প্ৰাচীন হালিচ ( ancient Halych) হৈছে পশ্চিম ইউক্ৰেইনৰ হালিচ, ক্ৰাইলছ, শ্বেভচেনকোভে, বিলশ্বিভ্চি আৰু জালুকভা অঞ্চলত অৱস্থিত এটা ৰাষ্ট্ৰীয় স্থাপত্য-ঐতিহাসিক সংৰক্ষণ। এই স্থানত প্ৰাচীন হালিচ আৰু ইয়াৰ আশে-পাশে থকা একাদশ শতিকাৰ পৰা ১৭ শতিকাৰ ঐতিহাসিক অট্টালিকা আৰু কীৰ্তিচিহ্নসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ১৯৯৪ চনৰ ৮ ফেব্ৰুৱাৰীত এই সংৰক্ষণ স্থাপন কৰা হৈছিল।১
উল্লেখযোগ্য স্থাপত্য অট্টালিকা
ইউক্ৰেইনৰ কেইখনমান চহৰৰ ভিতৰত হালিচ অন্যতম য’ত কিইভ আৰু চেৰ্নিহিভৰ দৰে কিয়েভান ৰাছ যুগৰ স্থাপত্য কিছু পৰিমাণে সংৰক্ষিত হৈ আছে। সংৰক্ষিত অঞ্চলত ২০০ৰো অধিক স্থাপত্যৰ কীৰ্তিচিহ্ন আছে।১ সংৰক্ষিত অঞ্চলৰ সৈতে জড়িত মূল স্থাপত্য কীৰ্তিচিহ্ন আৰু সংগ্ৰহালয়সমূহ তলত উল্লেখ কৰা হৈছে।
হালিচ
- চাৰ্চ অৱ দ্য নেটিভিটি অৱ ক্ৰাইষ্ট (১৪–১৭ শতিকা)
- হালিচ দুৰ্গ (১৪–১৭ শতিকা)
- কাৰাইটে ইতিহাস আৰু সংস্কৃতিৰ সংগ্ৰহালয়, য’ত দহটা কাৰাইটে ঘৰ (২০ শতিকা) আৰু জালুকভা গাঁৱৰ এটা কবৰস্থান অন্তৰ্ভুক্ত
ক্ৰাইলছ
- প্ৰাচীন হালিচৰ অৱশিষ্ট (১১–১৩ শতিকা)
- ফাউণ্ডেচন অৱ এছাম্পচন কেথেড্ৰেল (দ্বাদশ শতিকা), লগতে ইয়াৰ'স্লাভ অচমোমিছলৰ সমাধি (দ্বাদশ শতিকা) আৰু ছেইণ্ট বেচিলছ চেপেল (১৫ শতিকা)
- ছেইন্ট এলিয়া গীৰ্জাৰ ভেটি (দ্বাদশ শতিকা)
- ক্নিয়াজৰ কুঁৱা (দ্বাদশ শতিকা)
- চাৰ্চ অৱ দ্য এছমপচন অৱ ব্লেছড ভাৰ্জিন মেৰী (১৬ শতিকা)
- হেলিচাইনা কবৰ
- ছেইণ্ট চাইৰিলছ চাৰ্চৰ প্ৰতিষ্ঠা (দ্বাদশ–ত্ৰয়োদশ শতিকা)
- প্ৰাচীৰ আৰু দুৰ্গৰ ব্যৱস্থা
- প্ৰাচীন হালিচৰ ইতিহাস সংগ্ৰহালয়
- কাৰ্পেথিয়ান অঞ্চলৰ লোক স্থাপত্য আৰু জীৱন সংগ্ৰহালয়
শ্বেভচেংকোভে
- ছেইণ্ট পেন্টালিয়ন চাৰ্চ (দ্বাদশ শতিকা)
বিলশ্বিভট্সি
- কাৰ্মেলাইট কেথেড্ৰেল আৰু মঠ কমপ্লেক্স (১৭ শতিকা)
সংৰক্ষণ
১৯৯৫–২০০২ চনৰ ভিতৰত প্ৰাচীন হালিচত পুনৰুদ্ধাৰৰ কাম কৰা হৈছিল।১২০২৩ চনৰ ৯ আগষ্টত ৰিজাৰ্ভে এটা দল গঠন কৰাৰ সিদ্ধান্ত লয় যিয়ে প্ৰাচীন হালিচক আংশিক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ দিশত কাম কৰিব।[২ ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ইউক্ৰেইনৰ চহৰ এছ'চিয়েচনে ইউক্ৰেইন চৰকাৰক অনুৰোধ কৰে যে ক্ৰাইলছৰ প্ৰিন্সলি হালিচ আৰু ছেইণ্ট পেন্টালিয়ন চাৰ্চৰ বসতি ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাৰ আংশিক তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰক।৩
তথ্যসূত্ৰ
- ↑ Національний заповідник "Давній Галич". Національний заповідник "Давній Галич"
- ↑ uk: Храм Святого Пантелеймона в Галичі кінця ХІІ ст.: дослідження та проблеми збереження. Національний заповідник "Давній Галич"
- ↑ Prokopchuk, Ihor. (2023-09-12). Крилоське городище та Храм Святого Пантелеймона в давньому Галичі хочуть внести до списку спадщини ЮНЕСКО. Versii
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাচীন হালিচ” প্ৰবন্ধৰ সংশোধন ৬৩৪৩৬২ (৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।