অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

তথ্য জনাৰ অধিকাৰ আইন, ২০০৫

তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ (Right to Information Act, 2005; सूचना का अधिकार अधिनियम, २००५) ভাৰতৰ সংসদৰ দ্বাৰা গৃহীত এখন আইন, য'ত নাগৰিকসকলে লোক কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণৰ অধীনত থকা তথ্য যাতে সহজে লাভ কৰিব পাৰে তাৰবাবে ব্যৱহাৰিক পদ্ধতি এটা প্ৰৱৰ্তন কৰা হৈছে।

হালনাগাদ: ১১ মে’ ২০২৬ ৩৮৯ শব্দ · ২ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ (Right to Information Act, 2005; सूचना का अधिकार अधिनियम, २००५) ভাৰতৰ সংসদৰ দ্বাৰা গৃহীত এখন আইন, য'ত নাগৰিকসকলে লোক কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণৰ অধীনত থকা তথ্য যাতে সহজে লাভ কৰিব পাৰে তাৰবাবে ব্যৱহাৰিক পদ্ধতি এটা প্ৰৱৰ্তন কৰা হৈছে। এই আইনখন ভাৰতৰ সকলোবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰযোজ্য। তথ্য জনাৰ অধিকাৰ সংক্ৰান্তত জম্মু আৰু কাশ্মীৰৰ 'জম্মু আৰু কাশ্মীৰ তথ্য জনাৰ অধিকাৰ, ২০০৯' শীৰ্ষক এখন নিজা আইন আছে। এই আইনৰ অধীনত নাগৰিকে লোক কৰ্তৃপক্ষৰ (সহজ অৰ্থত, কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ বিভাগসমূহ, ৰাজহুৱা খণ্ডৰ বেঙ্ক, বীমা প্ৰতিষ্ঠান, চৰকাৰী পূজি লাভ কৰা বেচৰকাৰী সংস্থা আদিৰ) নিয়ন্ত্ৰণৰ অধীনত থকা তথ্য নিৰ্দিষ্ট মাচুলৰ বিনিময়ত বিচাৰিব পাৰে। এই আইনখন ২০০৫ চনৰ ১৫ জুনত সংসদত গৃহীত হৈছিল আৰু সেই বছৰৰে ১২ অক্টোবৰৰ পৰা পূৰ্ণ কাৰ্যকৰী হৈছিল।১ 'চৰকাৰী গোপনীয়তা আইন, ১৯২৩' (Official Secrets Act 1923) আৰু এনেকুৱা কেইখনমান আইনে নাগৰিকে তথ্য লাভ কৰাৰ ক্ষেত্ৰত যি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছিল, সেইয়া তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ য়ে নাইকিয়া কৰিলে।২

আইনখনৰ বৈশিষ্ট্য

নাগৰিকৰ তথ্যৰ অধিকাৰ

তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰ অধীনত নাগৰিকে নিৰ্দিষ্ট মাচুলৰ বিনিময়ত (১) চৰকাৰী কাম-কাজ, নথি-পত্ৰ, দলিল আদি পৰীক্ষা কৰিব পাৰে; (২) দলিল বা নথি-পত্ৰৰ টোকা বা প্ৰমাণিত নকল বিচাৰিব পাৰে; (৩) সামগ্ৰীৰ প্ৰমাণিত নমুনা বিচাৰিব পাৰে; (৪) কম্পিউটাৰ বা তেনে কোনো আহিলাত সংৰক্ষিত হৈ থকা তথ্যৰ নকল ইলেক্ট্ৰনিক উপায়ে (ফ্লপি, ডিস্ক্, ভিডিঅ' কেচেট আদিত) বা প্ৰিণ্ট-আউট যোগে বিচাৰিব পাৰে।

অৱশ্যে কিছুমান তথ্য লোক কৰ্তৃপক্ষই প্ৰদান কৰিবলৈ বাধ্য নহয়। ৰাষ্ট্ৰীয় নিৰাপত্তা বিঘ্নিত কৰিব পৰা তথ্য; আদালতৰ বাধা থকা বা ফাদিল কৰিলে আদালতৰ গৰিহণাৰ সন্মুখীন হ’বলগীয়া তথ্য; সংসদ বা বিধান মণ্ডলৰ বিশেষাধিকাৰ ভঙ্গ কৰিব পৰা তথ্য; বিদেশী চৰকাৰৰ পৰা গোপনভাৱে পোৱা তথ্য; অনুসন্ধানত বাধাৰ সৃষ্টি কৰিব পৰা তথ্য; নিৰাপত্তাৰ সৈতে জড়িত তথ্য আদি এই আইনৰ অধীনত পাব নোৱাৰি।

তথ্য কেনেকৈ বিচাৰিব পাৰে

তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰ অধীনত প্ৰত্যেকটো চৰকাৰী কাৰ্যালয়ত, ৰাজহুৱা খণ্ডৰ বেংক আৰু বীমা প্ৰতিষ্ঠানত একোজন লোক তথ্য বিষয়া নিযুক্তি দিয়া হৈছে। তথ্য প্ৰদানৰ কাম-কাজ এই বিষয়াজনে চোৱা-চিতা কৰে। নাগৰিকে যিকোনো তথ্য বিচাৰি লোক তথ্য বিষয়াৰ ওচৰত আবেদন কৰিব লাগে। আবেদন নিষ্পতিকৰণৰ সময়সীমা ৩০দিন। অৱশ্যে আবেদনৰ বিষয় যদি কোনো ব্যক্তিৰ জীৱন বা স্বত্ব সম্পৰ্কীয় হয়, তেন্তে তথ্য ৪৮ঘণ্টাৰ ভিতৰত যোগান ধৰিব লাগিব।

যদি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত লোক তথ্য বিষয়াই আবেদনকাৰীৰ অনুৰোধ ৰক্ষা নকৰে বা লোক তথ্য বিষয়াই ভুল তথ্য দিয়ে বা তথ্য যোগানৰ বাবদ হ’বলগীয়া খৰচৰ হিচাপত ক্ষেত্ৰত আবেদনকাৰী সন্তুষ্ট নহয়, তেন্তে ইয়াৰ বিৰুদ্ধে আপিল কৰিব পাৰি।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ RIGHT TO INFORMATION ACT 2005
  2. ↑ Right to information act 2005

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ আইন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তথ্য জনাৰ অধিকাৰ আইন, ২০০৫” প্ৰবন্ধৰ সংশোধন ৬০৫৭৭৩ (১১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।