অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

প্ৰসাৰ ভাৰতী

প্ৰসাৰ ভাৰতী (সংস্কৃত: प्रसार भारती, অৰ্থাৎ 'ভাৰতীয় কণ্ঠৰ প্ৰসাৰণ', আনুষ্ঠানিকভাৱে ইংৰাজীত ইণ্ডিয়ান ব্ৰডকাষ্টিং কৰ্পোৰেচন বুলি অনূদিত) হৈছে ভাৰতৰ ৰাজ্যিক মালিকানাধীন ৰাজহুৱা সম্প্ৰচাৰক। ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। ই সংসদৰ এক আইনৰদ্বাৰা গঠিত এটা সংবিধিবদ্ধ স্বায়ত্ত্বশাসিত সংস্থা।

হালনাগাদ: ৩ আগষ্ট ২০২৬ ৬২২ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

প্ৰসাৰ ভাৰতী (সংস্কৃত ভাষা: प्रसार भारती, অৰ্থাৎ 'ভাৰতীয় কণ্ঠৰ প্ৰসাৰণ', আনুষ্ঠানিকভাৱে ইংৰাজীত ইণ্ডিয়ান ব্ৰডকাষ্টিং কৰ্পোৰেচন বুলি অনূদিত) হৈছে ভাৰতৰ ৰাজ্যিক মালিকানাধীন ৰাজহুৱা সম্প্ৰচাৰক। ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। ই সংসদৰ এক আইনৰদ্বাৰা গঠিত এটা সংবিধিবদ্ধ স্বায়ত্ত্বশাসিত সংস্থা। এই সংস্থাটো দূৰদৰ্শন (টেলিভিছন সম্প্ৰচাৰক) আৰু আকাশবাণী (ৰেডিঅ' সম্প্ৰচাৰক) - এই দুয়োটাকে লৈ গঠিত। পূৰ্বতে এই দুয়োটা মাধ্যম তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ অধীনস্থ মিডিয়া গোট আছিল। ভাৰতীয় সংসদে স্বায়ত্ত্বশাসন প্ৰদান কৰাৰ উদ্দেশ্যে ১৯৯০ চনতে প্ৰসাৰ ভাৰতী আইন পাছ কৰিছিল, কিন্তু ১৯৯৭ চনৰ ১৫ ছেপ্টেম্বৰলৈকে ইয়াক কাৰ্যকৰী কৰা হোৱা নাছিল।১২

২০২০ চনৰ ফেব্ৰুৱাৰী মাহলৈকে কাৰ্যনিৰ্বাহ কৰা ড° এ. সূৰ্য প্ৰকাশৰ পিছত, ২০২৪ চনৰ মাৰ্চ মাহত নৱনীত কুমাৰ সেহগলে প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।৩ বৰ্তমান গৌৰৱ দ্বিবেদী প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) হিচাপে কৰ্মৰত। তেওঁ ২০২২ চনৰ জুন মাহলৈকে কাৰ্যনিৰ্বাহ কৰা শশী শেখৰ ভেম্পটিৰ উত্তৰাধিকাৰী হয়।

ৰয়টাৰ্ছ ইনষ্টিটিউট ডিজিটেল নিউজ ৰিপৰ্ট ২০২১-ত উল্লেখ কৰা হৈছে যে ডিডি নিউজ আৰু অল ইণ্ডিয়া ৰেডিঅ' হৈছে ভাৰতৰ আটাইতকৈ বিশ্বাসযোগ্য সংবাদ প্ৰতিষ্ঠান।৪

