ৰাজ্য পুনৰ্গঠন আইন, ১৯৫৬ (States Reorganisation Act, 1956) ভাৰতৰ ৰাজ্য আৰু অঞ্চলসমূহৰ সীমাৰ ভাষাগত পাৰ্থক্য বিবেচনা কৰি কৰা এক বৃহৎ সংস্কাৰ আছিল।১ এই আইনখন সংবিধান (সপ্তম সংশোধনী) আইন, ১৯৫৬-ৰ২ সৈতে একে সময়তে কাৰ্যকৰী হৈছিল। ই অন্য বিষয়ৰ লগতে ভাৰতৰ বিদ্যমান ৰাজ্যসমূহৰ সাংবিধানিক পৰিগাঁথনিৰ পুনৰ্গঠন কৰিছিল আৰু ভাৰতৰ সংবিধানৰ প্ৰথম খণ্ড, অনুচ্ছেদ ৩ৰ বিধানসমূহৰ অধীনত ৰাজ্য পুনৰ্গঠন আইন, ১৯৫৬ গৃহীত কৰাৰ প্ৰয়োজনীয়তাসমূহৰ পুনৰ্নিৰ্মাণ কৰিছিল।
ভাষাভিত্তিক ৰাজ্য গঠনৰ আন্দোলন

ভাষিক ভিত্তিত ৰাজ্যসমূহ সংগঠিত হোৱাৰ দাবী ভাৰতে স্বাধীনতা লাভ কৰাৰ বহু আগতেই উত্থাপন হৈছিল। ১৮৯৫ চনত বৰ্তমানৰ ওড়িশাত প্ৰথম ভাষিক আন্দোলন আৰম্ভ হয়। বৰ্তমানৰ বিহাৰ আৰু ওড়িশা প্ৰদেশক দুভাগ কৰি পৃথক ওড়িশা প্ৰদেশ গঠন কৰাৰ দাবীৰ লগে লগে পৰৱৰ্তী বছৰবোৰত এই আন্দোলনে গতি লাভ কৰে। ৩৪ ওড়িয়া জাতীয়তাবাদৰ পিতৃ মধুসুদন দাসৰ প্ৰচেষ্টাত অৱশেষত ১৯৩৬ চনত আন্দোলনটোৱে নিজৰ লক্ষ্যত উপনীত হয়, যেতিয়া সাধাৰণ ভাষাৰ আধাৰত সংগঠিত হোৱা প্ৰথমখন ভাৰতীয় ৰাজ্য (স্বাধীনতাৰ পূৰ্বৰ) হিচাপে ওড়িশা প্ৰদেশৰ গঠন হয়।
স্বাধীনোত্তৰ কালত ভাষাৰ আধাৰত নতুন ৰাজ্য নিৰ্মাণৰ ৰাজনৈতিক আন্দোলনৰ জন্ম হৈছিল। মাদ্ৰাজ ৰাজ্যৰ উত্তৰ অংশক পৃথক কৰি এখন তেলুগু ভাষী ৰাজ্য গঠনৰ আন্দোলনে স্বাধীনতাৰ পিছৰ বছৰবোৰত যথেষ্ট শক্তিশালী হয় আৰু ১৯৫৩ চনত মাদ্ৰাজ ৰাজ্যৰ উত্তৰৰ ষোল্লখন তেলুগুভাষী জিলাক লগলগাই নতুন অন্ধ্ৰ ৰাজ্যৰ গঠন কৰা হয়।
১৯৫০–১৯৫৬ চনৰ সময়ছোৱাত ভাৰতৰ কিছুমান ৰাজ্যৰ সীমাৰ সৰু সৰু পৰিৱৰ্তন হয়: ১৯৫৪ চনৰ ১ জুলাইত ক্ষুদ্ৰ ৰাজ্য বিলাসপুৰক হিমাচল প্ৰদেশৰ সৈতে একত্ৰিত কৰা হয়; আৰু ফৰাচী ভাৰতৰ পূৰ্বৰ পৰিক্ষেত্ৰ চন্দ্ৰনাগুৰক ১৯৫৫ চনত পশ্চিমবংগত অন্তৰ্ভুক্ত কৰা হয়।
পৰিৱৰ্তনৰ প্ৰভাৱ

১৯৫৬ চনৰ ৰাজ্য পুনৰ্গঠন আইনখন ভাৰতক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ দিশত এক ডাঙৰ পদক্ষেপ আছিল। তলৰ তালিকাখনত ১৯৫৬ চনৰ ১ নৱেম্বৰত পুনৰ সংগঠিত হোৱা ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উল্লেখ কৰা হৈছে:
ৰাজ্যসমূহ
- অন্ধ্ৰপ্ৰদেশ (১৯৫৬-২০১৪): হায়দৰাবাদ ৰাজ্যৰ তেলুগু ভাষী অঞ্চলৰ সৈতে অন্ধ্ৰ ৰাজ্যৰ একত্ৰীকৰণ কৰি গঠন কৰা হয়।
- অসম: ১৯৫৬ত সীমাৰ কোনো পৰিবৰ্তন ঘটোৱা হোৱা নাই।
- বিহাৰ: সৰু সৰু ভূখণ্ডসমূহ পশ্চিম বংগলৈ (মানভূমি জিলাৰ পৰা পুৰুলিয়া, পূৰ্ণিয়া জিলাৰ পৰা ইছলামপুৰ) হস্তান্তৰ কৰাৰ ফলত সামান্য হ্ৰাস পায়।
- বোম্বে ৰাজ্য: সৌৰাষ্ট্ৰ ৰাজ্য আৰু কচ্ছ ৰাজ্য, চেণ্ট্ৰেল প্ৰভিঞ্চ আৰু বেৰাৰৰ বেৰাৰ ডিভিজন আৰু নাগপুৰ ডিভিজনৰ মাৰাঠীভাষী জিলা আৰু হায়দৰাবাদ ৰাজ্যৰ ঔৰংগাবাদ ডিভিজনক ইয়াত চামিল কৰি ৰাজ্যখনৰ বিস্তাৰ কৰা হয়। বোম্বে প্ৰেছিডেঞ্চিৰ সকলোতকৈ দক্ষিণৰ জিলাসমূহক মহীশূৰ ৰাজ্যলৈ স্থানান্তৰিত কৰা হয়।
