অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

১৯৬২ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৬২ তৃতীয় লোকসভা গঠনৰ উদ্দেশ্যে ১৯৬২ চনৰ ১৯ ফেব্ৰুৱাৰীৰৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল। পূৰ্বৱৰ্তী নিৰ্বাচনৰ দৰে এইটো নিৰ্বাচনত কোনো লোকসভা সমষ্টিতে দুজনকৈ সাংসদ নিৰ্বাচন কৰা হোৱা নাছিল।

হালনাগাদ: ১০ মে’ ২০২৫ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৬২ তৃতীয় লোকসভা গঠনৰ উদ্দেশ্যে ১৯৬২ চনৰ ১৯ ফেব্ৰুৱাৰীৰৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল। পূৰ্বৱৰ্তী নিৰ্বাচনৰ দৰে এইটো নিৰ্বাচনত কোনো লোকসভা সমষ্টিতে দুজনকৈ সাংসদ নিৰ্বাচন কৰা হোৱা নাছিল। এই নিৰ্বাচনটোকে ধৰি পিছলৈ সকলো সাধাৰণ নিৰ্বাচনত এটা সমষ্টিত একোজনকৈ সাংসদ নিৰ্বাচন কৰা পদ্ধতি প্ৰচলিত হৈছিল। ইয়াৰ আগৰ দুটা নিৰ্বাচনত ৯১টাকৈ লোকসভা সমষ্টিত দুজনকৈ সাংসদ নিৰ্বাচন কৰা হৈছিল। ভাৰতৰ ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৪৯৪টা সমষ্টিৰ আটাইকেইটাতে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।১

জৱাহৰলাল নেহৰুৱে তৃতীয় আৰু জীৱনৰ শেষ নিৰ্বাচনটোত আগৰ দুটাৰ দৰে প্ৰভুত বিজয় লাভ কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছে ৪৪.৭% ভোটেৰে ৩৬১খন আসন লাভ কৰিছিল। অৱশ্যে এই সংখ্যা পূৰ্বৱৰ্তী নিৰ্বাচন দুটাৰ তুলনাত সামান্য কম আছিল যদিও লোকসভাৰ ৭০% আসন লাভ কৰিবলৈ সক্ষম হৈছিল। ৯.৯৪ শতাংশ ভোটৰে ২৯খন আসন পাই ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে দ্বিতীয় স্থান লাভ কৰিছিল। একে বছৰৰে জবৱাহৰলাল নেহৰুৰ প্ৰধান মন্ত্ৰিত্বত ২ এপ্ৰিলত তৃতীয় লোকসভা গঠন কৰা হৈছিল।২

প্ৰেক্ষাপট

দুটাকৈ সফল কাৰ্যকাল শেষ কৰা নেহৰু চৰকাৰ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল। ইতিমধ্যে পাকিস্তান আৰু চীনৰ সৈতে দুখনকৈ যুদ্ধত ভাৰত লিপ্ত হ'বলগীয়া হৈছিল। চীনৰ সৈতে শোচনীয় পৰাজয় বৰণ কৰা নেহৰু চৰকাৰৰ সামৰিক দিশটোৰ দুৰ্বলতাৰ বাবে যথেষ্ট সমালোচিত হৈছিল আৰু যাৰবাবে প্ৰতিৰক্ষা মন্ত্ৰী কৃষ্ণ মেননক অপসাৰণো কৰা হৈছিল। অৰ্থনৈতিক সংকট, নিবনুৱা সমস্যা, টকাৰ অৱমূল্যায়ন, দাৰিদ্ৰ, মিজো বিদ্ৰাহ, দুৰ্ভিক্ষ আদি বিভিন্ন সমস্যাই চৰকাৰখনক জুৰুলা কৰিছিল।২

ফলাফল

দলগত ফলাফল

লোকসভা নিৰ্বাচন, ১৯৬২%বিজয়ী (মুঠ ৪৯৪)
ভাৰতীয় জন সংঘBJS6.4414
ভাৰতৰ কমিউনিষ্ট পাৰ্টিCPI9.9429
ভাৰতীয় জাতীয় কংগ্ৰেছINC44.72361
প্ৰজা ছোচিয়েলিষ্ট পাৰ্টিPSP6.8112
ছোচিয়েলিষ্ট পাৰ্টি (ভাৰত)SSP2.696
স্বতন্ত্ৰ পাৰ্টিSP7.8918
আকালি দলAD0.723
অখিল ভাৰতীয় হিন্দু মহাসভাABHM0.651
অখিল ভাৰতীয় ৰামৰাজ্য পৰিষদRRP0.62
অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকAIFB0.722
অল পাৰ্টি হিল লিডাৰচ্ কনফাৰেঞ্চAPHLC0.081
ছোটা নাগপুৰ সান্থাল পৰগনাজ্ জনতা পাৰ্টিCNSPJP0.413
দ্ৰাবিড়া মুন্নেত্ৰা কাজাগমDMK2.017
গণতন্ত্ৰ পৰিষদGP0.34
ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগIUML0.362
পিজেণ্টচ্ এণ্ড ৱৰ্কাৰচ্ পাৰ্টি অৱ ইণ্ডিয়াPWPI0.10
ৰিপাব্লিক পাৰ্টি অৱ ইণ্ডিয়াRPI2.833
হাৰিয়ানা লোক সমিতিHLS0.11
লোকসেৱক সংঘLSS0.242
নুতন মহা গুজৰাট জনতা পৰিষদNMGJP0.171
ৰিভুলচ্যনাৰী পাৰ্টিRSP0.392
নিৰ্দলীয়-11.0520
ইংগ-ভাৰতীয় মনোনীত সদস্য--2

তথ্যসূত্ৰ

  1. ↑ Statistical Report On General Elections, 1962 To The Third Lok Sabha. Election Commission of India
  2. ↑ 1962 Lok Sabha elections: an easy win for Congress, but troubled tenure thereafter

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ সাধাৰণ নিৰ্বাচন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯৬২ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন” প্ৰবন্ধৰ সংশোধন ৫০৭৪১৬ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।