অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

পশ্চিম শ্বিলং বিধানসভা সমষ্টি

পশ্চিম শ্বিলং বিধানসভা সমষ্টি (West Shillong Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ অন্যতম। ২০০৮ চনৰ সংসদীয় আৰু বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে এই সমষ্টিটো গঠন কৰা হয় আৰু ২০১৩ চনত সমষ্টিটোত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

পশ্চিম শ্বিলং বিধানসভা সমষ্টি (West Shillong Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ অন্যতম। ২০০৮ চনৰ সংসদীয় আৰু বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে এই সমষ্টিটো গঠন কৰা হয় আৰু ২০১৩ চনত সমষ্টিটোত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।

এই সমষ্টিটো পূব খাছী পাৰ্বত্য জিলাৰ অন্তৰ্গত আৰু ই শ্বিলং লোকসভা সমষ্টিৰ এক অংশ। সমষ্টিটো কোনো সম্প্ৰদায়ৰ বাবে সংৰক্ষিত নহয় অৰ্থাৎ ই এক মুক্ত সমষ্টি। ২০২৩ চনৰ বিধানসভা নিৰ্বাচনৰ পৰা ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টীৰ পল লিংডোৱে সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আছে।

ভৌগোলিক অৱস্থান আৰু সীমা

পশ্চিম শ্বিলং সমষ্টিটো মেঘালয়ৰ ৰাজধানী শ্বিলং মহানগৰৰ পশ্চিম অংশত অৱস্থিত। ভাৰতীয় নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ আদেশ (২০০৮) অনুসৰি, শ্বিলং পৌৰ এলেকাৰ ৪ নং, ৫ নং আৰু ৬ নং ৱাৰ্ড তথা কাষৰীয়া নগৰাঞ্চলসমূহ লৈ এই সমষ্টিটো গঠিত হৈছে।১

এই সমষ্টিৰ উত্তৰ দিশত ১৫-মাওলাই সমষ্টি, পূব দিশত ১৭-উত্তৰ শ্বিলং সমষ্টি আৰু দক্ষিণ দিশত ১৯-দক্ষিণ শ্বিলং সমষ্টি অৱস্থিত।

বিধানসভাৰ সদস্যসকল

চনবিজয়ী সদস্যৰাজনৈতিক দল
২০১৩পল লিংডোইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী
২০১৮মহেন্দ্ৰো ৰপ্সাংভাৰতীয় জাতীয় কংগ্ৰেছ
২০২৩পল লিংডোইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী

নিৰ্বাচনী ফলাফল

২০২৩ চনৰ বিধানসভা নিৰ্বাচন

২০২৩ চনৰ মেঘালয় বিধানসভা নিৰ্বাচনত ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টী (মেঘালয়)ৰ প্ৰাৰ্থী পল লিংডোৱে ৩,৪৮৫ টা ভোটৰ ব্যৱধানত নেছনেল পিপলছ পাৰ্টিৰ প্ৰাৰ্থী মহেন্দ্ৰো ৰপ্সাংক পৰাস্ত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হয়।২৩৪

২০১৮ চনৰ বিধানসভা নিৰ্বাচন

২০১৮ চনৰ সাধাৰণ বিধানসভা নিৰ্বাচনৰ ফলাফল তলত উল্লেখ কৰা হ’ল:৫৬

২০১৩ চনৰ বিধানসভা নিৰ্বাচন

২০১৩ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আছিল এনেধৰণৰ:৭

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Delimitation of Parliamentary and Assembly Constituencies Order, 2008. Election Commission of India. পৃ. 294–301
  2. ↑ Meghalaya General Legislative Election 2023. Election Commission of India
  3. ↑ (2 March 2023). Meghalaya election result 2023: Full list of winners constituency-wise. Hindustan Times
  4. ↑ (2 March 2023). Paul Lyngdoh wins West Shillong seat. The Shillong Times
  5. ↑ Meghalaya General Legislative Election 2018. Election Commission of India
  6. ↑ (3 March 2018). Mohendro Rapsang winner in West Shillong (GEN), Meghalaya Assembly Elections 2018. LatestLY
  7. ↑ Election Commission of India- State Election, 2013 to the Legislative Assembly of Meghalaya. Chief Electoral Officer, Meghalaya

সম্পৰ্কিত শ্ৰেণী

মেঘালয়ৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পশ্চিম শ্বিলং বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৮৭০৬ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।