অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

ধোলাভীড়া

ধোলাভীড়া (ધોળાવીરા) গুজৰাটৰ কচ্ছ জিলাত অৱস্থিত এক পুৰাতাত্বিক ক্ষেত্ৰ। ক্ষেত্ৰখনৰ নামটো ১ কি:মি: দূৰত্বত অৱস্থিত একে নামৰ গাঁওখনৰ পৰা লোৱা হৈছে। স্থানীয়ভাৱে কটাড়া টিম্বা নামেৰে জনাজাত ধোলাভীড়াত সিন্ধু সভ্যতাৰ নগৰৰ ভগ্নাৱশেষ আছে।

হালনাগাদ: ২৬ জুলাই ২০২৪ ৬০৮ শব্দ · ৩ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ধোলাভীড়া (ધોળાવીરા) গুজৰাটৰ কচ্ছ জিলাত অৱস্থিত এক পুৰাতাত্বিক ক্ষেত্ৰ। ক্ষেত্ৰখনৰ নামটো ১ কি:মি: দূৰত্বত অৱস্থিত একে নামৰ গাঁওখনৰ পৰা লোৱা হৈছে। স্থানীয়ভাৱে কটাড়া টিম্বা নামেৰে জনাজাত ধোলাভীড়াত সিন্ধু সভ্যতাৰ নগৰৰ ভগ্নাৱশেষ আছে।১ এই অঞ্চলটো সিন্ধু সভ্যতাৰ পাঁচখন বৃহত্তম ক্ষেত্ৰৰ অন্যতম আৰু ভাৰতত অৱস্থিত আটাইতকৈ গুৰুত্বপূৰ্ণ পুৰাতাত্বিক ক্ষেত্ৰসমূহৰ ভিতৰত এখন।২৩ বৰ্তমান ধ্বংসপ্ৰাপ্ত এই নগৰখনক সেই সময়ৰ এখন সৰ্বশ্ৰেষ্ঠ নগৰ হিচাপে গণ্য কৰা হয়।৪ ধোলাভীড়া কচ্ছৰ ৰাণ অঞ্চলৰ কচ্ছ মৰুভূমি বণ্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত খাদিৰ বেট দ্বীপত অৱস্থিত। এই ঐতিহাসিক চতুৰ্ভূজাকাৰ নগৰখন উত্তৰে মানচৰ আৰু দক্ষিণে মানহাৰ নামৰ দুটা সুঁতিৰ মাজত প্ৰায় ৪৭ হেক্টৰ (১২০ একৰ) অঞ্চল জুৰি বিস্তৃত হৈ আছে।৫ পূৰ্বতে অনুমান কৰা মতে এই ঠাইখণ্ডত খ্ৰী:পূ: ২৬৫০-ৰ পৰা খ্ৰী:পূ:১৪৫০-লৈকে মানৱ অধিকৃত নগৰ আছিল৬ যদিও শেহতীয়া গৱেষণা অনুযায়ী এই সময়সীমা খ্ৰী:পূ: ৩৫০০-ৰ পৰা (প্ৰাক হৰপ্পা) খ্ৰী:পূ:১৮০০ (শেষ হৰপ্পাৰ প্ৰথমভাগ) হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।৭

১৯৬৭-৬৮ চনত ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণৰ জে পি যোশীয়ে এই ঠাইখণ্ড আৱিষ্কাৰ কৰে। আকাৰৰ ভিত্তিত ই সিন্ধু সভ্যতা বা হৰপ্পা সভ্যতাৰ ৮খন প্ৰধান ক্ষেত্ৰৰ মাজত পঞ্চম। ১৯৯০ চনৰ পৰাই ধোলাভীড়াত ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণৰ দ্বাৰা খননকাৰ্য চলাই থকা হৈছে। ধোলাভীড়াই সিন্ধু সভ্যতাৰ বৈশিষ্ট্যত এক নতুন দিশ প্ৰদান কৰিছে বুলি সংস্থাটোৱে মত প্ৰকাশ কৰে৮ হৰপ্পা সভ্যতাৰ এতিয়ালৈকে আৱিষ্কৃত প্ৰধান ক্ষেত্ৰসমূহৰ ভিতৰত হৰপ্পা, মহেঞ্জোদাৰো, গনেৰিৱালা, ৰাখীগাঢ়ী, কালিবংগন, ৰূপনগৰ আৰু লোথালেই প্ৰধান।

