কমলা দেৱী হেৰিছ (Kamala Devi Harris; জন্ম: ২০ অক্টোবৰ, ১৯৬৪) এগৰাকি আমেৰিকাৰ ৰাজনীতিবিদ আৰু অধিবক্তা। তেওঁ ২০১৭ চনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত জুনিয়ৰ চিনেটৰ হিচাপে কাম কৰিছিল। তেওঁ ২০২০ চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত উপ-ৰাষ্ট্ৰপতি পদত ডেমক্ৰেটিক দলৰ প্ৰাৰ্থী ৰূপে মনোনীত হৈছে।
কেলিফৰ্ণিয়াৰ অ'কলেণ্ডত জন্মগ্ৰহণ কৰা, হেৰিছে হাৱাৰ্ড বিশ্ববিদ্যালয় আৰু কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ হেষ্টিংছ কলেজ অফ দ্য লৰ পৰা শিক্ষাগ্ৰহণ কৰে। তেওঁ প্ৰথমে আলমেদা কাউণ্টী জিলা অধিবক্তাৰ কাৰ্যালয়ত আৰু চান ফ্ৰান্সিস্কো চহৰ অধিবক্তাৰ কাৰ্যালয়ত কাম কৰে। ২০০৩ চনত তেওঁ চান ফ্ৰান্সিস্কোৰ জিলা অধিবক্তা ৰূপে নিৰ্বাচিত হয়। তেওঁ ২০১০ চনত কেলিফৰ্ণিয়াৰ এটৰ্নি জেনেৰেল ৰূপে নিৰ্বাচিত হয় আৰু ২০১৪ চনত একেটা পদতে পুনৰ নিৰ্বাচিত হৈছিল। ২০২১ চনৰ পৰা ২০২৪ চনলৈ উপ-ৰাষ্টপতি।
তেওঁ ২০১৬ চনৰ চেনেট নিৰ্বাচনত লৰেটা চানচেজক পৰাভূত কৰি দ্বিতীয় গৰাকী আফ্ৰিকা আৰু ভাৰতিয় মূলৰ আমেৰিকাৰ মহিলা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেনেটত কাম কৰা প্ৰথম গৰাকী দক্ষিণ এছিয়া মূলৰ আমেৰিকাৰ মহিলা।১২ এজন চেনেটৰ হিচাপে তেওঁ স্বাস্থ্যসেৱাৰ সংস্কাৰ, কেনেবিছক ফেডেৰেল অনুসূচীৰ পৰা আঁতৰ কৰা, অনথিপত্ৰিত অনুপ্ৰৱেশকাৰীসকলৰ বাবে নাগৰীকত্বৰ পথ, দ্য ড্ৰীম এক্ট, আক্ৰমণ-অস্ত্ৰৰ ওপৰত নিষেদ্ধাজ্ঞা, আৰু প্ৰগতিশীল কৰ সংস্কাৰৰ বাবে ওকালতি কৰিছিল। তেওঁ চেনেটৰ ৰূপে কৰ্মৰত অৱস্থাত ট্ৰাম্প প্ৰশাসনৰ বিষয়াসকলক কৰা তীক্ষ্ণ প্ৰশ্নৰ বাবে এক ৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয়তা লাভ কৰিছিল।৩
হেৰিছে প্ৰথমে ২০২০ চনৰ ডেমক্ৰেটিক দলৰ ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থীৰ মনোনয়নৰ বাবে প্ৰচাৰ অভিযান চলাইছিল আৰু ৩ ডিচেম্বৰ ২০১৯ত তেওঁ এই অভিযান সমাপ্ত কৰাৰ আগতে ৰাষ্ট্ৰীয় পৰ্যায়ত মনোযোগ আকৰ্ষণ কৰিব সক্ষম হয়।৪ ২০২০ চনৰ ১১ আগষ্টত তেওঁক পূৰ্বৰ উপ-ৰাষ্ট্ৰপতি আৰু ২০২০ চনৰ নিৰ্বাচনৰ ৰাষ্ট্ৰপতি পদৰ ডেমক্ৰেটিক দলৰ প্ৰাৰ্থী জ' বাইডেনৰ সহযোগী উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰূপে মনোনীত কৰা হয়। তেওঁ প্ৰথম গৰাকী আফ্ৰিকা মূলৰ, প্ৰথম গৰাকী দক্ষিণ এছিয়া মূলৰ আমেৰিকান, আৰু মুখ্য পাৰ্টি টিকট লাভ কৰা তৃতীয় গৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী।৫৬৭
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৬৪ চনৰ ২০ অক্টোবৰত কেলিফৰ্ণিয়াৰ অ'কলেণ্ডত কমলা হেৰিছৰ জন্ম হয়।৮ তেওঁৰ মাতৃ শ্যামলা গোপালন এগৰাকী জীৱবিজ্ঞানী যি ১৯৫৮ চনত ১৯ বছৰ বয়সৰ বাৰ্কলিৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পুষ্টি আৰু এণ্ডোক্ৰাইনোলজিৰ শিক্ষাৰ্থী হিচাপে ভাৰতৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আহিছিল।৯১০ ১৯৬৪ চনত তেওঁ পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল,১১ লগতে তেখেতে কৰা প্ৰজেষ্টেৰোন ৰিচেপ্টৰ জিনৰ কামে স্তনৰ কৰ্কট ৰোগৰ গৱেষণাত কামত সহায় কৰিছিল।১২ তেওঁৰ পিতৃ ডনাল্ড জে হেৰিছ হৈছে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ বিভাগৰ এজন অধ্যাপক, যি ১৯৬১ চনত বাৰ্কলিৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত অধ্যয়নৰ বাবে ব্ৰিটিছ জামাইকাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আহিছিল আৰু ১৯৬৬ চনত পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল।১৩১৪
