ৰিচাৰ্চ এণ্ড এনালাইছিচ উইং (Research and Analysis Wing সংক্ষেপে RAW বা R&AW) হৈছে ভাৰত গণৰাজ্যৰ বাহ্যিক চোৰাংচোৱা সংস্থা। ১৯৬৮ চনত ইয়াৰ প্ৰথম সঞ্চালক ৰামেশ্বৰ নাথ কাওৰ নেতৃত্বত ইয়াক গঠন কৰা হয়। ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধ আৰু ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত ইণ্টেলিজেন্স ব্যুৰ'ত (IB) (উল্লেখযোগ্য যে IB য়ে সেই সময়ত বাহ্যিক আৰু আভ্যন্তৰীণ দুয়োটো দিশ চোৱাচিতা কৰিছিল) ভালেমান দুৰ্বলতাই দেখা দিছিল। এই দুৰ্বলতাসমূহে ভাৰত চৰকাৰক বাহ্যিক চোৰাংচোৱাৰ দিশটো চোৱাচিতাৰ বাবে RAW ৰ দৰে স্বাধীন সংস্থা এটা গঠন কৰাৰ বাবে বাধ্য কৰায়।১
RAW ৰ মুখ্য কাম হ'ল বাহ্যিক চোৰাংচোৱাগিৰি আৰু সন্ত্ৰাসবাদ ৰোধ কৰা। ইয়াৰ উপৰিও বিদেশী চৰকাৰ, প্ৰতিষ্ঠানসমূহৰ তথ্য সংগ্ৰহ কৰি বিশ্লেষণ কৰা।২৩৪ লগতে ই ভাৰতৰ পাৰমাণৱিক প্ৰকল্পসমূহৰো সুৰক্ষাৰ দায়িত্বত আছে।৫৬ ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত।
ইতিহাস
১৯৩৩ ৰ পৰা ১৯৬৮ লৈ
RAW ৰ গঠনৰ আগতে বাহ্যিক চোৰাংচোৱাগিৰিৰ ভাৰ আছিল ব্ৰিটিছ চৰকাৰে গঠন কৰা ইণ্টেলিজেঞ্চ ব্যুৰ' (IB) ওপৰত। ১৯৩৩ চনত বিশ্বত ৰাজনৈতিক উত্থান-পতনৰ উমান পাই ব্ৰিটিছ চৰকাৰে IB ৰ দ্বায়িত্ব বৃদ্ধি কৰি ভাৰতৰ সীমান্ততো চোৰাংচোৱাগিৰিৰ ভাৰ অৰ্পণ কৰে।
১৯৪৭ চনত, স্বাধীনতাৰ পিছত সঞ্জীৱী পিল্লায়ে IB ৰ সঞ্চালকৰ দ্বায়িত্ব ভাৰ গ্ৰহণ কৰে। ব্ৰিটিছ চৰকাৰে ভাৰত এৰি যোৱাৰ পিছত উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত মানৱ সম্পদৰ অভাৱত পিল্লায়ে IB ক এম আই ৫ ৰ আৰ্হিত চলাবলৈ চেষ্টা কৰিছিল। ১৯৪৯ চনত পিল্লায়ে বাহ্যিক চোৰাংচোৱাৰ কাৰণে এক সৰু প্ৰচেষ্টা হাতত লৈছিল, কিন্তু ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ ব্যৰ্থতাই ইয়াক বিফল বুলি প্ৰমাণ কৰিলে। এই বিফলতাই প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক সুকীয়াভাৱে বাহ্যিক দিশটো চোৱাচিতাৰ বাবে নতুন এটি সংস্থা গঠনৰ বাবে আদেশ দিবলৈ বাধ্য কৰায়।২৪ ১৯৬৫ ৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ পিছত জেনেৰেল জয়ন্ত নাথ চৌধুৰীয়েও নতুন সংস্থা এটি গঠনৰ ওপৰত গুৰুত্ব দিয়ে।২৩ এইদৰে ১৯৬৬ চনৰ শেষভাগত এটি সুকীয়া সংস্থা গঠনৰ ধাৰণাটোৱে মজবুতকৈ শিপাবলৈ আৰম্ভ কৰে।
১৯৬৮ ৰ পৰা বৰ্তমানলৈ
১৯৬৮ চনত ইন্দিৰা গান্ধী প্ৰশাসনে সিদ্ধান্ত ল'লে যে দ্বিতীয় এটি পূৰ্ণাংগ সংস্থা গঠন কৰা অপৰিহাৰ্য হৈ পৰিছে। সেই সময়ৰ IB ৰ উপসঞ্চালক আৰ এন কাওৱে(R. N. Kao) নতুন সংস্থাটোৰ বাবে এখন ব্লপ্ৰিণ্ট তৈয়াৰ কৰিলে।৭ কাওক ভাৰতৰ প্ৰথম বৈদেশিক চোৰাংচোৱা সংস্থা RAW ৰ প্ৰধান হিচাপে নিয়োগ কৰা হয়।২৪
বাহ্যিক সংযোগ
- The IPKF in Sri Lanka, 10 years on Rediff.com
- Air India Flight 182 – CBC News collection of stories on the bombing of Flight 182
তথ্যসূত্ৰ
- ↑ Raman, B. (7 March 2000). South Asia Analysis Group: Papers: The Kargil Review Committee Report. South Asia Analysis Group
- ↑ (2 June 2009). B-Net:Reference Publications:India, Intelligence and Security:Encyclopedia of Espionage, Intelligence, and Security (2004). Findarticles.com
- ↑ Federation of American Scientists. Fas.org
- ↑ John Pike. Global Security. Global Security
- ↑ RAW: India's External Intelligence Agency – Council on Foreign Relations. Cfr.org
- ↑ Research and Analysis Wing (RAW) – India Intelligence Agencies. Fas.org
- ↑ Sainis, Sunil. (March–April 2002). Obituary:Rameshwar Nath Kao (1918–2002). Volume 4(5). Bharat Rakshak Monitor
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিছাৰ্চ এণ্ড এনালাইছিছ ৱিং” প্ৰবন্ধৰ সংশোধন ৩৮৩৫৪৮ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।