২০২১ বৰ্ষৰ ২৭ জুলাই তাৰিখে ধোলাভীড়াক ইউনেস্ক'ৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাভুক্ত কৰে৷ ৯

সময়ৰেখা

ধোলাভীড়াৰ নক্সা
ধোলাভীড়াৰ নক্সাছবি: Nizil Shah · CC BY-SA 3.0
স্তৰৰ্খ্ৰীষ্টপূৰ্বযুগ
প্ৰথম স্তৰ২৬৫০-২৫৫০প্ৰাক হৰপ্পা – পূৰ্ণ হৰপ্পা পৰিৱৰ্তনৰ যুগ ক
দ্বিতীয় স্তৰ২৫৫০-২৫০০প্ৰাক হৰপ্পা – পূৰ্ণ হৰপ্পা পৰিৱৰ্তনৰ যুগ খ
তৃতীয় স্তৰ২৫০০-২২০০পূৰ্ণ হৰপ্পা ক
চতুৰ্থ স্তৰ২২০০-২০০০পূৰ্ণ হৰপ্পা খ
পঞ্চম স্তৰ২০০০-১৯০০পূৰ্ণ হৰপ্পা গ
১৯০০-১৮৫০পৰিত্যাগৰ যুগ
ষষ্ঠ স্তৰ১৮৫০-১৭৫০পৰৱৰ্তীকালীন নগৰীয়া হৰপ্পা ক
১৭৫০-১৬৫০পৰিত্যাগৰ যুগ
সপ্তম স্তৰ১৬৫০-১৪৫০পৰৱৰ্তীকালীন নগৰীয়া হৰপ্পা খ

শেহতীয়াকৈ গৱেষণাৰ পৰা পোৱা তথ্য অনুযায়ী প্ৰথম দুটা স্তৰক প্ৰাক-হৰপ্পান ধোলাভীড়াৰ সংস্কৃতি বুলি কোৱা হৈছে আৰু সময়ৰেখাডালক নতুনকৈ সজোৱা হৈছে।১০

স্তৰৰ্খ্ৰীষ্টপূৰ্ব
প্ৰথম স্তৰ৩৫০০-৩২০০
দ্বিতীয় স্তৰ৩২০০-২৬০০

খননকাৰ্য

১৯৮৯ চনত ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণে ধোলাভীড়াৰ খননকাৰ্য আৰম্ভ কৰে আৰু ১৯৯০ চনৰ পৰা ২০০৫ চনলৈকে ১৩টা ক্ষেত্ৰ খনন চলোৱা হয়।২ এই খননসমূহে প্ৰাচীন ভাৰতৰ নগৰ পৰিকল্পনা আৰু স্থাপত্যশৈলীক উন্মোচন কৰাৰ লগতে সোণ-ৰূপ, জন্তুৰ হাড় আৰু পোৰামাটিৰ অলংকাৰ, মাটি আৰু ব্ৰঞ্জৰ পাত্ৰ আদি সামগ্ৰী উদ্ধাৰ কৰে। পুৰাতত্ত্ববিদসকলৰ মতে এই অঞ্চলটো এক গুৰুত্বপূৰ্ণ বাণিজ্য কেন্দ্ৰ আছিল।১১১২

