অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

শামলীৰ যুদ্ধ

শামলীৰ যুদ্ধ বা থানা ভৱনৰ যুদ্ধ হৈছে ১৮৫৭ চনৰ ১০ মে’ত ইমদাদুল্লাহ মুহাজিৰ মক্কীৰ বাহিনী আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হোৱা এক সংঘৰ্ষ। ই ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ অংশ আছিল।

হালনাগাদ: ১১ অক্টোবৰ ২০২৩ ১৪৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

শামলীৰ যুদ্ধ বা থানা ভৱনৰ যুদ্ধ হৈছে ১৮৫৭ চনৰ ১০ মে'’ত ইমদাদুল্লাহ মুহাজিৰ মক্কীৰ বাহিনী আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হোৱা এক সংঘৰ্ষ। ই ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ অংশ আছিল।

১৮৫৭ চনৰ ১০ মে’ত ইমদাদুল্লাহ মুহাজিৰ মক্কিৰ নেতৃত্বত স্থানীয় মুছলমানসকলে দিল্লীৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ নিলগত বৰ্তমানৰ উত্তৰ প্ৰদেশৰ শামলী জিলাৰ এখন সৰু চহৰ থানা ভৱনত একত্ৰিত হৈ ভাৰতত কোম্পানী শাসনৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰে। শামলী যুদ্ধ নামেৰে পৰিচিত হোৱা যুদ্ধত ধৰ্মগুৰুসকলে দিনটো জয় কৰি বেছিভাগেই শামলী জিলাত চৰকাৰ স্থাপন কৰে।১২ মহম্মদ কাছিম নানৌতৱী আছিল মুখ্য সেনাধ্যক্ষ আৰু ৰছিদ আহমদ গংগোহী ৰাজ্যখনৰ কাদী আছিল যদিও মহম্মদ জামিনক হত্যা কৰাৰ কিছু সময়ৰ পিছতে পৰিস্থিতি ইষ্ট ইণ্ডিয়া কোম্পানীৰ পক্ষত পৰিণত হয়। ইয়াৰ পিছতে ১৮৫৭ চনৰ বিদ্ৰোহৰ অন্যতম প্ৰধান নেতা বাহাদুৰ শ্বাহ জাফৰক গ্ৰেপ্তাৰ কৰা হয়। শামলী ইংৰাজৰ হাতত পৰিল, আৰু ইষ্ট ইণ্ডিয়া কোম্পানী সেনাই থানা ভৱন চহৰখন বহুলাংশে ধ্বংস কৰি পেলায়।৩

গ্ৰন্থতালিকা

  • নাজমুল হাছান থানৱী. ময়দান-ই-শামলী-ও-থানা ভৱন ঔৰ ছাৰ্ফৰোষণ-ই-ইছলাম. ইদাৰা তালিফাত-ই-আশ্ৰফিয়া

তথ্যসূত্ৰ

  1. ↑ Who led 1857's Battle of Shamli?
  2. ↑ Tablighi Jamaat: Faith vs Frenzy
  3. ↑ (November 2014). جنگ آزادی میں مولانا رشید احمد گنگوہی رحمۃ اللہ علیہ کا کردار

সম্পৰ্কিত শ্ৰেণী

সংঘৰ্ষযুদ্ধইতিহাসউত্তৰ প্ৰদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শামলীৰ যুদ্ধ” প্ৰবন্ধৰ সংশোধন ৩৮৭০৯৪ (১১ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।