ভাৰতীয় স্বাধীনতা আইন ১৯৪৭ (10 & 11 Geo. 6. c. 30) যুক্তৰাজ্যৰ সংসদত গৃহীত হোৱা এখন আইন, যিখন আইনে ব্ৰিটিছ ভাৰতক ভাৰত আৰু পাকিস্তান নামেৰে দুখন নতুন স্বাধীন অধিৰাজ্যত বিভক্ত কৰিছিল। ১৯৪৭ চনৰ ১৮ জুলাইত এই আইনখনে ৰাজকীয় সন্মতি লাভ কৰে আৰু এইদৰেই ১৫ আগষ্টত আধুনিক ভাৰত আৰু পাকিস্তান গঠন হয়।১
ভাৰতীয় জাতীয় কংগ্ৰেছ,২ মুছলিম লীগ,৩ আৰু শিখ সম্প্ৰদায়ৰ৪ বিধায়িনী দলৰ প্ৰতিনিধিসকলে তৎকালীন ভাইচৰয় আৰু ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড মাউণ্টবেটেনৰ সৈতে বুজাপৰা কৰে, ৩ জনৰ আঁচনি বা মাউণ্টবেটেনৰ আঁচনি বুলি জনা যায়।
প্ৰস্তাৱনা
এটলিৰ ঘোষণা
যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী ক্লেমেণ্ট এটলিয়ে ১৯৪৭ চনৰ ২০ ফেব্ৰুৱাৰীত ঘোষণা কৰে যে:
- ব্ৰিটিছ চৰকাৰে অতি কমেও ১৯৪৮ চনৰ ৩ জুন তাৰিখৰ ভিতৰত ব্ৰিটিছ ভাৰতক সম্পূৰ্ণ স্বশাসন প্ৰদান কৰিব,
- চূড়ান্ত হস্তান্তৰণৰ তাৰিখ নিৰ্ধাৰণ হোৱাৰ পিছত দেশীয় ৰাজ্যসমূহৰ ভৱিষ্যত নিৰ্ণয় কৰা হ'ব।৫
৩ জুনৰ আঁচনি
১৯৪৭ চনৰ ৩ জুনৰ আঁচনিক মাউণ্টবেটেন আঁচনি বুলিও কোৱা হয়। ব্ৰিটিছ চৰকাৰে ১৯৪৭ চনৰ ৩ জুনত এখন আঁচনি প্ৰস্তাৱ কৰিছিল, য’ত এই নীতিসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল:
- ব্ৰিটিছ ৰাজ বিভাজনৰ নীতি ব্ৰিটিছ চৰকাৰে মানি লৈছিল।
- উত্তৰসূৰী চৰকাৰসমূহক ডমিনিয়ন বা অধিৰাজ্যৰ মৰ্যাদা দিয়া হ’ব।
- দুয়োখন দেশে স্বায়ত্তশাসন আৰু সাৰ্বভৌমত্ব লাভ কৰিব।
- নিজৰ সংবিধান নিজে তৈয়াৰ কৰিব পাৰিব।
- ভৌগোলিক সংলগ্নতা আৰু জনসাধাৰণৰ ইচ্ছা- এই দুটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰি দেশীয় ৰাজ্যসমূহক ভাৰত বা পাকিস্তানত যোগদান কৰাৰ অধিকাৰ দিয়া হৈছিল (স্বাধীন হৈ থকাৰ কোনো বিকল্প নোহোৱাকৈ)।৬৭
দেশীয় ৰাজ্য
মূল প্ৰবন্ধ: দেশীয় ৰাজ্য (ব্ৰিটিছ ভাৰত)
১৯৪৭ চনৰ ২৫ জুলাইত মাউণ্টবেটেনে চেম্বাৰ অৱ প্ৰিঞ্চেছৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু দেশীয় ৰাজ্যৰ প্ৰসংগত চৰ্চা কৰে, যাৰ সংখ্যা আছিল ৫৬২ খন। ব্ৰিটেইন আৰু দেশীয় ৰাজ্যসমূহৰ মাজত সন্ধিৰ সম্পৰ্কৰ অন্ত পৰিব আৰু ১৫ আগষ্টত ১৯৪৭ চনত ব্ৰিটিছ মুকুটৰ আধিপত্য শেষ হ’ব। মাউণ্টবেটেনে কোনো দেশীয় ৰাজ্যৰ বাবে কোনো ধৰণৰ ডমিনিয়ন বা অধিৰাজ্য়ৰ মৰ্যাদা নুই কৰিছিল আৰু তেওঁলোকক ভাৰত বা পাকিস্তানত যোগদান কৰিবলৈ পৰামৰ্শ দিছিল। ১৫ আগষ্টৰ পিছত ৰাজ্যসমূহ স্বতন্ত্ৰ হৈ থকাটো কাৰিকৰীভাৱে সম্ভৱ আছিল যদিও প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা, যোগাযোগ আৰু অন্যান্য বিষয়ৰ বাবে ভাৰতৰ ব্ৰিটিছ চৰকাৰৰ ওপৰত নিৰ্ভৰশীলতাই এনে স্বাধীনতাক অৰ্থহীন কৰি তুলিছিল।৮
বাতিলকৰণ