সভ্যতা আৰু সংস্কৃতি

স্থাপত্য আৰু অন্য কাৰুকাৰ্য

আনুমানিক বন্দৰ-নগৰী লোথালতকৈ পুৰণি১৩ ধোলাভীড়া চতুৰ্ভূজ আকৃতিৰ আৰু ই ২২ একৰ (৫৪ একৰ) জুৰি বিস্তৃত। এই অঞ্চলটো দীঘলে ৭৭.১ মিটাৰ (২,৫৩০ ফুট) আৰু বহলে ৬১৬.৮৫ মিটাৰ (২,০২৩.৮ ফুট)।৮ হৰপ্পা আৰু মহেঞ্জোদাৰোৰ স্থাপত্যশৈলীৰ বিপৰীতে ধোলাভীড়া এক পূৰ্ব-প্ৰতিষ্ঠিত জ্যমিত্যিক নক্সাৰ ওপৰত নিৰ্মিত। এই তিনিখলপীয়া নক্সাখন দুৰ্গ, মধ্যৱৰ্তী নগৰাঞ্চল আৰু নামনি নগৰাঞ্চলত ভাগ কৰা হৈছে।১৪ দুৰ্গ আৰু মধ্যৱৰ্তী নগৰাঞ্চলৰ নিজস্ব সুৰক্ষা ব্যৱস্থা, তোৰণ, ঘৰ-দুৱাৰ, বাটপথ, নাদ আৰু মুকলি ঠাই আছিল। দুৰ্গৰ এলেকাটোৱেই আছিল নগৰখনৰ আটাইতকৈ সুৰক্ষিত আৰু জটিল ঠাই৮ আৰু ই নগৰৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত আছিল। সুউচ্চ দুৰ্গটো দুতৰপীয়া প্ৰাচীৰেৰে ঘেৰা আছিল।১৫ ইয়াৰ পিছতে উচ্চপদস্থ বিষয়াসকলৰ আবাস আছিল আৰু এই অঞ্চলক কোৱা হৈছিল 'বেইলী'।১৬ সাধাৰণ সুৰক্ষা বেষ্টনীৰে আৱৰা অঞ্চলৰ মাটিকালি আছিল ৪৮ হেক্টৰ (১২০ একৰ)। ইয়াৰ উপৰিও বেষ্টনীৰ বাহিৰত অতিৰিক্ত কিছুমান স্থাপত্য থকা অঞ্চল আছিল যিবোৰ মূল নগৰৰ অবিচ্ছেদ্য অংগ আছিল। দেৱালৰ বাহিৰতো অন্য এক আবাসিক স্থল পোৱা গৈছে।৮ সিন্ধু সভ্যতাৰ অন্য নগৰসমূহৰ ইটাৰ গাঁঠনিৰ বিপৰীতে এই নগৰখনৰ প্ৰধান বৈশিষ্ট্য হৈছে শিলেৰে নিৰ্মিত ইয়াৰ অট্টালিকাসমূহ।১৭

জলাশয়

ধোলাভীড়াৰ খটখটীযুক্ত জলাশয়
ধোলাভীড়াৰ খটখটীযুক্ত জলাশয়ছবি: Rama's Arrow · CC BY-SA 3.0

ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণৰ মতে ধোলাভীড়াৰ হৰপ্পানসকলে বিকশিত কৰা জল সংৰক্ষণ, আহৰণ আৰু মজুতকৰণ পদ্ধতিয়ে খ্ৰীষ্টপূৰ্ব তৃতীয় সহস্ৰাব্দতে ব্যৱহৃত তেওঁলোকৰ উচ্চমানৰ জল সম্পৰ্কীয় আভিযান্ত্ৰিক প্ৰযুক্তিৰ কথাকে সূচায়।২ প্ৰাচীন বিশ্বৰ ভিতৰতে সম্পূৰ্ণকৈ শিলেৰে বন্ধা প্ৰথম জল মজুতকৰণৰ কৃত্ৰিম ব্যৱস্থা নগৰখনৰ অন্যতম বৈশিষ্ট্য।১৮১৯২০ নগৰখনৰ বৃহৎ চৌবাচ্চাসমূহৰ ভিতৰৰে প্ৰথমাৱস্থাত তিনিটা আৱিষ্কাৰ কৰা হয়।২১ এইকেইটা বৰষুণৰ১৯ অথবা কাষৰীয়া সুঁতি দুটাৰ পৰা বোৱাই অনা পানী সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।২২ কচ্ছৰ মৰুময় জলবায়ুৰ বাবে কেইবাবছৰো ধৰি বৰষুণ নোহোৱাৰ সম্ভাৱনাৰ কাৰণেই এই ব্যৱস্থা কৰা হৈছিল। মানচৰ আৰু মানহাৰ নামৰ সুঁতি দুটাতো মাজে-সময়ে বান্ধ দি পানী অনা হৈছিল। ১৯৯৮ চনত চতুৰ্থটো চৌবাচ্চা আৱিষ্কাৰ কৰা হৈছে।২৩ তৃতীয় স্তৰ অৰ্থাৎ ২৫০০-২২০০ খ্ৰীষ্টপূৰ্বৰ ভিতৰত ধোলাভীড়াৰ আবাসীসকলে অতি কমেও ১৬টা চৌবাচ্চা নিৰ্মাণ কৰিছিল।৬৮২৪ এইসমূহ শিলত পথালিকৈ কাটি উলিওৱা হৈছিল আৰু এইবোৰ প্ৰায় ৭ মিটাৰ (২৩ ফুট) গভীৰ আৰু ৭৯ মিটাৰ (২৫৯ ফুট) দীঘল আছিল। এই চৌবাচ্চাসমূহ মাটিৰ পৃষ্ঠৰ পৰা ওখ ঠাইত স্থাপন কৰা হৈছিল। এই ঠাইত পানী চৌবাচ্চালৈ বোৱাই আনিবলৈ ব্যৱহাৰ কৰা শিলৰ নলৰ সৈতে সংযোগী এটা বৃহৎ নাদো পোৱা গৈছে।১৯ স্নানাগাৰসমূহত তললৈ নামি যোৱা খটখটী আছিল।১৯ ২০১৪ চনৰ অক্টোবৰ মাহত ৭৩.৮ মিটাৰ দৈৰ্ঘ্য আৰু ১০ মিটাৰ গভীৰতাৰ এটা নাদৰ খনন কাৰ্য আৰম্ভ হয় আৰু এই নাদটো মহেঞ্জোদাৰোৰ বৃহৎ স্নানাগাৰটোতকৈ প্ৰায় তিনিগুণ ডাঙৰ।২৫

ছীল-মোহৰ

ধোলাভীড়াত উদ্ধাৰ হোৱা তৃতীয় স্তৰটোত নিৰ্মিত ছীল-মোহৰসমূহৰ কিছুমানত কেৱল জন্তুৰ প্ৰতিচ্ছবি পোৱা যায়। ইয়াত কোনোধৰণৰ চিহ্ন বা লিপি অংকিত নাই।

অন্যান্য স্থাপত্য আৰু সামগ্ৰী

পূবৰ প্ৰৱেশদ্বাৰ
পূবৰ প্ৰৱেশদ্বাৰছবি: Rahul Zota · CC BY-SA 4.0
উত্তৰৰ প্ৰৱেশদ্বাৰ
উত্তৰৰ প্ৰৱেশদ্বাৰছবি: Rahul Zota · CC BY-SA 4.0