প্ৰসাৰ ভাৰতী আইন

প্ৰসাৰ ভাৰতী আইনে 'প্ৰসাৰ ভাৰতী' নামেৰে এটা সম্প্ৰচাৰ নিগম গঠনৰ ব্যৱস্থা কৰে আৰু ইয়াৰ গঠন, কাৰ্যাৱলী আৰু ক্ষমতা আদি নিৰ্ধাৰণ কৰে।৫ এই আইনে পূৰ্বতে সম্পূৰ্ণ চৰকাৰী নিয়ন্ত্ৰণত থকা অল ইণ্ডিয়া ৰেডিঅ' আৰু দূৰদৰ্শনক স্বায়ত্ত্বশাসন প্ৰদান কৰে।৫ সংসদত সৰ্বসন্মতিক্ৰমে গৃহীত হোৱাৰ পিছত ১৯৯০ চনৰ ১২ ছেপ্টেম্বৰত এই আইনে ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে। অৱশেষত ১৯৯৭ চনৰ নৱেম্বৰ মাহত ইয়াক কাৰ্যকৰী কৰা হয়। প্ৰসাৰ ভাৰতী আইনখন কাৰ্যকৰী হোৱাৰ লগে লগে আকাশবাণী আৰু দূৰদৰ্শন (টেলিভিছন)সংক্ৰান্তীয় সকলো সম্পত্তি, সম্পত্তিৰ অধিকাৰ, ঋণ, দায়বদ্ধতা, পাবলগীয়া ধনৰ লগতে এই দুই মাধ্যমৰ সৈতে জড়িত সকলো গোচৰ আৰু আইনী প্ৰক্ৰিয়া প্ৰসাৰ ভাৰতীলৈ হস্তান্তৰ কৰা হয়।

এই প্ৰতিষ্ঠানটোৰ আৰম্ভণি অল ইণ্ডিয়া ৰেডিঅ' (AIR) হিচাপে হৈছিল আৰু পিছলৈ টেলিভিছন সেৱা যোগান ধৰিবলৈ দূৰদৰ্শন (DD) অন্তৰ্ভুক্ত কৰি ইয়াৰ পৰিসৰ বৃদ্ধি কৰা হয়। অৱশেষত, সংসদৰ এক আইনৰ জৰিয়তে প্ৰসাৰ ভাৰতী (PB) প্ৰতিষ্ঠা কৰা হয়।১

গঠন

প্ৰসাৰ ভাৰতী আইনে নিগমৰ সাধাৰণ পৰিদৰ্শন, নিৰ্দেশনা আৰু পৰিচালনাৰ দায়িত্ব প্ৰসাৰ ভাৰতী ব'ৰ্ডৰ ওপৰত ন্যস্ত কৰিছে, যাৰ হাতত নিগমে প্ৰয়োগ কৰিব পৰা সকলো ক্ষমতা আৰু কাৰ্য সম্পাদন কৰাৰ অধিকাৰ থাকে।৫

প্ৰসাৰ ভাৰতী ব'ৰ্ড তলত উল্লেখ কৰা সদস্যসকলক লৈ গঠিত:

  • অধ্যক্ষ (Chairman)
  • এজন কাৰ্যবাহী সদস্য (Executive Member)
  • এজন সদস্য (বিত্ত)
  • এজন সদস্য (কৰ্মচাৰী/Personnel)
  • ছয়জন অংশকালীন সদস্য (Part-time Members)
  • মহাপৰিপালক (আকাশবাণী), পদেন (ex officio)
  • মহাপৰিপালক (দূৰদৰ্শন), পদেন (ex officio)
  • কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ এজন প্ৰতিনিধি (মন্ত্ৰ্যালয়ৰদ্বাৰা মনোনীত); আৰু
  • কৰ্মচাৰীসকলৰ দুজন প্ৰতিনিধি, যাৰ এজনক অভিযান্ত্ৰিক কৰ্মচাৰীসকলে নিজৰ মাজৰপৰা নিৰ্বাচিত কৰিব আৰু আনজনক বাকী কৰ্মচাৰীসকলে নিজৰ মাজৰপৰা নিৰ্বাচিত কৰিব।

পদেন সদস্য, মনোনীত সদস্য আৰু নিৰ্বাচিত সদস্যসকলৰ বাহিৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অধ্যক্ষ আৰু অন্যান্য সদস্যসকলক নিযুক্তি দিয়ে। প্ৰতি বছৰে অন্ততঃ তিনি মাহত এবাৰকৈ ব'ৰ্ডৰ বৈঠক অনুষ্ঠিত হোৱাটো বাধ্যতামূলক।৫

প্ৰসাৰ ভাৰতী ব'ৰ্ডৰ বৰ্তমানৰ সদস্যসকল

  • অধ্যক্ষ – প্ৰসূন যোশী ৬
  • মুখ্য কাৰ্যবাহী বিষয়া (CEO) – গৌৰৱ দ্বিবেদী
  • সদস্য (বিত্ত) – ৰাজীৱ ৰয়
  • সদস্য (কৰ্মচাৰী) – ৰাজীৱ ভাৰদ্বাজ

