অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

পাৰ্বত্য নিবাস

পাৰ্বত্য নিবাস (Hill station) বা শৈল নিবাস হʼল নিকটৱৰ্তী সমভূমি বা উপত্যকাতকৈ অধিক উচ্চতাত অৱস্থিত এখন পৰ্যটনমূলক চহৰ। পাৰ্বত্য নিবাস বা ইংৰাজী হিলষ্টেছন শব্দটো মূলতঃ ঔপনিৱেশিক এছিয়াত (বিশেষকৈ ভাৰতত) ব্যৱহৃত হৈছিল।

হালনাগাদ: ২৫ আগষ্ট ২০২৫ ১২৯ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

পাৰ্বত্য নিবাস (Hill station) বা শৈল নিবাস হʼল নিকটৱৰ্তী সমভূমি বা উপত্যকাতকৈ অধিক উচ্চতাত অৱস্থিত এখন পৰ্যটনমূলক চহৰ। পাৰ্বত্য নিবাস বা ইংৰাজী হিলষ্টেছন শব্দটো মূলতঃ ঔপনিৱেশিক এছিয়াত (বিশেষকৈ ভাৰতত) ব্যৱহৃত হৈছিল। কিন্তু গ্ৰীষ্মকালীন গৰমৰপৰা সকাহ পাবলৈ ইউৰোপীয় ঔপনিৱেশিকসকলে প্ৰতিষ্ঠা কৰা চহৰসমূহৰ বাবে এই শব্দটো আফ্ৰিকাতো (যদিও খুব কমেইহে) ব্যৱহৃত হৈছিল। ইতিহাসবিদ ডেন কেনেডীয়ে ভাৰতীয় প্ৰেক্ষাপটৰ বিষয়ে পৰ্যবেক্ষণ কৰা অনুসৰি, "হিলষ্টেছন (...)সমূহক একচেটিয়া ব্ৰিটিছ সংৰক্ষিত স্থান হিচাপে দেখা গৈছিল: ইয়াত ভাৰতীয় লোকসকলক বহিৰাগত হিচাপে উপস্থাপন কৰা সম্ভৱ আছিল।" ১২ বৰ্তমান সময়তো এই শব্দটো ব্যৱহাৰ কৰা হয়, বিশেষকৈ ভাৰতত। ভাৰতত সৰ্বাধিকসংখ্যক পাৰ্বত্য নিবাস আছে। এইবোৰৰ বেছিভাগেই প্ৰায় ১০০০ৰপৰা ২৫০০ মিটাৰ (৩,৩০০ৰপৰা ৮,২০০ ফুট) উচ্চতাত অৱস্থিত।

ইতিহাস

গ্ৰন্থপঞ্জী

তথ্যসূত্ৰ

  1. ↑ Kennedy, Dane. The Magic Mountains: Hill Stations and the British Raj. Berkeley: University of California Press, c1996 1996. | ark.cdlib.org/ark:/13030/ft396nb1sf/
  2. ↑ Hill Stations: Pinnacles of the Raj. southasia.ucla.edu

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰ্বত্য নিবাস” প্ৰবন্ধৰ সংশোধন ৫৩৪৯৩১ (২৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।