ধোলাভীড়াত আৱিষ্কৃত এক ঘূৰণীয়া চকাৰ আকৃতিৰ স্থাপত্য এটাক সমাধি বা স্মাৰক বুলি ধাৰণা কৰা হৈছে। অৱশ্যে ইয়াত মানৱ কংকাল বা অন্য দেহাৱশেষ পোৱা হোৱা নাই। ১৯ পূবৰ প্ৰৱেশদ্বাৰত উত্থিত পুৰুষাংগ আৰু মূৰ তথা আঁঠুৰ তলছোৱা নথকা এক প্ৰতিমূৰ্তিৰ লগতে মাটিৰ পাত্ৰৰ টুকুৰা, টেৰাকোটাৰ ছীল-মোহৰ, খাৰু, আঙুঠি, মণি আৰু নক্সা খোদিত অন্যান্য সামগ্ৰী পোৱা গৈছে।১৯ ঠাইখণ্ডত আৱিষ্কৃত অৰ্ধগোলাকাৰ স্থাপত্য এটাৰ সৈতে বৌদ্ধস্তুপৰ সাদৃশ্য দেখা যায়।৮

ভাষা আৰু লিপি

হৰপ্পানসকলৰ কথিত ভাষা অজ্ঞাত আৰু এতিয়ালৈকে (২০২০) তেওঁলোকৰ লিপিৰ পাঠোদ্ধাৰ হোৱা নাই। সম্ভৱতঃ তেওঁলোকৰ প্ৰায় চাৰিশমান প্ৰধান চিহ্নৰ লগতে এইসমূহৰ ভিন্নতাও আছিল।২৬ এই চিহ্নসমূহ আখৰ বা উচ্চাৰণ দুয়োটাৰে হোৱাৰ সম্ভাৱনা দেখা যায়।২৬ বাক্যসমূহ সোঁফালৰ পৰা বাওঁফাললৈ লিখা হৈছিল।২৭ লেখাসমূহ ঘাইকৈ ছীল-মোহৰসমূহত পোৱা গৈছে। কিছু লেখনি তামৰ ফলি, ব্ৰঞ্জৰ পাত, পোৰামাটিৰ সামগ্ৰী, শিল, পাত্ৰ আদিতো পোৱা গৈছে। ছীলসমূহ বেহা-বেপাৰ তথা প্ৰশাসনিক কাম-কাজত ব্যৱহাৰ হৈছিল।২৮

উত্তৰৰ প্ৰৱেশদ্বাৰত পোৱা নামফলকত থকা সিন্ধু লিপিৰ দহটা আখৰ।
উত্তৰৰ প্ৰৱেশদ্বাৰত পোৱা নামফলকত থকা সিন্ধু লিপিৰ দহটা আখৰ।ছবি: Siyajkak · CC BY-SA 3.0

হৰপ্পানসকলে জিপছাম (খনিজ) ব্যৱহাৰ কৰি নামফলক লিখিছিল। ধোলাভীড়াৰ উত্তৰৰ প্ৰৱেশপথত উদ্ধাৰ হোৱা কাঠৰ নামফলকে এই কথাকে সূচায়।২৯ এসময়ত এই ফলক নষ্ট হয় যদিও আখৰৰ সজ্জাসমূহ থাকি যায়।৩০ উক্ত স্থানত উদ্ধাৰ হোৱা বালিশিলাত খোদিত লিপিক হৰপ্পা সভ্যতাৰ বালিশিলাত খোদিত লিপিৰ প্ৰথমটো উদাহৰণ হিচাপে গণ্য কৰা হয়।২

