অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

বিষ্ণু ৰাভা স্মৃতি উদ্যান

বিষ্ণু ৰাভা স্মৃতি উদ্যান বা সমন্বয় ক্ষেত্ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিক্ষেত্ৰ। ২০০৫ চনত এই সমন্বয় ক্ষেত্ৰখন স্থাপিত হয়। বৰ্তমান এই ক্ষেত্ৰখন উদ্যানৰ দৰে সঁজাই তোলা হৈছে। তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিৰ দ্বাৰা এই উদ্যানখন পৰিচালিত।

হালনাগাদ: ২০ জুন ২০২১ ৮০ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

বিষ্ণু ৰাভা স্মৃতি উদ্যান বা সমন্বয় ক্ষেত্ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিক্ষেত্ৰ। ২০০৫ চনত এই সমন্বয় ক্ষেত্ৰখন স্থাপিত হয়। বৰ্তমান এই ক্ষেত্ৰখন উদ্যানৰ দৰে সঁজাই তোলা হৈছে। তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিৰ দ্বাৰা এই উদ্যানখন পৰিচালিত। ভৈৰৱী মন্দিৰৰ পৰা পূবলৈ আগুৱাই গ'লে চানমাৰি পাহাৰৰ কাষত থকা বেলটিকা শ্মশানত ১৯৬৯ চনৰ ২০ জুন তাৰিখে বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ অন্তিম সৎকাৰ কৰা হয়। বৰ্তমান এই শ্মশানখন কিছুদূৰ আঁতৰলৈ তুলি নিয়া হয়। ইয়াৰ সমীপতে আছে একালৰ নৰবলি পাহাৰ। এই অংশতে মৰাভৰলী সূঁতি আৰু ব্ৰহ্মপুত্ৰ নৈৰ সংযোগ ঘটিছে।১

বিষ্ণু ৰাভা স্মৃতি উদ্যানত "অ' অসমীয়া ডেকাদল"ৰ ভাষ্কৰ্য
বিষ্ণু ৰাভা স্মৃতি উদ্যানত "অ' অসমীয়া ডেকাদল"ৰ ভাষ্কৰ্যছবি: Deepraj · CC BY 2.5

তথ্যসূত্ৰ

  1. ↑ শান্তনু বৰুৱা. (২০১৫). তেজপুৰ, এখন চহৰ অনেক কাহিনী. ত্ৰিবাহু প্ৰকাশন গোষ্ঠী, তেজপুৰ. পৃ. ০৯

সম্পৰ্কিত শ্ৰেণী

তেজপুৰকীৰ্তিস্তম্ভ আৰু স্মাৰক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিষ্ণু ৰাভা স্মৃতি উদ্যান” প্ৰবন্ধৰ সংশোধন ২৮২৯৭৫ (২০ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।