শ্বিয়া ৰাজবংশ পৰম্পৰাগত চীনা বিশ্বাস অনুযায়ী প্ৰথম চীনা ৰান্জবংশ। লোক বিশ্বাস অনুযায়ী, পাঁচ সম্ৰাটৰ অন্তিম সম্ৰাট শ্বুনে মহান য়ুক সিংহাসন দিছিল, যাৰ পাছত তেওঁ শ্বিয়া ৰাজবংশৰ স্থাপনা কৰিছিল।১ পৰম্পৰাগত ইতিহাস লিখনত পোৱা যায় যে শ্বিয়া ৰাজবংশৰ পাছত শ্বাং ৰাজবংশই চীন শাসন কৰিছিল।
সাক্ষ্য
শ্বিয়া ৰাজবংশৰ সমকালীন কোনো উৎসতে এই ৰাজবংশৰ উল্লেখ পোৱা নাযায়। শ্বিয়া ৰাজবংশৰ উল্লেখ থকা আতাইতকৈ পুৰণি লেখ হ'ল শ্বাং ৰাজবংশৰ কালৰ অৰেকল ব'ন শিলালিপি, যি খ্ৰীষ্টপূৰ্ব ত্ৰয়োদশ শতিকাৰ। ই পোৱা যায় নতিপত্ৰৰ কিতাপৰ আতাইতকৈ পুৰণি অধ্যায়সমূহত। তাত পশ্চিম ঝৌ কালৰ বাণী লিপিবদ্ধ। পণ্ডিতসকলে মানি লয়, সাধাৰণতে, যে ই সেই কালৰে। বাণীসমূহে শ্বাং ৰাজবংশক ঝৌ বংশই ক্ষমতাচ্যুত কৰাক মান্যতা প্ৰদান কৰে, এই বুলি দাবী কৰি যে শ্বাংসকলেও শ্বিয়াসকলৰ পৰাহে শাসন লাভ কৰিছিল আৰু অনাদি কালৰ পৰা শাসন কৰি থকা নাছিল।২ ঝৌ ৰাজবংশৰ শাসনৰ আৰম্ভণিক স্বৰ্গৰ আদেশত হোৱা বুলি সেই বাণীত লিখা আছে। এই ৰাজনৈতিক দৰ্শন কনফুচিয়াছ ধৰ্মত পোৱা যায়। ৰাজপৰিয়ালৰ এই ক্ৰম বাঁহৰ বুৰঞ্জী তথা মহা বিৰঞ্জীবিদৰ নথিত অন্তৰ্ভুক্ত আৰু ই ঔপনিৱেশিক ইতিহাস লিখন আৰু মতাদৰ্শত স্বীকৃত।
কিছু পণ্ডিতে শ্বিয়াসকলক কাল্পনিক জ্ঞান কৰে, কিন্তু আন কিছু পণ্ডিতে ইয়েই এৰ্লিটৌ সংস্কৃতি বুলি দাবী কৰে।
কাল
পৰম্পৰাগত কালক্ৰমৰ আধাৰত কৰা গণনাৰে লিউ শ্বিনে দাবী কৰিছে যে শ্বিয়াসকলে খ্ৰীষ্টপূৰ্ব ২২০৫ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১৭৬৬ চনলৈ শাসন কৰিছিল। "বৰ্তমানৰ" বাঁহৰ বুৰঞ্জীৰ মতে, ই খ্ৰীষ্টপূৰ্ব ১৯৮৯ৰ পৰা খ্ৰীষ্টপূৰ্ব ১৫৫৮লৈকে শাসন কৰিছিল। এই গ্ৰন্থ আৰু মহাজাগতিক পৰিঘটনাৰ সময়ৰ গণনাৰ আধাৰত ডেভিড নিভিছনে দাবী কৰিছে যে শ্বিয়াসকলে খ্ৰীষ্টপূৰ্ব ১৯৫৩ৰ পৰা ১৫৫৫লৈকে শাসন কৰিছিল।৩৪৫ চীন চৰকাৰৰ শ্বিয়া-শ্বাং-ঝৌ প্ৰকল্পত (১৯৯৬ চনৰ) দাবী কৰা হৈছে যে এই ৰাজবংশই খ্ৰীষ্টপূৰ্ব ২০৭০ৰ পৰা খ্ৰীষ্টপূৰ্ব ১৬০০লৈকে শাসন কৰিছিল।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বিয়া ৰাজবংশ” প্ৰবন্ধৰ সংশোধন ৩৪১৮৭৬ (২ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।