তথ্যসূত্ৰ

  1. ↑ Ruins on the Tropic of Cancer
  2. ↑ Subramanian, T. The rise and fall of a Harappan city. The Archaeology News Network
  3. ↑ Where does history begin?
  4. ↑ Kenoyer & Heuston, Jonathan Mark & Kimberley. (2005). The Ancient South Asian World. Oxford University Press. পৃ. 55. ISBN 9780195222432
  5. ↑ Centre, UNESCO World Heritage. Dholavira: A Harappan City - UNESCO World Heritage Centre. whc.unesco.org
  6. ↑ Possehl, Gregory L. The Indus Civilization: A Contemporary Perspective. Rowman Altamira. পৃ. 17. ISBN 9780759101722
  7. ↑ Sengupta, Torsa, et al. (2019)."Did the Harappan settlement of Dholavira (India) collapse during the onset of Meghalayan stage drought?" in Journal of Quaternary Science, First published: 26 December 2019
  8. ↑ Excavations-Dholavira. Archaeological Survey of India
  9. ↑ (27 July 2021). 'Long overdue': Indians celebrate as Dholavira gets UNESCO World Heritage tag. The Indian Express
  10. ↑ Sengupta, Torsa, et al. (2019)."Did the Harappan settlement of Dholavira (India) collapse during the onset of Meghalayan stage drought?"(Supplementary materials), in Journal of Quaternary Science, First published: 26 December 2019
  11. ↑ Aqua Dholavira - GUJARAT Magazine Archive . Archaeology.org. Retrieved on 2013-07-28
  12. ↑ McIntosh, Jane. The Ancient Indus Valley: New Perspectives. ABC-CLIO. পৃ. 177. ISBN 9781576079072
  13. ↑ Suman, Saket. When history meets development. TheStatesman
  14. ↑ McIntosh, Jane. The Ancient Indus Valley: New Perspectives. ABC-CLIO. পৃ. 174. ISBN 9781576079072
  15. ↑ McIntosh, Jane. The Ancient Indus Valley: New Perspectives. ABC-CLIO. পৃ. 224. ISBN 9781576079072
  16. ↑ McIntosh, Jane. The Ancient Indus Valley: New Perspectives. ABC-CLIO. পৃ. 226. ISBN 9781576079072
  17. ↑ Wheeler, Mortimer. The Indus Civilization: Supplementary Volume to the Cambridge History of India. CUP Archive. পৃ. 33. ISBN 9780521069588
  18. ↑ Singh, Upinder. (2008). A History of Ancient and Early Medieval India: From the Stone Age to the 12th Century. Pearson Education India. পৃ. 155 bottom. ISBN 978-813-17-1120-0
  19. ↑ (25 June 1997). Dholavira excavations throw light on Harappan civilisation. United News of India. Indian Express
  20. ↑ Centre, UNESCO World Heritage. Dholavira: A Harappan City - UNESCO World Heritage Centre. whc.unesco.org
  21. ↑ McIntosh, Jane. (2008). The Ancient Indus Valley: New Perspectives. ABC-CLIO. পৃ. 84. ISBN 978-157-60-7907-2
  22. ↑ Singh, Upinder. (2008). A History of Ancient and Early Medieval India: From the Stone Age to the 12th Century. Pearson Education India. পৃ. 155. ISBN 978-813-17-1120-0
  23. ↑ (25 April 1998). 'Oldest dam' found. Rediff.com
  24. ↑ Possehl, Gregory. (2004). The Indus Civilization: A contemporary perspective, New Delhi: Vistaar Publications,, p.69
  25. ↑ (8 October 2014). 5,000-year-old Harappan stepwell found in Kutch, bigger than Mohenjodaro's. The Times of India Mobile Site
  26. ↑ Parpola, Asko (2005) Study of the Indus Script. 50th ICES Tokyo Session
  27. ↑ Mahadevan, Iravatham. (Feb 4, 2007). Towards a scientific study of Indus Script. The Hindu
  28. ↑ Kenoyer, Jonathan Mark. Indus Cities, Towns, and Villages. American Institute of Pakistan Studies, Islamabad. 1998
  29. ↑ Kenoyer, Jonathan Mark. Ancient Cities of the Indus Valley Civilisation. Oxford University Press. 1998
  30. ↑ Possehl, Gregory. (2004). The Indus Civilization: A contemporary perspective, New Delhi: Vistaar Publications,, p.70

সম্পৰ্কিত শ্ৰেণী

সিন্ধু সভ্যতাভাৰতৰ পুৰাতাত্বিক ক্ষেত্ৰভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধোলাভীড়া” প্ৰবন্ধৰ সংশোধন ৪২৬৮৫৫ (২৬ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।