নিধানু ৰাজবংশী ( Nidhanu Rajbongshi) ভাৰত ত্যাগ আন্দোলনৰ সময়ত বৃটিছে অন্যায়ভাবে আৰোপ কৰা কৰ দিবলৈ অস্বীকাৰ কৰাৰ অপৰাধত পুলিচৰ গুলীত শ্বহীদ হয়৷ মাত্ৰ ২৮ বছৰ বয়সীয়া নিধানুৱে বৃটিছে আৰোপ কৰা পাইকাৰী জৰিমনা আদায় নিদিয়াৰ ফলত মৃত্যুমুখত পৰিবলগীয়া হৈছিল৷ এৱেঁই অবিভক্ত গোৱালপাৰা জিলাৰ স্বাধীনতা আন্দোলনৰ একমাত্ৰ শ্বহীদ৷১
১৯৪২ চনত বৃটিছ চৰকাৰে গোৱালপাৰাৰ কৃষকৰ ওপৰত ৫ নৱেম্বৰৰ দিনা পাইকাৰী জৰিমনা আদায়ৰ দিন ধাৰ্য কৰিছিল৷ নিধানু ৰাজবংশীৰ ওপৰত ৮টকা জৰিমনা বিহা হৈছিল৷ নিধানুৱে ইয়াৰ প্ৰতিবাদ কৰি জৰিমনা আদায় নিদিয়াৰ সিদ্ধান্ত লয়৷ চৰকাৰে তেওঁৰ হালৰ গৰুহাল কাঢ়ি লয়৷ নিধানুৱে এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰি সশস্ত্ৰ বাহিনীৰ ওপৰত জঁপিয়াই পৰে৷ পৰিণতিত পুলিচৰ গুলীত তেওঁ বাগৰি পৰে৷ গুলীত আহত নিধানু ৰাজবংশীক পুলিচে বন্দুকৰ বয়নেটেৰে খুঁচি খুঁচি হত্যা কৰে৷২ তেওঁ গোৱালপাৰা জিলাৰ কাকিৰা গাঁৱৰ এজন সাধাৰণ কৃষক আছিল৷৩
তথ্যসূত্ৰ
- ↑ স্বাধীনতা দিৱস উপলক্ষে সাজু দেশ
- ↑ আজি গোৱালপাৰাৰ বৰবালাত শ্বহীদ নিধানুৰাম ৰাজবংশীৰ...
- ↑ কলিতা, ড° ৰমেশ চন্দ্ৰ. (২০০৬). অসমৰ কালানুক্ৰমিক ইতিহাস. অসম প্ৰকাশন পৰিষদ. পৃ. ১০৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিধানু ৰাজবংশী” প্ৰবন্ধৰ সংশোধন ৩৭৫২১৯ (২২ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।