অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বাংলা ভাষাৰ মহিলা কবি

বাংলা ভাষাৰ মহিলা কবিসকলে বাংলা সাহিত্যত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। প্ৰাচীন কালৰ পৰা আধুনিক সময়লৈকে বহু মহিলা কবিয়ে সমাজ, প্ৰেম, বিদ্ৰোহ, আৰু নাৰীবাদৰ বিষয়বস্তু লৈ কবিতা ৰচনা কৰিছে।

হালনাগাদ: ২০ মাৰ্চ ২০২৫ ৩১৫ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

বঙালী ভাষাৰ মহিলা কবিসকলে বাংলা সাহিত্যত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। প্ৰাচীন কালৰ পৰা আধুনিক সময়লৈকে বহু মহিলা কবিয়ে সমাজ, প্ৰেম, বিদ্ৰোহ, আৰু নাৰীবাদৰ বিষয়বস্তু লৈ কবিতা ৰচনা কৰিছে।

প্ৰাচীন আৰু মধ্যযুগৰ মহিলা কবি

বাংলা ভাষাৰ প্ৰথম মহিলা কবি হিচাপে চন্দ্ৰাৱতীৰ নাম বিশেষভাৱে উল্লেখযোগ্য। তেওঁ ১৬শ শতিকাৰ কবি। তেওঁ ৰামায়ণ কাব্যৰ এক সংস্কৰণ লিখিছিল। মধ্যযুগত মহিলা কবিৰ সংখ্যা সীমিত আছিল, কাৰণ সেই সময়ত নাৰীৰ লিখাৰ সুযোগ কম আছিল।১ তদুপৰি খনাই জ্যোতিষবিদ্যাৰ ওপৰত খ্যাতনামা খনাৰ বচন ৰচনা কৰিছিল।

ঊনবিংশ আৰু বিংশ শতাব্দীৰ মহিলা কবি

  • কামিনী ৰায় (১৮৬৪-১৯৩৩) — বাংলা ভাষাৰ প্ৰথম আধুনিক মহিলা কবি।২ তেওঁৰ কাব্যগ্ৰন্থসমূহ হ'ল:
    • আলো ও ছায়া (১৮৮৯)
    • নিৰ্মাল্য (১৮৯১)
    • মাল্য ও নিৰ্মাল্য (১৯১৩)
  • ছুফিয়া কামাল (১৯১১-১৯৯৯) — নাৰীবাদী আৰু সমাজসচেতন কবি আছিল।৩ তেওঁৰ কাব্যগ্ৰন্থসমূহ হ'ল:
    • কেয়া ফুল (১৯৩৭)
    • মায়াৰ কাফন (১৯৫১)
    • উপৰবাস (১৯৬৫)
  • নজিবুন নেছা — তেওঁ সমাজ আৰু নাৰীৰ অৱস্থাৰ বিষয়ে কবিতা লিখিছিল।
  • সৰোজিনী নাইডু (১৮৭৯-১৯৪৯) — "নাইটিঙ্গেল অফ ইণ্ডিয়া" বুলি জনাজাত।
  • স্বৰ্ণবালা সৰকাৰ— বিশিষ্ট সাহিত্যিক।
  • মৈত্ৰেয়ী দেৱী— কবি আৰু লেখিকা, ন হন্যতেৰ ৰচয়িতা।
  • স্বৰ্ণকুমাৰী দেৱী — ১৮শ শতকৰ উল্লেখযোগ্য কবি।
  • কুসুমকুমাৰী দাস — জনপ্ৰিয় কবি।
  • আজিজুন্নেছা খাতুন— প্ৰসিদ্ধ কবি আৰু সাহিত্যিক।
  • মহমুদা খাতুন চিদ্দিকা — সমাজ আৰু নাৰীবাদৰ ওপৰত লিখা কবি।

আধুনিক আৰু সমসাময়িক মহিলা কবি

  • তছলিমা নাছৰিন (জন্ম ১৯৬২) — বিতৰ্কিত আৰু বিদ্ৰোহী কবি হিচাপে পৰিচিত।৪ তেওঁৰ কাব্যগ্ৰন্থসমূহ হ'ল:
    • আমাৰ মেয়েবেলা
    • নীল যাত্ৰা
  • নৱনীতা দেৱ সেন (১৯৩৮-২০১৯) — আধুনিক বাংলা কবিতাৰ অন্যতম কবি, যাৰ উল্লেখযোগ্য কাব্য গ্ৰন্থখনৰ নাম হ'ল আমি অনুপম।৫
  • মন্দাক্ৰান্তা সেন —সাম্প্ৰতিক সময়ৰ শক্তিশালী কবি।
  • মল্লিকা সেনগুপ্তা — বিদ্ৰোহ আৰু নাৰীবাদৰ ওপৰত লিখা কবি।
  • কবিতা সিনহা — প্ৰসিদ্ধ সাহিত্যিক আৰু কবি।
  • শতৰূপা সান্যাল — সমসাময়িক মহিলা কবি।
  • যশোধৰা ৰায় চৌধুৰী — আধুনিক কবি।
  • লিলি চক্ৰৱৰ্তী — কবিতা আৰু গল্প লিখা সাহিত্যিক।
  • অনিতা অগ্নিহোত্ৰী — সমসাময়িক সাহিত্যিক।
  • অনুত্তমা বেনাৰ্জী —সমসাময়িক কবি।
  • মানকুমাৰী বসু — প্ৰসিদ্ধ সাহিত্যিক।
  • ৰাজলক্ষ্মী দেৱী ভট্টাচাৰ্য — কবি আৰু লেখিকা।
  • গৌৰী ধৰ্মপাল — আধুনিক কবি।
  • মেহেৰুন নেছা — সমসাময়িক কবি।
  • গীতা মেঘালী — সমসাময়িক কবিৰ মাজত উল্লেখযোগ্য।
  • মৌচুমী বন্দ্যোপাধ্যায় — সমসাময়িক কবিৰ মাজত উল্লেখযোগ্য।

উপসংহাৰ

বাংলা সাহিত্যত মহিলা কবিসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। তেওঁলোকৰ কবিতাত সমাজ, প্ৰেম, নাৰীবাদ, আৰু বিদ্ৰোহৰ বহুবিধ বিষয় স্থান পাইছে।

তথ্যসূত্ৰ

  1. ↑ সেন, সুকুমাৰ. (১৯৭৭). বাংলা সাহিত্যেৰ ইতিহাস. আনন্দ পাবলিশাৰ্স
  2. ↑ ভট্টাচাৰ্য, ব্ৰজেন্দ্ৰনাথ. (১৯৮২). বাংলা নাৰী সাহিত্যিক. বিশ্বভাৰতী
  3. ↑ সুফিয়া কামাল. সমকাল
  4. ↑ ইসলাম, জাকিৰ. (২০০৩). তসলিমা নাসৰিন: বিতৰ্ক ও সাহিত্য. বাংলা একাডেমি
  5. ↑ নবনীতা দেবসেন. আনন্দবাজাৰ পত্ৰিকা

সম্পৰ্কিত শ্ৰেণী

কবিনাৰীবাদীসাহিত্যসাহিত্যিকবঙালী ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাংলা ভাষাৰ মহিলা কবি” প্ৰবন্ধৰ সংশোধন ৪৯৪৭৩৫ (২০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।