ কৰে, যিয়ে ইয়াৰ মুঠ ক্ষমতা প্ৰতি বছৰে ১.৪ নিযুত (১৪ লাখ) টি ই ইউলৈ বৃদ্ধি কৰে।৫ তৃতীয়টো পৰ্যায় সম্পূৰ্ণ হোৱাৰ পিছত, এই টাৰ্মিনেলটোৱে প্ৰতি বছৰে ৫.৫ নিযুত (৫৫ লাখ) টি ই ইউ পণ্য সামগ্ৰী পৰিচালনা কৰিবলৈ সক্ষম হ’ব।৪
ইতিহাস
কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্ট টাৰ্মিনেল, কোচি প্ৰথমে ড° বাবু পল আই এ এছৰ মনলৈ আহিছিল, তেওঁ কে কৰুণাকৰনক এই প্ৰকল্পৰ প্ৰস্তাৱ দিছিল যদিও কেন্দ্ৰীয় চৰকাৰ এই প্ৰকল্পৰ প্ৰতি আগ্ৰহী নাছিল। ২০০৫ চনৰ ১৬ ফেব্ৰুৱাৰীত ডুবাই প’ৰ্টছ ৱৰ্ল্ডে ঘোষণা কৰে যে তেওঁলোকে কোচিন প’ৰ্ট ট্ৰাষ্ট (CoPT)ৰ সৈতে ভেলাৰপাডামত এটা আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্ট টাৰ্মিনেল (ICTT) – এটা ইণ্ডিয়া গেটৱে টাৰ্মিনেল – নিৰ্মাণ, বিকাশ আৰু পৰিচালনাৰ বাবে চুক্তিবদ্ধ হৈছে।
এই প্ৰকল্পটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে আধাৰশিলা স্থাপনৰ জৰিয়তে। এই চুক্তিৰ অনুমোদন ভাৰত চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ কেবিনেট কমিটি, বিত্ত মন্ত্ৰ্যালয়ে দিছিল আৰু ইফালে, ডি পি ৱৰ্ল্ডে পৰিচালনা কৰিব আৰু পৰৱৰ্তী সময়ত কোচিন বন্দৰৰ ৰাজীৱ গান্ধী কণ্টেইনাৰ টাৰ্মিনেলত নিজৰ কাম-কাজ সম্পূৰ্ণ হোৱাৰ পিছত নতুন টাৰ্মিনেললৈ হস্তান্তৰ কৰিব। ডি পি ৱৰ্ল্ডক এই স্থানৰ একচেটিয়া পৰিচালনা আৰু পৰিচালনাৰ বাবে ৩৮ বছৰৰ বাবে ৰেহাই দিয়া হৈছে।
সামগ্ৰিক অৱলোকন
ভাল্লাৰপাদম টাৰ্মিনেল হৈছে দেশৰ ভিতৰতে বিশেষ অৰ্থনৈতিক অঞ্চলত কাৰ্যক্ষম হোৱা প্ৰথমটো টাৰ্মিনেল।
- ৬০০ মিটাৰ ‘ঘাট’ দৈৰ্ঘ্য, ১৪.৫ মিটাৰ গভীৰতা আৰু ১০ লাখ টি ই ইউ পৰিচালনাৰ ক্ষমতাসেৰে ২০১১ চনত ইয়াৰ প্ৰথমটো পৰ্যায় মুকলি কৰা হৈছিল। ২০২৩ চনৰ অক্টোবৰ মাহত দুটা এছ টি এছ মেগামেক্স ক্ৰেনকে ধৰি ছটা নতুন ক্ৰেন অহাৰ পাছত টাৰ্মিনেলটোৰ ক্ষমতা ১৪ লাখ টি ই ইউলৈ বৃদ্ধি কৰা হয়।৬৭
- দ্বিতীয় পৰ্যায়ত ইয়াৰ ক্ষমতা ৩০ লাখ টি ই ইউলৈ বৃদ্ধি কৰা হ’ব।
- তৃতীয় পৰ্যায়ত এই টাৰ্মিনেলটোৱে আনকি ৫৫ লাখ টি ই ইউ পৰ্যন্ত পৰিচালনা কৰিব পাৰিব।
এই প্ৰকল্পটোৰ মুঠ ব্যয় প্ৰায় ৩,২০০ কোটি টকা বুলি অনুমান কৰা হৈছে।