ভাৰতীয় স্বাধীনতা আইন পৰৱৰ্তী সময়ত ভাৰতৰ সংবিধানৰ ৩৯৫ নং অনুচ্ছেদত আৰু ১৯৫৬ চনৰ পাকিস্তানৰ সংবিধানৰ ২২১ নং অনুচ্ছেদত বাতিল কৰা হয়,৯ দুয়োখন সংবিধানৰ উদ্দেশ্য আছিল নতুন ৰাজ্যসমূহৰ বাবে অধিক স্বাধীনতা প্ৰদান কৰা। যদিও ব্ৰিটিছ আইন অনুসৰি নতুন সংবিধানসমূহৰ আইনখন বাতিল কৰাৰ আইনী কৰ্তৃত্ব নাছিল, বাতিলৰ উদ্দেশ্য আছিল ইয়াক কেৱল ঘৰুৱা আইনসমূহৰ ওপৰত ভিত্তি কৰি স্বতন্ত্ৰ আইনী ব্যৱস্থাৰ ৰূপত প্ৰতিষ্ঠা কৰা।১০ যুক্তৰাজ্যত এই আইনখন বাতিল কৰা হোৱা নাই আৰু ই এতিয়াও কাৰ্যকৰী হৈ আছে, যদিও ইয়াৰ কিছুমান ধাৰা বাতিল কৰা হৈছে।
বাহ্যিক সংযোগ
- Indian Independence Bill,1947
- Indian Independence Act 1947 (c.30). Original Statute from The UK Statute Law Database. Office of Public Sector Information, National Archives, UK
- Indian Independence Act 1947 (c.30). Revised Statute from The UK Statute Law Database. Office of Public Sector Information, National Archives, UK
- Image of the Act on the UK Parliamentary website
তথ্যসূত্ৰ
- ↑ Hoshiar Singh, Pankaj Singh; Singh Hoshiar. (2011). Indian Administration. Pearson Education India. পৃ. 10. ISBN 978-81-317-6119-9
- ↑ represented by জৱাহৰলাল নেহৰু, বল্লভভাই পেটেল, and Acharya Kripalani
- ↑ represented by Muhammad Ali Jinnah, Liaqat Ali Khan, and Sardar Abdul Rab Nishtar
- ↑ represented by Sardar Baldev Singh
- ↑ Ghose, Sankar. (1993). Jawaharlal Nehru: a biography. Allied Publ. পৃ. 151. ISBN 9788170233695
- ↑ Zain, Omer Farooq. (April 2006). Siachen Glacier Conflict: Discordant in Pakistan-India Reconciliation. Pakistan Horizon. পৃ. 74–75
- ↑ Moeed Pirzada, "Kashmir, Gurdaspur & Mountbatten?", Global Village Space, 21 August 2020
- ↑ The history of partition
- ↑ "Article 221: The Government of India Act, 1935, and the Indian Independence Act, 1947, together with all enactments amending or supplementing those Acts, are hereby repealed: Provided that the repeal of the provisions of the Government of India Act, 1935, applicable for the purposes of Article 230 shall not take effect until the first day of April, 1957."
- ↑ Swaminathan, Shivprasad. (25 January 2013). India's benign constitutional revolution. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় স্বাধীনতা আইন ১৯৪৭” প্ৰবন্ধৰ সংশোধন ৪৩১৩০৯ (৮ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।