- জন্মু আৰু কাশ্মীৰ ৰাজ্য: ১৯৫৬ত সীমাৰ কোনো পৰিবৰ্তন ঘটোৱা হোৱা নাই।
- কেৰালা: ত্ৰিবাংক’ৰ-কোচিন ৰাজ্যৰ মালাৱাৰ জিলা আৰু মাদ্ৰাছ প্ৰেছিডেঞ্চিৰ দক্ষিণ কানাড়া জিলাৰ কাছৰগোড় তালুকৰ সৈতে একত্ৰীত কৰি গঠন কৰা হয়। ত্ৰিবাংক’ৰ-কোচিনৰ দক্ষিণভাগ, কন্যাকুমাৰী জিলা, ছেংগ’তাই তালুকক মাদ্ৰাছ ৰাজ্যলৈ হস্তান্তৰ কৰা হয়। লাক্ষাদ্বীপ আৰু মিনিকয় দ্বীপক মালাৱাৰ জিলাৰ পৰা পৃথক কৰি এটা নতুন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হয়, যাৰ নাম ৰখা হৈছিল- লাক্ষাদ্বীপ, মিনিকয় আৰু আমিনদীৱি।৫
- মধ্যপ্ৰদেশ: মধ্যভাৰত, বিন্ধ্যপ্ৰদেশ আৰু ভূপাল ৰাজ্যক (১৯৪৯-১৯৫৬) মধ্যপ্ৰদেশত চামিল কৰা হয়। নাগপুৰ ডিভিজনৰ মাৰাঠীভাষী জিলাকেইখন বোম্বে ৰাজ্যলৈ স্থানান্তৰ কৰা হয়।
- মাদ্ৰাছ ষ্টেট: মালাৱাৰ জিলাক নৱগঠিত ৰাজ্য কেৰালালৈ স্থানান্তৰ কৰা হয়, দক্ষিণ কানাড়া জিলাক দুভাগ কৰি মহীশুৰ ৰাজ্য আৰু কেৰেলাত চামিল কৰা হয়। নতুন কেন্দ্ৰীয় শাসিত অঞ্চল লাক্ষাদ্বীপ, মিনিকয় আৰু আমিনদীৱি গঠন কৰা হয়। ত্ৰিবাংক’ৰ-কোচিনৰ দক্ষিণ অঞ্চল. কন্যাকুমাৰী জিলা আৰু চেংগ’ত্তাই তালুকক মাদ্ৰাছ ৰাজ্য যোগ কৰা হয়।
- মহীশুৰ ৰাজ্য: কুৰ্গ ৰাজ্য, মাদ্ৰাছ প্ৰেছিডেঞ্চিৰ পশ্চিমাঞ্চল, বোম্বে প্ৰেছিডেঞ্চিৰ পশ্চিমাঞ্চল আৰু হায়দৰাবাদ ৰাজ্যৰ পশ্চিমাঞ্চলৰ কানাড়াভাষী জিলাসমূহ লগলগাই মহীশুৰৰ পৰিসৰ বঢ়োৱা হয়।
- ওড়িশা: ১৯৫৬ত সীমাৰ কোনো পৰিবৰ্তন ঘটোৱা হোৱা নাই।
- পাঞ্জাব: পাতিয়ালা আৰু পূব পাঞ্জাব ষ্টেট ইউনিয়নক চামিল কৰি পৰিসৰ বঢ়োৱা হয়।
- ৰাজস্থান: আজমেৰ ৰাজ্য আৰু বম্বে আৰু মধ্য ভাৰত ৰাজ্যৰ কিছু অংশ সংযোজন কৰি পৰিসৰ বৃদ্ধি কৰা হয়।
- উত্তৰ প্ৰদেশ: ১৯৫৬ত সীমাৰ কোনো পৰিবৰ্তন ঘটোৱা হোৱা নাই।
- পশ্চিমবংগ: পূৰ্বে বিহাৰৰ সৈতে সাঙোৰ খাই থকা পুৰুলিয়াক চামিল কৰি ৰাজ্যখনৰ পৰিসৰ বহল কৰা হয়।
কেন্দ্ৰীয়শাসিন অঞ্চল
পাৰ্ট চি আৰু পাৰ্ট ডি ভূ-খণ্ড, যিবোৰ অন্য ৰাজ্যৰ সৈতে একত্ৰিত নকৰি কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰা হয়:
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2 November 2016). Explainer: The reorganization of states in India and why it happened
- ↑ Seventh Amendment. Indiacode.nic.in
- ↑ Demand of separate province for Oriya. The Telegraph
- ↑ Sharma, Sadhna. (1995). States Politics in India. Mittal Publications. ISBN 9788170996194
- ↑ The States Reorganisation Act, 1956. legislative.gov.in. Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজ্য পুনৰ্গঠন আইন, ১৯৫৬” প্ৰবন্ধৰ সংশোধন ৫৮১৮২৯ (২৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।