উমচনিং বিধানসভা সমষ্টি (Umsning Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০০৮ চনৰ সংসদীয় আৰু বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে এই সমষ্টিটো গঠন কৰা হয় আৰু ২০১৩ চনত সমষ্টিটোত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।
এই সমষ্টিটো ৰি-ভোই জিলাৰ অন্তৰ্গত আৰু ই শ্বিলং লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি পিপলছ ডেম’ক্ৰেটিক ফ্ৰণ্টৰ চেলচেলষ্টাৰ খাৰবানিয়ে সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে (পাছলৈ দলটো নেছনেল পিপলছ পাৰ্টিৰ সৈতে চামিল হয়)।
ভৌগোলিক অৱস্থান আৰু সীমা
উমচনিং সমষ্টিটো মেঘালয়ৰ কেন্দ্ৰীয়-উত্তৰ ভাগত অৱস্থিত ৰি-ভোই জিলাৰ এক গুৰুত্বপূৰ্ণ সমষ্টি। ভাৰতীয় নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ আদেশ (২০০৮) অনুসৰি, উমচনিং উন্নয়ন খণ্ডৰ অন্তৰ্গত উমচনিং চহৰ, নয়াবংলা তথা কাষৰীয়া বহুসংখ্যক গাঁও আৰু গ্ৰাম্য এলেকা সাঙুৰি এই সমষ্টিটো গঠিত হৈছে।১
এই সমষ্টিৰ উত্তৰ দিশত ৯-নংপোহ সমষ্টি, পূব দিশত ৮-মাওহাটি সমষ্টি, পশ্চিম দিশত ১০-জিৰাং সমষ্টি আৰু দক্ষিণ দিশত ১২-উমৰোই সমষ্টি অৱস্থিত। গুৱাহাটী-শ্বিলং সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ (পূৰ্বৰ ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ) এই সমষ্টিৰ মাজেৰে পাৰ হৈ গৈছে। পাহাৰীয়া ভূমি, কৃষিক্ষেত্ৰ আৰু পাইন-পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্যৰে এই অঞ্চল পৰিপূৰ্ণ।
বিধানসভাৰ সদস্যসকল
| চন | বিজয়ী সদস্য | ৰাজনৈতিক দল | |
|---|---|---|---|
| ২০১৩ | ড° চেলেষ্টিন লিংডো | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১৮ | জেচন চাৱকমিয়ে মাওলোং | ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী | |
| ২০২৩ | চেলচেলষ্টাৰ খাৰবানি | পিপলছ ডেম’ক্ৰেটিক ফ্ৰণ্ট |
নিৰ্বাচনী ফলাফল
২০২৩ চনৰ বিধানসভা নিৰ্বাচন
২০২৩ চনৰ মেঘালয় বিধানসভা নিৰ্বাচনত পিপলছ ডেম’ক্ৰেটিক ফ্ৰণ্ট (মেঘালয়)ৰ প্ৰাৰ্থী চেলচেলষ্টাৰ খাৰবানিয়ে ১,১৪৯ টা ভোটৰ ব্যৱধানত ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থী চানচাহুং বাশ্ৰুক পৰাস্ত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হয়।২৩৪
২০১৮ চনৰ বিধানসভা নিৰ্বাচন
২০১৮ চনৰ সাধাৰণ বিধানসভা নিৰ্বাচনৰ ফলাফল তলত উল্লেখ কৰা হ’ল:৫৬
২০১৩ চনৰ বিধানসভা নিৰ্বাচন
২০১৩ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আছিল এনেধৰণৰ:৭
লগতে চাওক
- ৰি-ভোই জিলা
তথ্যসূত্ৰ
- ↑ Delimitation of Parliamentary and Assembly Constituencies Order, 2008. Election Commission of India. পৃ. 294–301
- ↑ Meghalaya General Legislative Election 2023. Election Commission of India
- ↑ (2 March 2023). Meghalaya election result 2023: Full list of winners constituency-wise. Hindustan Times
- ↑ (2 March 2023). Meghalaya Election Result 2023: Constituency-wise Full List of Winners. CNBC TV18
- ↑ Meghalaya General Legislative Election 2018. Election Commission of India
- ↑ (3 March 2018). Jason Sawkmie Mawlong winner in Umsning (ST), Meghalaya Assembly Elections 2018. LatestLY
- ↑ Election Commission of India- State Election, 2013 to the Legislative Assembly of Meghalaya. Chief Electoral Officer, Meghalaya
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উমচনিং বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৯৯ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।