ডি পি ৱৰ্ল্ডৰ মতে প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায় ২ কোটি মাৰ্কিন ডলাৰ বিনিয়োগৰ প্ৰয়োজন হ’ব, যাৰ ভিতৰত য়াৰ্ড পৰিচালনা, ট্ৰাকৰ সময় ৰাহি আৰু ঘাটিৰ কাৰ্যক্ষমতা উন্নত কৰিবলৈ টাৰ্মিনেলটোক তৎকালীনভাৱে চাৰিটা আৰ টি জি আৰু দুটা ম'বাইল হাৰ্বৰ ক্ৰেন যোগান ধৰাৰ ব্যৱস্থা অন্তৰ্ভুক্ত আছে।
গুৰুত্বপূৰ্ণ শোৰানূৰ-আৰ্নাকুলম ৰেলপথত ভাল্লাৰপাদম টাৰ্মিনেল আৰু ইদাপল্লী ৰেল ষ্টেচনৰ মাজত এখন ৰেল সংযোগ আছে।
কৌশলগতভাৱে, মূল পূব-পশ্চিম বিশ্বজনীন জাহাজ চলাচল পথত অৱস্থিত আৰু প্ৰায় ১৬ মিটাৰ গভীৰতা প্ৰদান কৰা কচি চহৰখন দক্ষিণ ভাৰতৰ মুখ্য প্ৰৱেশদ্বাৰ হিচাপে গঢ়ি উঠিবলৈ ধৰিছে, লগতে ভাৰতীয় বজাৰৰ বাবে পৰিবহণ কৰা কণ্টেইনাৰসমূহৰ বাবে শ্ৰীলংকা আৰু ছিংগাপুৰৰ এক বিকল্প পথ হিচাপে গঢ় লৈ উঠিছে।৮
অৱস্থান
কোচিৰ ভেলাৰপাডাম দ্বীপত অৱস্থিত এই টাৰ্মিনেলটো।

উদ্বোধন
২০১১ চনৰ ১১ ফেব্ৰুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে টাৰ্মিনেলটো উদ্বোধন কৰে।
লগতে চাওক
- ভেম্বনাদ দলং
- ৰাষ্ট্ৰীয় ঘাইপথ ৪৭চি (ভাৰত)
- অভ্যন্তৰীণ বন্দৰ
- কোচি এল এন জি টাৰ্মিনেল
- ভিজিনজাম আন্তঃৰাষ্ট্ৰীয় সাগৰীয় বন্দৰ তিৰুৱনন্তপুৰম
তথ্যসূত্ৰ
- ↑ (2016-02-08). DP World Kochi poised to grow its capacity. Gulf News
- ↑ (2016-02-17). Tenders for consultants for Colachel port by March. ইণ্ডিয়া টুডে
- ↑ (2011-02-06). PM to open Vallarpadam terminal on Feb 11. The New Indian Express
- ↑ (2011-02-11). PM inaugurates container terminal in Kerala. The New Indian Express
- ↑ Vallarpadam container terminal handles 73,636 TEUs in July, records 22% growth in April-July period. দ্য হিন্দু
- ↑ ICTT elevates excellence with mega max cranes. The New Indian Express
- ↑ Vallarpadam container terminal handles 73,636 TEUs in July, records 22% growth in April-July period. দ্য হিন্দু
- ↑ DP World awards Vallarpadam terminal civil works to Simplex. The Economic Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্ট টাৰ্মিনেল, কোচি” প্ৰবন্ধৰ সংশোধন ৬৩৮৩৫৪ (২৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।