অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

প্ৰাচীন কামৰূপৰ ইতিহাস (গ্ৰন্থ)

প্ৰাচীন কামৰূপৰ ইতিহাস হৈছে কনকলাল বৰুৱাৰ দ্বাৰা ৰচিত Early History of Kamarupa শীৰ্ষক বুৰঞ্জীখনৰ অঞ্জন শৰ্মাই অসমীয়ালৈ কৰা অনুবাদ। ১৯৩৩ চনত প্ৰথম প্ৰকাশ পোৱা মূল ইংৰাজী গ্ৰন্থখনৰ অসমীয়া অনুবাদ প্ৰকাশ হয় ২০২০ চনত।

হালনাগাদ: ২ জানুৱাৰী ২০২৪ ১৮৭ শব্দ · ১ মিনিট সংগৃহীত ৫৩
সংশোধনৰ পৰামৰ্শ

প্ৰাচীন কামৰূপৰ ইতিহাস হৈছে কনকলাল বৰুৱাৰ দ্বাৰা ৰচিত Early History of Kamarupa শীৰ্ষক বুৰঞ্জীখনৰ অঞ্জন শৰ্মাই অসমীয়ালৈ কৰা অনুবাদ। ১৯৩৩ চনত প্ৰথম প্ৰকাশ পোৱা মূল ইংৰাজী গ্ৰন্থখনৰ অসমীয়া অনুবাদ প্ৰকাশ হয় ২০২০ চনত। মুঠ পোন্ধৰটা অধ্যায়ত বিভক্ত এই বুৰঞ্জীখনক আমি অসমলৈ আহোমসকল অহাৰ আগৰ সময়ছোৱাৰ ইতিহাস হিচাপে বিচাৰ কৰিব পাৰোঁ। এই গ্ৰন্থখন ৰচনা কৰাৰ উদ্দেশ্যৰ বিষয়ে কনকলাল বৰুৱাই গ্ৰন্থখনৰ পাতনিত নিজেই এইদৰে উল্লেখ কৰিছে - এই গ্ৰন্থখনৰ উদ্দেশ্য় হ'ল প্ৰাচীন কালৰপৰাই ষোড়শ শতাব্দীৰ অন্তিম কালৰ কোচ ৰজা নৰনাৰায়ণৰ পৰলোকপ্ৰাপ্তিৰ সময়ছোৱাৰ প্ৰাগজ্যোতিষ বা কামৰূপ নামেৰে পৰিচিত দেশখনৰ সাধ্যানুসৰি এখন ইতিহাস প্ৰস্তুত কৰা।১

অধ্যায়সমূহ

এই গ্ৰন্থখনত থকা মুঠ পোন্ধৰটা অধ্যায়ৰ শিৰোনামসমূহ নিম্নোলিখিত ধৰণৰ -

  • প্ৰথম অধ্যায় - প্ৰাগজ্যোতিষ
  • দ্বিতীয় অধ্যায় - প্ৰাগৈতিহাসিক সময়ছোৱা
  • তৃতীয় অধ্যায় - গুপ্ত যুগৰ সময়ৰ কামৰূপ ৰাজ্য
  • চতুৰ্থ অধ্যায় - ভাস্কৰবৰ্মাৰ ৰাজত্বকালৰ কামৰূপ
  • পঞ্চম অধ্যায় - শালস্তম্ভ বংশ
  • ষষ্ঠ অধ্যায় - ব্ৰহ্মপালৰ ৰাজবংশ
  • সপ্তম অধ্যায় - সাংস্কৃতিক আৰু বৈষয়িক প্ৰগতিৰ এক সমীক্ষা
  • অষ্টম অধ্যায় - পিছৰছোৱা সময়ৰ কামৰূপৰ ৰজাসকল
  • নৱম অধ্যায় - মুছলমানৰ আক্ৰমণসমূহ
  • দশম অধ্যায় - কমতাৰ ৰজাসকল
  • একাদশ অধ্যায় - চুটীয়া ৰাজ্য
  • দ্বাদশ অধ্যায় - ভূঞাসকলৰ শাসন
  • ত্ৰয়োদশ অধ্যায় - কোচৰ ৰাজত্ব
  • চতুৰ্দশ অধ্যায় - বৈষ্ণৱ ধৰ্মৰ সংস্কাৰ সাধন
  • পঞ্চদশ অধ্যায় - সাহিত্যৰ শ্ৰীবৃদ্ধি২

তথ্যসূত্ৰ

  1. ↑ অঞ্জন শৰ্মা (অনু), প্ৰাচীন কামৰূপৰ ইতিহাস, পাতনি, মাৰ্চ ২০২০, পৃ.২৯।
  2. ↑ অঞ্জন শৰ্মা (অনু), প্ৰাচীন কামৰূপৰ ইতিহাস, সূচীপত্ৰ, মাৰ্চ ২০২০, পৃ.৪৩

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাচীন কামৰূপৰ ইতিহাস (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৪০০২০২ (২ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।