স্ফিংছক এতিয়ালৈকে মানৱ নিৰ্মিত অতিশয় বিশাল আৰু বৰ্তি থকা আটাইতকৈ পুৰণি এবিধ শিল্পকলা বুলি বিশ্বাস কৰা হয়। ৪৫০০ বছৰ পুৰণি শিল্পকলাটো ইজিপ্টৰ এক উল্লেখযোগ্য পিৰামিড গিজাৰ কাষত অৱস্থিত। এটুকুৰা চূণৰ পাথৰত মহান স্ফিংছৰ নক্সা কটা হৈছে আৰু পৃথিৱীৰ ভিতৰতে ই এবিধ বিশাল প্ৰতিমা। দীঘে ২৪০ ফুট (৭৩ মিটাৰ) আৰু ৬৬ ফুট (২০ মিটাৰ) উচ্চতাৰে বিশ্বৰ সকলোতকৈ ডাঙৰ স্মৃতিসৌধবোৰৰ ভিতৰতে এবিধ হৈ বৰ্তি আছে। মহান স্ফিংছক এতিয়ালৈকে মানৱ নিৰ্মিত অতিশয় বিশাল আৰু বৰ্তি থকা আটাইতকৈ পুৰণি এবিধ শিলৰ শিল্পকলা বুলি বিশ্বাস কৰা হয়। এই শিল্পকলা ইজিপ্তৰ পুৰণা সাম্ৰাজ্যৰ সময়ত ৰজা কাফৰেৰ বাবে নিৰ্মাণ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়। পৌৰাণিক কথা মতে স্ফিংছ হৈছে এটা সিংহৰ শৰীৰ আৰু এজন মানুহৰ শিৰৰ সৈতে এক সৃষ্টি আৰু প্ৰাচীন কালৰ পৰা এতিয়ালৈকে ই ইজিপ্টৰ এক চিহ্ন।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্ফিংছ” প্ৰবন্ধৰ সংশোধন ২৮১২৬০ (৮ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।