হেল্লাডিয়া (৫শ শতিকাত জীৱিত) এগৰাকী প্ৰাচীন ৰোমান মঞ্চ অভিনেত্ৰী আৰু নৃত্যশিল্পী আছিল।১২
তেওঁক পেণ্টোমাইম মঞ্চত এগৰাকী খ্যাতনামা অভিনেত্ৰী হিচাপে উল্লেখ কৰা হৈছিল। তেওঁক লৈ ৰচিত বিভিন্ন এপিগ্ৰামত৩৪ তেওঁৰ অভিনয় কৌশলৰ প্ৰশংসা কৰা হৈছে।৫ তেওঁ তেওঁৰ সময়ৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল। তেওঁৰ আটাইতকৈ প্ৰসিদ্ধ চৰিত্ৰসমূহৰ ভিতৰত অন্যতম আছিল ট্ৰোজান যুদ্ধৰ পুৰুষ নায়ক হেক্টৰ, যাৰ দ্বাৰা এই কথা প্ৰতিপন্ন হয় যে প্ৰাচীন যুগত মহিলাসকলে মঞ্চত পুৰুষ চৰিত্ৰো অভিনয় কৰিছিল।২৫
তেওঁক সেই হেল্লাডিয়া বুলি অনুমান কৰা হয় যিজনক এখন হাতীদাঁতৰ চিৰুনিৰ ওপৰত প্ৰতিচ্ছবি হিচাপে অঙ্কন কৰা হৈছিল, যি এতিয়া লুভ্ৰত সংৰক্ষিত আছে।৪৬
তথ্যসূত্ৰ
- Jan Sewell, Clare Smout, The Palgrave Handbook of the History of Women on Stage
তথ্যসূত্ৰ
- ↑ Duncan, Anne. (2019). The Roman Mimae: Female Performers in Ancient Rome. The Palgrave Handbook of the History of Women on Stage. Springer International Publishing. পৃ. 21–49. ISBN 978-3-030-23828-5
- ↑ Cosgrove, Charles H. (2022-12-01). Music at Social Meals in Greek and Roman Antiquity: From the Archaic Period to the Age of Augustine. Cambridge University Press. ISBN 978-1-009-20484-2
- ↑ Dunbabin, Katherine M. D. (January 2017). Athletes, acclamations, and imagery from the end of antiquity. Journal of Roman Archaeology. পৃ. 151–174
- ↑ Webb, Ruth. (2008). Demons and Dancers: Performance in Late Antiquity. Harvard University Press. ISBN 978-0-674-03192-0
- ↑ Smith, Steven D. (2019-05-16). Greek Epigram and Byzantine Culture: Gender, Desire, and Denial in the Age of Justinian. Cambridge University Press. ISBN 978-1-108-48023-9
- ↑ Sewell, Jan; Smout, Clare. (2020-04-29). The Palgrave Handbook of the History of Women on Stage. Springer Nature. ISBN 978-3-030-23828-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেল্লাডিয়া” প্ৰবন্ধৰ সংশোধন ৫০৩২০৯ (১১ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।