ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পুগাত
পুগাত (ইংৰাজী: Puġat বা Pughat; উগাৰিটিক: 𐎔𐎙𐎚; ৰোমানীকৃত: pġt, Virolleaud, যেনে 2:15: মহিলাৰ ব্যক্তিগত নাম Puʿah-ৰ সৈতে সংযোগ) কানান ধৰ্মত আখাত কাহিনীৰ উগাৰিটিক কবিতাৰ এটা চৰিত্ৰ।
-
পুথি চিত্ৰ প্ৰস্তুতিৰ সঁজুলি
পুথি চিত্ৰ প্ৰস্তুতিৰ সঁজুলি হ'ল চিত্ৰপুথিৰ ভূমি যিয়েই নহক লাগে এই ভূমিসমূহত লিখিবলৈ, আঁকিবলৈ আৰু কোনখিনিৰ পৰা লিখিব, কিমানলৈ লিখিব, আঁকিবৰ বাবে ক্ষেত্ৰ কিমান থাকিব বা ৰাখিব এইবোৰৰ বাবে ব্যৱহৃত কেতবোৰ সঁজুলি।
-
পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি (গ্ৰন্থ)
পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি শীৰ্ষক গ্ৰন্থখন মহেশ্বৰ নেওগৰ দ্বাৰা ৰচিত। ১৯৫৭ চনত বাণী মন্দিৰ প্ৰকাশনে প্ৰথম প্ৰকাশ কৰা এই গ্ৰন্থখনত অসমৰ সামাজিক-সাংস্কৃতিক জীৱনৰ বিভিন্ন দিশ সামৰি লোৱা হৈছে।
-
পুৰণি পুথি সংগ্ৰহ আৰু বিতৰণ
সাধাৰণতে পাঠ্যপুথিবোৰ এজন ছাত্ৰৰ শিক্ষাবৰ্ষ শেষ হোৱাৰ লগে লগে পুৰণি বুলি ভবা হয় আৰু তেনে কিতাপ বহুতেই হয় পেলাই দিয়ে বা পুৰণা কাগজ-পত্ৰ কিনা মানুহৰ ওচৰত বিক্ৰী কৰি দিয়ে৷ কিতাপৰ কাগজ পুৰণা হ’লেও তাৰ বিষয়বস্তু পুৰণা নহয়৷ এনে কিতাপ কেতিয়াবা আৰ্থিকভাৱে দুৰ্বল লোকৰ বাবে বা ছাত্ৰছাত্ৰীৰ বাবে সহায়ক…
-
পোলিছ প্ৰবাদ
পোলিছ প্ৰবাদ / পোলীয় প্ৰবাদ (পোলিছ: Przysłowia polskie) সংখ্যাত কেইবা দশ হাজাৰতকৈও অধিক বিদ্যমান; ইয়াৰ ভিতৰত বহুতো প্ৰবাদৰ উৎপত্তি মধ্যযুগত। বৰ্তমানলৈকে জনা মতে আটাইতকৈ প্ৰাচীন পোলিছ প্ৰবাদটোৰ তাৰিখ ১৪০৭ চন।
-
পোহৰৰ সাধনা
পোহৰৰ সাধনা (Puhoror Hadhona ) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন জীৱনী গ্ৰন্থ। বিজ্ঞানী টমাছ আলভা এডিছনৰ জীৱনক লৈ গ্ৰন্থখন ৰচিত। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে।
-
প্যাৰাডক্সিক্যাল ছাজিদ
প্যাৰাডক্সিক্যাল ছাজিদ (প্যাৰাডক্সিক্যাল সাজিদ) হৈছে বাংলাদেশী লেখক আৰিফ আজাদৰ দ্বাৰা ৰচিত ইছলাম বিষয়ক উপন্যাসৰ ধাৰাবাহিক। ইছলামিক বিশ্বাসৰ বিৰুদ্ধে বিভিন্ন প্ৰশ্নৰ উত্তৰত সাজিদ নামৰ চৰিত্ৰ এটাৰ টীকাত সজোৱা চুটিগল্পৰ সংকলন।
-
প্ৰতিমা (কাব্য গ্ৰন্থ)