তেওঁৰ সৰু ভনীয়েক মায়াৰ সৈতে, হেৰিছে কেলিফৰ্ণিয়াৰ বাৰ্কলিত বাস কৰিছিল।১৫১৬ কিছুসময়ৰ বাবে মধ্য বাৰ্কলিৰ মিলভিয়া ষ্ট্ৰীটত, তাৰ পিছত পশ্চিম বাৰ্কলিৰ বেনক্ৰফ্ট ৱেৰৰ এটা ডুপ্লেক্সত বাস কৰিছিল। এই অঞ্চলটোক প্ৰায়ে "ফ্লেটলেণ্ড"১৭ বুলি কোৱা হয় আৰু ইয়াত যথেষ্টসংখ্যক কৃষ্ণাঙ্গ লোকে বাস কৰে।১৮
তথ্যসূত্ৰ
- ↑ Kamala D. Harris: US Senator from California. United States Senate
- ↑ Weinberg, Tessa; Palaniappan, Sruthi. (December 3, 2019). Kamala Harris: Everything you need to know about the 2020 presidential candidate. ABC News
- ↑ Viser, Matt. (January 21, 2019). Kamala Harris enters 2020 Presidential Race. The Washington Post
- ↑ Herndon, Astead; Goldmacher, Shane. (December 3, 2019). Kamala Harris Is Dropping Out of 2020 Race. The New York Times
- ↑ Zeleny, Jeff; Merica, Dan; Saenz, Arlette. (August 11, 2020). Joe Biden picks Kamala Harris as his running mate. CNN
- ↑ (August 11, 2020). Joe Biden selects California Sen. Kamala Harris as running mate. tampabay.com. Associated Press
- ↑ Stafford, Kat. (August 12, 2020). Kamala Harris' selection as VP resonates with Black women. Associated Press
- ↑ Kim, Catherin; Stanton, Zack. (August 11, 2020). 55 Things You Need to Know About Kamala Harris. Politico
- ↑ Travernise, Sabrina. (August 15, 2020). Kamala Harris, Daughter of Immigrants, Is the Face of America's Demographic Shift. New York Times
- ↑ Bengali, Shashank; Mason, Melanie. (October 25, 2019). The progressive Indian grandfather who inspired Kamala Harris. Los Angeles Times
- ↑ Biswas, Soutik. (August 11, 2020). Biden's VP pick: Why Kamala Harris embraces her biracial roots. BBC
- ↑ (June 21, 2009). In Memoriam: Dr. Shyamala G. Harris. Breast Cancer Action
- ↑ (December 2, 2010). PM Golding congratulates Kamala Harris-daughter of Jamaican – on appointment as California's First Woman Attorney General. Jamaican Information Service
- ↑ Stanford University – Department of Economics. web.stanford.edu
- ↑ Horwitz, Sari. (February 27, 2012). Justice Dept. lawyer Tony West to take over as acting associate attorney general. The Washington Post
- ↑ Martinez, Michael. (October 23, 2010). A 'female Obama' seeks California attorney general post. CNN
- ↑ Orenstein, Natalie. (January 24, 2019). Did Kamala Harris' Berkeley childhood shape the presidential hopeful? Long before she was a 2020 presidential contender, Kamala Harris was a resident of the Berkeley flats and a student at Thousand Oaks.. Berkeleyside
- ↑ Dale, Daniel. (June 29, 2019). Fact check: Kamala Harris was correct on integration in Berkeley, school district confirms. CNN
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলা হেৰিছ” প্ৰবন্ধৰ সংশোধন ৪৪৩৪৫৬ (৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।