অংশকালীন সদস্যসকল

  • অতিৰিক্ত সচিব আৰু তথ্য ও সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ প্ৰতিনিধি – শ্ৰীমতী নীৰজা শেখৰ৭
  • পদেন সদস্য – খালী
  • অংশকালীন সদস্য – চাইনা এন.চি. (Shaina NC), আলোক আগৰৱাল, অশোক কুমাৰ টেণ্ডন, সঞ্জয় গুপ্তা৮
  • ৯ অধ্যক্ষগৰাকীক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।
  • সদস্য (কৰ্মচাৰী) – চিইঅ' গৌৰৱ দ্বিবেদীৰ হাতত অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে
  • পদেন সদস্য – খালী
  • মনোনীত সদস্য – ২খন আসন খালী

ৰণনীতিগত পদক্ষেপ (২০১৭ চনৰ পৰা)

২০২০ চনৰ মে' মাহত দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ'ই তেওঁলোকৰ প্ৰাইম টাইম নিউজ বুলেটিনত পাকিস্তান প্ৰশাসিত কাশ্মীৰৰ মীৰপুৰ, মুজাফফৰাবাদ আৰু গিলগিটৰ বতৰৰ প্ৰতিৱেদন সম্প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে। পাকিস্তানে এই পদক্ষেপক প্ৰত্যাখ্যান কৰি ইয়াক অঞ্চলটোৰ স্থিতি সলনি কৰাৰ উদ্দেশ্যে কৰা এক "আইনগতভাৱে অসাৰ" কাৰ্য বুলি অভিহিত কৰে।১০

ভাৰতত ৰাজহুৱা সম্প্ৰচাৰৰ সংস্কাৰ (২০১৭ চনৰ পৰা)

পুৰণি প্ৰযুক্তিসমূহৰ ঠাইত নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ২০১৭ চনৰপৰা সমগ্ৰ দেশতে ১,২০০ তকৈও অধিক পুৰণি এনালগ ট্ৰান্সমিটাৰ পৰ্যায়ক্ৰমে বন্ধ কৰা হৈছে আৰু ১৯টা স্থানত ২৩টা ডিজিটেল ট্ৰান্সমিটাৰ স্থাপন কৰা হৈছে।১১

অল ইণ্ডিয়া ৰেডিঅ'ৰ ৰূপান্তৰ (২০১৭ চনৰ পৰা)

অল ইণ্ডিয়া ৰেডিঅ' ষ্টেচনৰ সংখ্যা ২০১৭ চনৰ ৪১৩ টাৰপৰা ২০২১ চনত ৪৮৫ টালৈ বৃদ্ধি পায়। অল ইণ্ডিয়া ৰেডিঅ'ৰ এফএম (FM) ষ্টেচনসমূহে এতিয়া ভাৰতৰ জনসংখ্যাৰ ৭০ শতাংশ লোকৰ ওচৰ পাইছেগৈ।১২

২০১৭ চনৰপৰা ডিজিটেল বিকাশ

২০১৭ চনৰপৰা প্ৰসাৰ ভাৰতীয়ে ডিজিটেল-প্ৰথম (digital-first) দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যাৰ ফলত আশাপ্ৰদ ফলাফল লাভ কৰা গৈছে। ইয়াৰ ডিজিটেল নেটৱৰ্কত বৰ্তমান ৩০০ তকৈও অধিক এক্স (টুইটাৰ) হেণ্ডেল, ১৯০টা ইউটিউব চেনেল, একাধিক নিউজ ৱেবছাইট আৰু ২ মিলিয়নতকৈও অধিক ডাউনলোড হোৱা 'নিউজঅনএয়াৰ' (NewsOnAir) এপ অন্তৰ্ভুক্ত হৈছে। ২০১৭ চনৰপৰা ডিজিটেল নেটৱৰ্কৰ দৰ্শকৰ সংখ্যা ৬৬% বৃদ্ধি পাইছে।১৩ ডিজিটেল মাধ্যম এতিয়া প্ৰসাৰ ভাৰতীৰ সকলো কাৰ্যকলাপৰ এক অপৰিহাৰ্য অংশ হৈ পৰিছে, য’ত সমগ্ৰ নেটৱৰ্কত প্ৰতিদিনে ৮০০ তকৈও অধিক ডিজিটেল আপলোড কৰা হয়। ইয়াৰ ফলত ঘৰুৱাভাৱে প্ৰস্তুত কৰা সকলো বাতৰি আৰু অনা-বাতৰি সমল ডিজিটেল প্লেটফৰ্মত অন-ডিমাণ্ড উপভোগৰ বাবে উপলব্ধ হয়। নিউজঅনএয়াৰ এপে ৰেডিঅ' আৰু টিভি সম্প্ৰচাৰৰ ২৭০ টাতকৈও অধিক লাইভ ষ্ট্ৰীমিং আগবঢ়াই এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে।