প্ৰতিমা (Pratima) হৈছে অসমৰ কবি, সাহিত্যিক আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য চন্দ্ৰকুমাৰ আগৰৱালাৰ এখন কাব্য গ্ৰন্থ। সংকলনটি ১৯১৩ চনত প্ৰকাশিত হৈছিল। সংকলনটিত সন্নিৱিষ্ট হোৱা প্ৰায়বোৰ কবিতাই জোনাকী আলোচনীত পূৰ্বতে প্ৰকাশিত হৈছিল।
-
প্ৰতিৰোধ সাহিত্য
প্ৰতিৰোধ সাহিত্যত (Resistance Literature) কল্পকাহিনী, চিনেমা, নাটক, কবিতা, দৃশ্য কলা, গীত আদি অন্তৰ্ভুক্ত যদিও ইয়াৰ মাজতে সীমাবদ্ধ নহয়। প্ৰতিৰোধ সাহিত্যই ইতিহাসৰ বহু ধৰণৰ ৰাজনৈতিক প্ৰতিৰোধক প্ৰতিফলিত কৰে।
-
প্ৰহ্লাদ চৰিত্ৰ
প্ৰহ্লাদ চৰিত্ৰ হৈছে কয়াধু আৰু হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদৰ জন্মৰ আগকথা, জন্ম, বাল্যকাল আৰু পিতৃৰ মৃত্যু হোৱালৈকে ভাগৱতত বৰ্ণিত আখ্যান।
-
প্ৰাইভেট (আলোচনী)
প্ৰাইভেট হৈছে ছুইডেনৰ প্ৰকাশক আৰু বিতৰক প্ৰাইভেট মিডিয়া গ্ৰুপে প্ৰকাশ কৰা এখন পৰ্ণগ্ৰাফিক আলোচনী। আলোচনীখনে উচ্চমানৰ ফটোগ্ৰাফী আৰু হাৰ্ডক'ৰ পৰ্ণগ্ৰাফিৰ সাধাৰণ যৌন কাৰ্য্যৰ চিত্ৰণৰ বাবে পৰিচিত যেনে পায়ু যৌনতা, যি আছিল ইয়াৰ সৃষ্টিৰ সময়ত এক উদ্ভাৱন।
-
প্ৰাক-শঙ্কৰী যুগৰ সাহিত্য
প্ৰাক-শঙ্কৰী যুগৰ সাহিত্য অসমীয়া সাহিত্যৰ যুগ বিভাজনত খ্ৰীষ্টিয় চতুৰ্দশ শতিকাত ৰচনা কৰা সাহিত্য কৰ্মসমূহক প্ৰাক-শংকৰী যুগৰ সাহিত্য অভিধাটোৰ ভিতৰত ধৰা হয়। প্ৰাক-শংকৰী মানে শংকৰদেৱৰ সাহিত্য সৃষ্টিৰ আগৰছোৱা সময়। সত্যেন্দ্ৰনাথ শৰ্মাৰ যুগ বিভাজনৰ মতে এই সময়ছোৱাৰ অনুমাণিক সময় ১৩০০ ৰপৰা ১৪৯০।
-
প্ৰাচীন কামৰূপৰ ইতিহাস (গ্ৰন্থ)
প্ৰাচীন কামৰূপৰ ইতিহাস হৈছে কনকলাল বৰুৱাৰ দ্বাৰা ৰচিত Early History of Kamarupa শীৰ্ষক বুৰঞ্জীখনৰ অঞ্জন শৰ্মাই অসমীয়ালৈ কৰা অনুবাদ। ১৯৩৩ চনত প্ৰথম প্ৰকাশ পোৱা মূল ইংৰাজী গ্ৰন্থখনৰ অসমীয়া অনুবাদ প্ৰকাশ হয় ২০২০ চনত।
-
প্ৰীতি বৰুৱা
প্ৰীতি বৰুৱা অসমৰ এগৰাকী শিক্ষাবিদ তথা সাহিত্যিক৷ বিশেষকৈ অনুবাদ সাহিত্যৰে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৫ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷
-
প্ৰেম অমৃতৰ নদী
প্ৰেম অমৃতৰ নদী (Prem Amritoro Nodi) হৈছে অসমৰ গল্পকাৰ, সাহিত্যিক, নাট্যকাৰ, ঔপন্যাসিক চৈয়দ আব্দুল মালিকৰ দ্বাৰা লিখিত এখনি বিশিষ্ট উপন্যাস। মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ জীৱন, আদৰ্শ আৰু কৰ্মৰাজীৰ আখ্যানেই এই গ্ৰন্থখনৰ মূল আধাৰ। ১৯৯৯ চনত এই উপন্যাসখন প্ৰকাশিত হৈছিল।
