পোহৰৰ সাধনা (Puhoror Hadhona ) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন জীৱনী গ্ৰন্থ। বিজ্ঞানী থমাছ আলভা এডিচনৰ জীৱনক লৈ গ্ৰন্থখন ৰচিত। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে। ১৯৯৮ চনৰ জুন মাহত প্ৰথম প্ৰকাশ হোৱা কিতাপখনৰ দ্বিতীয় আৰু তৃতীয় সংস্কৰণ প্ৰকাশ পাইছে ক্ৰমান্বয়ে ২০০৭ চনৰ জানুৱাৰী মাহ আৰু ২০১০ চনৰ জানুৱাৰী মাহত। এই গ্ৰন্থখন লেখক বৰগোহাঞিয়ে লেনিন আৰু গীতিমালিকালৈ আগবঢ়াইছে।১
বিৱৰণ
বিজ্ঞানী টমাছ আলভা এডিছনৰ জীন-ভিত্তিক গ্ৰন্থ পোহৰৰ সাধনা। ইয়াত মুঠ ১৮ টা অধ্যায়ত বিজ্ঞানী জনৰ জীৱন-কাহিনী বৰ্ণনা কৰা আছে। অধ্যায়কেইটা হৈছে, অপৰাজেয় আশাবাদ; তিনি মাহতে স্কুলৰ পৰা খেদা খোৱা ল'ৰাজন; টমাছৰ অন্তহীন কৌতূহল; টমাছ ৰেলগাড়ীৰ ফেৰিৱালা হ'ল; ফেৰিৱালা টমাছ সাংবাদিক হ'ল; টমাছৰ গৱেষণাগাৰ; টমাছ টেলিগ্ৰাফৰ প্ৰতি আকৃষ্ট হ'ল; টমাছে চাকৰি পালে, কিন্তু চাকৰি ৰাখি খাব নোৱাৰিলে; বেছিকৈ শোৱাটো জীৱনৰ অপচয় মাত্ৰ; ব'ষ্টনৰ পৰা নিউইয়ৰ্কলৈ; মানুহৰ আটাইতকৈ মূল্যবান সম্পদঃ সময়; আৱিষ্কাৰৰ পিছত আৱিষ্কাৰ; মেনলো পাৰ্কৰ বাজিকৰ; গ্ৰামোফোনৰ আৱিষ্কাৰ; বিজুলী বাতিৰ আৱিষ্কাৰ; কাইনেট'স্ক'পৰ পৰা চিনেমালৈ; এডিছনৰ লগত সাক্ষাৎকাৰ আৰু এডিছন মানুহজন।১
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি
অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩
লগতে চাওক
তথ্যসূত্ৰ
- ↑ হোমেন বৰগোহাঞি. (জানুৱাৰী,২০১০). পোহৰৰ সাধনা. শ্ৰী অজয় কুমাৰ দত্ত
- ↑ Sahitya Akademi Official website
- ↑ Desk, Digital. (12 May 2021). Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam. News Live TV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পোহৰৰ সাধনা” প্ৰবন্ধৰ সংশোধন ৩৯৫৫০৫ (৭ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।