প্ৰতিমা (Pratima) হৈছে অসমৰ কবি, সাহিত্যিক আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য চন্দ্ৰকুমাৰ আগৰৱালাৰ এখন কাব্য গ্ৰন্থ। সংকলনটি ১৯১৩ চনত প্ৰকাশিত হৈছিল। সংকলনটিত সন্নিৱিষ্ট হোৱা প্ৰায়বোৰ কবিতাই জোনাকী আলোচনীত পূৰ্বতে প্ৰকাশিত হৈছিল।১
কবিৰ চমু পৰিচয়
মূল প্ৰবন্ধ: চন্দ্ৰকুমাৰ আগৰৱালা
চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭-১৯৩৮) এজন অসমীয়া কবি আৰু লেখক। অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা কৰা লেখকসকলৰ তেখেত আছিল অন্যতম। জোনাকীৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা 'বনকুঁৱৰী'য়েই আছিল প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা। আগৰৱালাক "প্ৰতিমাৰ খনিকৰ" বুলিও অভিহিত কৰা হয়। তেখেত জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আৰু সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য আছিল। 'জোনাকী' আলোচনীৰ জৰিয়তে আধুনিক অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙনিৰ বাবে আগৰৱালাৰ লগত লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক একেলগে 'জোনাকী যুগৰ ত্ৰিমূৰ্তি' বুলি কোৱা হয়। বনকুৱঁৰী, তেজীমলা, মাধুৰী, বীণবৰাগী, মহাত্মা আদি তেওঁৰ অনুপম কবিতা সমূহৰ অন্যতম কবিতা।
গ্ৰন্থৰ সংক্ষিপ্ত পৰিচয়
প্ৰতিমাত প্ৰকাশিত হোৱা কবিতাৰ মুখ্য চালিকা শক্তি হৈছে কবিৰ স্বাভাৱিক সৌন্দৰ্য-স্পৃহা আৰু প্ৰকৃতি প্ৰেম। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই প্ৰতিমা সম্পৰ্কে কৈছে যে প্ৰতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ। কাব্যগ্ৰন্থৰ নামটি চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কন্যা প্ৰতিমাৰ নামেৰে ৰখা হৈছিল। প্ৰতিমাই অকালতে মৃত্যুক সাবটি লৈছিল। প্ৰতিমাৰ কবিতাখিনিক আধুনিক অসমীয়া কাব্য সাহিত্যৰ গুৰুত্বপূৰ্ণ সম্পদ হিচাপে গণ্য কৰা হয়।১
তথ্যসূত্ৰ
- ↑ বৰুৱা, শান্তনু কৌশিক. (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৬০৭. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতিমা (কাব্য গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ২৫০৪১০ (২৪ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।