-
পৰিৱেশৰ বাবে সামান্য কাম (গ্ৰন্থ)
পৰিৱেশৰ বাবে সামান্য কাম (Pariveshar babe xamanya kam) ড° দীনেশ চন্দ্ৰ গোস্বামীৰ পৰিৱেশ বিষয়ক জনপ্ৰিয় বিজ্ঞানৰ এখন প্ৰবন্ধ সংকলন। ২০১৭ চনৰ আগষ্ট মাহত অসম বুক ট্ৰাষ্ট, গুৱাহাটী -১, অসমৰ পৰা সংকলনটি প্ৰকাশিত হয়।
-
ফানুজা নাদৰ্শিনা
ফানুজা নাদৰ্শিনা (Fanuza Nadrshina; Фәнүзә Нәҙершина; জন্ম: ৭ ফেব্ৰুৱাৰী, ১৯৩৬) এগৰাকী বাছকিৰ লোককথাবিদ, শিক্ষাবিদ আৰু অধ্যাপিকা।
-
ফুখাও চাম ৱা মটক
ফুখাও চাম ৱা মটক ড° কৰবী বৰুৱা গগৈয়ে ৰচনা কৰা এখন গৱেষণামূলক গ্ৰন্থ। টাই ভাষাৰ শব্দৰে গ্ৰন্থখনৰ নামকৰণ কৰা হৈছে আৰু ইয়াৰ অৰ্থ হ'ল ফুখাও অথবা মটক। গ্ৰন্থখনত মটক জনগোষ্ঠীৰ বিভিন্ন দিশ সামৰি ১৮টা প্ৰবন্ধ সন্নিৱিষ্ট কৰা হৈছে (দ্বিতীয় সংস্কৰণত আৰু ২টা প্ৰবন্ধ সংযোগ কৰা হয়)।
-
ফ্লেছ (উপন্যাস)
ফ্লেছ ( Flesh) হৈছে ২০২৫ চনত প্ৰকাশিত ডেভিদ শ্বালেৰ ষষ্ঠখন উপন্যাস। ইয়াত ইষ্টভান নামৰ হাংগেৰীৰ এজন যুৱকৰ দৰিদ্ৰতাৰপৰা ধন-সম্পত্তিলৈ উত্থানৰ কাহিনী লিখা হৈছে। তেওঁ আৱেগিক জীৱন-শৈলী কটায়, চিন্তা নকৰাকৈয়ে ৰাছ সিদ্ধান্ত লয়।
-
ফ্ৰেংকফুট গ্ৰন্থমেলা
ফ্ৰংকফুট গ্ৰন্থমেলা হ'ল বৃহৎ সংখ্যক প্ৰকাশন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰি অনুষ্ঠিত কৰা গ্ৰন্থমেলা। এই গ্ৰন্থমেলা হৈছে বিশ্বৰ সৰ্ববৃহৎ গ্ৰন্থমেলা। অক্টোবৰৰ মাজভাগত পাঁচ দিনীয়া বাৰ্ষিক অনুষ্ঠানটো জাৰ্মানীৰ ফ্ৰেংকফৰ্ট আম মেইনৰ ফ্ৰেংকফৰ্ট বাণিজ্য মেলাৰ খেলপথাৰত অনুষ্ঠিত হয়।
-
বগাউদাৰ গীত
বগাউদাৰ গীত (ইংৰাজী: Song of Bagauda; হাউচা: Waƙar Bagauda) হ’ল কান’ৰপৰা উদ্ভৱ হোৱা এটা হাউচা মৌখিক কবিতা। বিশ্বাস কৰা হয় যে ইয়াৰ এক প্ৰাচীন মূল অংশ আছে, যদিও সময়ৰ লগে লগে ইয়াক বিস্তাৰিত কৰা হৈছে।
-
বগী (উপন্যাস)
গ্ৰন্থ সমালোচনা "বগী" (জীৱনভিত্তিক উপন্যাস):গোবিন কুমাৰ খাউণ্ড
-
বট্টেলুত্তু
ভট্টলিপি বা বট্টেলুত্তু ( Vatteluttu or Vattezhuthu, তামিল: வட்டெழுத்து, Vatteluttu আৰু মালয়ালম: প্ৰবাদ, Vatteḻuttŭ, IPA: [ʋɐʈːeɻut̪ːɨ̆]) আছিল তামিল আৰু মালয়ালম ভাষা লিখাৰ বাবে ব্যৱহাৰ কৰা বৰ্ণমালাৰ লিখন ব্যৱস্থা। এই লিপি হৈছে এসময়ত দক্ষিণ-পূৰ্ব এছিয়াত বিকাশ লাভ কৰা পল্লৱ লিপিৰ এটি ভগ্নী লিপি।
