১৯৫৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন যোগে ২য় লোকসভাৰ সদস্যসকলক নিৰ্বাচিত কৰা হৈছিল। নিৰ্বাচন ২৪ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১৪ মাৰ্চৰ ভিতৰত অনুষ্ঠিত হৈছিল।১ First past the post ভোটিং পদ্ধতি ব্যৱহাৰ হোৱা এই নিৰ্বাচনত মুঠ লোকসভা সমষ্টি আছিল ৪০৩ টা আৰু আসনৰ সংখ্যা আছিল ৪৯৪খন। ৯১ টা সমষ্ঠিত ২জনকৈ আৰু ৩১২ টা সমষ্টিত এজনকৈ সদস্য নিৰ্বাচিত কৰা হৈছিল। প্ৰথম লোকসভাৰ দৰে ৩জনীয়া আসনৰ কোনো লোকসভাৰ সমষ্টি এইটো নিৰ্বাচনত নাছিল। পূৰ্বৱৰ্তী নিৰ্বাচনৰ তুলনাত এইটো নিৰ্বাচনত আসনৰ সংখ্যা ৫খন বৃদ্ধি পাইছিল।২ একাধিক আসনযুক্ত লোকসভাৰ সমষ্টিৰ ব্যৱস্থাটো পৰৱৰ্তী নিৰ্বাচনৰ পৰা বাতিল কৰা হৈছিল। জৱাহৰলাল নেহৰুৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে ৩৭১খন আসনেৰে সহজে বিজয় সাব্যস্ত কৰিছিল। প্ৰাপ্ত ভোটৰ শতাংশ ৪৫.০ ৰ পৰা ৪৭.৮লৈ বৃদ্ধি পাইছিল। কংগ্ৰেছে ২য় স্থানত থকা ভাৰতৰ কমিউনিষ্ট পাৰ্টিতকৈ প্ৰায় ৫গুণ ভোট বেছি পাইছিল। তাৰোপৰি ১৯.৩% ভোটেৰে ২য় লোকসভালৈ ৪২জন নিৰ্দলীয় সদস্য নিৰ্বাচিত হৈছিল; এই সংখ্যা বৰ্তমানলৈ অনুষ্ঠিত হোৱা যিকোনো ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ ভিতৰত সৰ্বাধিক।
প্ৰেক্ষাপট
হিন্দু ব্যক্তিগত আইন সংশোধনী আৰু ১৯৫৫ চনৰ বাণ্ডুং সন্মিলনৰ পৃষ্ঠভূমিত ভাৰতৰ ২য় সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই সময়চোৱা ভাৰতৰ বাবে অতিশয় জটিল আছিল। ভাষা বিবাদে দেশখন অস্থিৰ কৰি ৰাখিছিল আৰু ৰাজ্য পুনৰ্গঠন আয়োগ গঠন কৰা হৈছিল। এই সময়চোৱাতে উচ্চ শিক্ষা, বিশেষকৈ আই.আই.টি স্থাপন সম্পৰ্কীয় আঁচনি লোৱা হৈছিল, পঞ্চবাৰ্ষিক পৰিকল্পনাত গুৰুত্ব আৰোপ কৰা হৈছিল, বৃহৎ বান্ধ আৰু বৃহৎ প্ৰকল্প নিৰ্মাণৰ যো-যা চলোৱা হৈছিল। অপৰ্যাপ্ত উৎপাদনৰ বাবে খাদ্যৰ অনাতনে দেখা দিছিল। জৱাহৰলাল নেহৰুৱে কমিউনিষ্ট আৰু সমাজবাদীসকলৰ বাদেও নিজ দলৰে সোঁপন্থীসকলৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছিল। এনেবোৰ পৰিস্থিতিৰ মাজতো ২য় সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ খোপনি সুদৃঢ় হৈয়ে আছিল।১
নিৰ্বাচনত মাত্ৰ ৪৫গৰাকী মহিলাই প্ৰতিদ্বন্দিতা কৰিছিল আৰু ইয়াৰে ২২গৰাকীয়ে জয়লাভ কৰিছিল। অটল বিহাৰী বাজপায়ীয়ে প্ৰথমবাৰৰ বাবে জয়ী হৈছিল। ফিৰোজ গান্ধীয়ে ৰায়বেৰেলী সমষ্টিৰ পৰা পুনৰ্নিৰ্বাচিত হৈছিল। এই নিৰ্বাচনত জয়ী হৈ ভি কে কৃষ্ণমেনন বহিঃ পৰিক্ৰমা মন্ত্ৰী হৈছিল আৰু পৰৱৰ্তী সময়চোৱাত অতি প্ৰভাৱশালী ৰাজনীতিক হৈ পৰিছিল।১
ফলাফল
দলগত ফলাফল
| লোকসভা নিৰ্বাচন, ১৯৫৭ | % | আসন লাভ (মুঠ আসন ৪৯৪) | |
|---|---|---|---|
| ভাৰতীয় জনসংঘ | BJS | 5.97 | 4 |
| ভাৰতৰ কমিউনিষ্ট পাৰ্টি | CPI | 8.92 | 27 |
| ভাৰতীয় জাতীয় কংগ্ৰেছ | INC | 47.78 | 371 |
| প্ৰজা চোচিয়েলিষ্ট পাৰ্টি | PSP | 10.41 | 19 |
| অখিল ভাৰতীয় হিন্দু মহাসভা | ABHM | 0.86 | 1 |
| অখিল ভাৰতীয় ৰামৰাজ্য পৰিষদ | RRP | 0.38 | 0 |
| চোটা নাগপুৰ চাওতাল পৰগণা জনতা পাৰ্টি | CNSPJP | 0.42 | 3 |
| ফৰৱাৰ্ড ব্লক (মাৰ্ক্সবাদী) | AIFB | 0.55 | 2 |
| গণতন্ত্ৰ পৰিষদ | GP | 1.07 | 7 |
| ঝাৰখণ্ড পাৰ্টি | JKP | 0.62 | 6 |
| ভাৰতৰ কৃষক মজদুৰ পাৰ্টি | PWPI | 0.77 | 4 |
| পিপ’লচ্ ডেমোক্ৰেটিক ফ্ৰণ্ট (হায়দৰাবাদ) | 0.87 | 2 | |
| প্ৰজা পাৰ্টি | PP | 0.12 | 0 |
| বিপ্লৱী সমাজবাদী পাৰ্টি (ভাৰত) | RSP | 0.26 | 0 |
| চিডিউলড্ কাষ্ট ফেদাৰেচন | SCF | 1.69 | 6 |
| নিৰ্দলীয় | - | 19.32 | 42 |
| মনোনীত সদস্য (ইংগ ভাৰতীয়) | - | - | 2 |
তথ্যসূত্ৰ
- ↑ 2nd Lok Sabha Election
- ↑ General Election of India 1957, Second Lok Sabha. Election Commission of India. পৃ. 5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯৫৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন” প্ৰবন্ধৰ সংশোধন ২৭৮২৭৫ (২১ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।