২০১৭ চনৰপৰা ২০২২ চনৰ ভিতৰত প্ৰসাৰ ভাৰতীৰ ডিজিটেল প্লেটফৰ্মসমূহে অভূতপূৰ্ব বিকাশ লাভ কৰে, যাৰ ফলত ইয়াৰ বহুকেইটা ইউটিউব চেনেল 'মিলিয়ন ক্লাব' (দহ লাখ দৰ্শকৰ গোট) ত অন্তৰ্ভুক্ত হয় আৰু আন কেইবাটাও এই লক্ষ্যৰ ওচৰ চাপে। ইয়াৰ ফলত ইউটিউবৰ সৰ্বমুঠ গ্ৰাহকৰ (subscribers) সংখ্যা ২ কোটিতকৈও অধিক হৈছে। ২০২১ চনত দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ ১৮৫ টাতকৈও অধিক ইউটিউব চেনেলে সামূহিকভাৱে এশ কোটিতকয়েও অধিক ভিউজ লাভ কৰে, যাৰ সৰ্বমুঠ 'ৱাটচ টাইম' ৯৪ নিযুত ঘণ্টাত উপনীত হয়।১৪ ২০২১ চনত ডিডি নিউজ আৰু ডিডি নেচনেল দুয়োটাৰে ইউটিউব চেনেলে ৪০ লাখতকৈও অধিক গ্ৰাহকৰ সীমা অতিক্ৰম কৰে। প্ৰসাৰ ভাৰতীৰ নিউজঅনএয়াৰ এপৰ শ্ৰোতাৰ সংখ্যা ২১ কোটি ৪০ লাখতকৈও অধিক আছিল। ইয়াৰ উপৰি উত্তৰ-পূব ভাৰতৰ দুৰ্গম অঞ্চলসমূহত প্ৰসাৰ ভাৰতীৰ ডিজিটেল প্লেটফৰ্মসমূহে উল্লেখনীয় সফলতা অৰ্জন কৰে, য'ত সামূহিকভাৱে ইউটিউবত ২২০ নিযুততকৈও অধিক ভিউজ আৰু ১০ লাখতকৈও অধিক গ্ৰাহক লাভ কৰিবলৈ সক্ষম হয়।১৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Prasar Bharati Act, 1990
  2. ↑ Prasar Bharati. Prasar Bharati
  3. ↑ A Surya Prakash demits Prasar Bharati chairman's office after two terms. The Economic Times
  4. ↑ Digital News Report 2021. reutersinstitute
  5. ↑ The Prasar Bharati (Broadcasting Corporation of India) Act, 1990
  6. ↑ Prasar bharati board
  7. ↑ Ms Neerja Sekhar appointed as Additional Secretary of I&B. whispersinthecorridors
  8. ↑ Prasar Bharati gets 5 new board members. PTI
  9. ↑ (February 8, 2020). A Surya Prakash demits Prasar Bharati chairman's office after two terms. economictimes
  10. ↑ (8 May 2020). PoK weather forecasts will now be a regular feature on DD, AIR news bulletins. theprint
  11. ↑ Prasar Bharati to phase out analogue Terrestrial TV transmitters by March
  12. ↑ (26 April 2022). Prasar Bharti to close FY-21-22 with strong revenue growth of 13%. Oneindia
  13. ↑ (26 April 2022). Prasar Bharati set to close year with 13% growth. hindustantimes
  14. ↑ (31 December 2021). Prasar Bharati in 2021 – Digital/TV Viewership Highlights. PIB
  15. ↑ (21 September 2021). Northeast powers Prasar Bharati's Digital Growth. PIB

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰসাৰ ভাৰতী” প্ৰবন্ধৰ সংশোধন ৬২৩০০৮ (৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।