-
বধকাব্য
বধকাব্য হৈছে এক প্ৰকাৰৰ কাব্য সাহিত্য। বধকাব্য সমূহৰ লক্ষ্য উদ্দেশ্য হৈছে অন্যায়, অশান্তি, আৰু আসুৰিক শক্তিৰ প্ৰতিনিধি, অপৰাজেয় দৈত্য-দানৱৰ মৃত্যু প্ৰদৰ্শন কৰা। এই বধকাব্য সমূহৰ লেখক বিভিন্নজন। ৰাম সৰস্বতী এই সকলৰ ভিতৰত অন্যতম।
-
বনমালী তুমি পৰজনমে হইয়ো ৰাধা (বাংলা গীত)
বনমালী তুমি পৰজনমে হইয়ো ৰাধা (বনমালী তুমি পব়জনমে হইয়ো ব়াধা) দীন শৰৎ ৰচিত এটি জনপ্ৰিয় ভক্তিমূলক বাংলা গীত। বহুতে এই গীতটি ৰাধাৰমণ দত্তই ৰচনা কৰা বুলি বিশ্বাস কৰে। গীতটিৰ ৰচনাকালৰ বিষয়ে জানিব পৰা হোৱা নাই।
-
বমশ্বেল
বমশ্বেল (ইংৰাজী: Bombshell) শব্দটো বৰ্তমানৰ জনপ্ৰিয় শব্দ "ছেক্স চিম্বল"ৰ (sex symbol) পূৰ্বসূৰী, যিটো অত্যন্ত আকৰ্ষণীয় বুলি গণ্য কৰা জনপ্ৰিয় মহিলাসকলক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়। ডগলাছ হাৰ্পাৰৰ অনলাইন এটাম’লজী ডিকচনেৰীৰ মতে, ১৯৪২ চনৰ পৰা এই অৰ্থত শব্দটোৰ ব্যৱহাৰ পোৱা যায়।
-
বাংলা উপভাষা
বাংলা ভাষাৰ উপভাষাসমূহ ইণ্ডো-ইউৰোপীয় ভাষা-পৰিবাৰৰ পূৰ্বাঞ্চলীয় ইণ্ডো-আৰ্য ভাষাসমূহৰ অংশ। ৰাঢ়ী (নদিয়া, কুষ্টিয়া, কলকাতা, হাওৰা, হুগলি, পূব বৰ্ধমান, মুৰ্শিদাবাদ জিলাৰ লগতে দক্ষিণবঙ্গ), বৰেন্দ্ৰী (মালদহ, মুৰ্শিদাবাদৰ জঙ্গিপুৰ মহকুমা, ৰাজশাহী বিভাগ, দিনাজপুৰসহ উত্তৰ-পশ্চিম বাংলা), ঝাড়খণ্ডী…
-
বাংলা কিচ্ছা
বাংলা কিচ্ছা / বাংলা কেচ্ছা হৈছে বাংলা কবিতা আৰু গদ্যৰ এক ধাৰা তথা বাংলা ভাষাৰ মৌখিক কাহিনী কোৱাৰ এক পৰম্পৰা। থলুৱা বাংলা লোককথা আৰু আৰব তথা তুৰ্কী-পাৰ্চী প্ৰব্ৰজনকাৰীসকলৰ কাহিনীৰ সংমিশ্ৰণত বংগত এই ধাৰাটো বিকশিত হ’বলৈ আৰম্ভ কৰে।
-
বাংলা ভাষাৰ মহিলা কবি
বাংলা ভাষাৰ মহিলা কবিসকলে বাংলা সাহিত্যত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। প্ৰাচীন কালৰ পৰা আধুনিক সময়লৈকে বহু মহিলা কবিয়ে সমাজ, প্ৰেম, বিদ্ৰোহ, আৰু নাৰীবাদৰ বিষয়বস্তু লৈ কবিতা ৰচনা কৰিছে।
-
বাংলিশ
বাংলিশ (Banglish) বা বাংৰেজী (Bangreji, বাংলা: বাংব়েজি) হ'ল বাংলা আৰু ইংৰাজী ভাষাৰ এক মিশ্ৰিত ব্যৱহাৰ বা "কোড চুইচিং"। এই ভাষাগত মিশ্ৰণ বুজাবলৈ ১৯৭২ চনত প্ৰথমবাৰৰ বাবে "বেংলিশ" আৰু ১৯৭৫ চনত "বাংলিশ" শব্দটো ব্যৱহাৰ কৰা হৈছিল। লিখিত প্ৰসংগত বেংলিশ বা বাংলিশে মূলতঃ ৰোমানীকৃত বাংলাক বুজায়।