অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বনমালী তুমি পৰজনমে হইয়ো ৰাধা (বাংলা গীত)

বনমালী তুমি পৰজনমে হইয়ো ৰাধা (বনমালী তুমি পব়জনমে হইয়ো ব়াধা) দীন শৰৎ ৰচিত এটি জনপ্ৰিয় ভক্তিমূলক বাংলা গীত। বহুতে এই গীতটি‍ ৰাধাৰমণ দত্তই ৰচনা কৰা বুলি বিশ্বাস কৰে। গীতটিৰ ৰচনাকালৰ বিষয়ে জানিব পৰা হোৱা নাই।

হালনাগাদ: ২ জানুৱাৰী ২০২৬ ২৯২ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বনমালী তুমি পৰজনমে হইয়ো ৰাধা (বনমালী তুমি পব়জনমে হইয়ো ব়াধা) দীন শৰৎ ৰচিত এটি জনপ্ৰিয় ভক্তিমূলক বাংলা গীত।১ বহুতে এই গীতটি‍ ৰাধাৰমণ দত্তই ৰচনা কৰা বুলি বিশ্বাস কৰে। গীতটিৰ ৰচনাকালৰ বিষয়ে জানিব পৰা হোৱা নাই। ১৯৯২ চনত মুক্তিপ্ৰাপ্ত বাংলাদেশী বাংলা ভাষাৰ চলচ্চিত্ৰখন ৰাধা কৃষ্ণত এই গীতটি‍ ব্যৱহাৰ কৰা হৈছিল। এই গীতটিত কণ্ঠদান কৰাৰ বাবে‍ ছাবিনা ইয়াছমিনে শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।

তাৎপৰ্য

কৃষ্ণক নিজৰ দুখ অনুভৱ কৰাবলৈ ৰাধাৰ হেঁপাহ বৈঞ্চৱ বাউল আৰু সাধু কবি ৰাধাৰমণ দত্তই ৰচনা কৰা এই ভক্তিমূলক গীতটোত প্ৰতিফলিত হৈছে। এইকথা কোৱা হয় যে কৃষ্ণৰ বিৰহৰ প্ৰতি থকা আকুতি আৰু নোপোৱাৰ বেদনাৰ বাবেই ধামালী গীতৰ প্ৰৱৰ্তক ৰাধাৰমণ দত্ত সাধক হৈ পৰিছিল। তেওঁ হাজাৰ হাজাৰ গীত ৰচনা কৰিছিল, য’ত বাৰে বাৰে বেদনা আৰু দুখ ফুটি উঠিছে৷ নিজৰ হৃদয়ত অনুভৱ কৰা যন্ত্ৰণাৰ সহায়ত তেওঁ ৰাধিকাৰ হৃদয়ৰ যন্ত্ৰণাক গীতেৰে প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। তেনেকুৱা এটা গীত - "বনমালী গো'"। এই গীতটোত ৰাধাই নিজেই পৰৱৰ্তী জন্মত কৃষ্ণৰ ৰূপ পোৱাৰ ইচ্ছা প্ৰকাশ কৰি কৃষ্ণক ৰাধিকাৰ জীৱন পোৱাটো বিচাৰিছে৷ অভিমানী ৰাধাই ভাবিছিল যে এইদৰেই কৃষ্ণই ৰাধাৰ হৃদয়ৰ বেদনা আৰু নাৰী জীৱনৰ কলংক অনুভৱ কৰিব পাৰিব।

আধুনিক সংস্কৰণ

বোলছবিত ৰাধা কৃষ্ণ

১৯৯২ চনত মুক্তিপ্ৰাপ্ত ৰাধা কৃষ্ণ বোলছবিত গোৱা এই গীতটিৰ বাবে ছাবিনা ইয়াছমিনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।

নয়নেৰ আলো বোলছবিত

১৯৯৮ চনত স্বপন সাহাৰ পৰিচালনাত নিৰ্মিত নয়নেৰ আলো ছবিত এই গীতটো ব্যৱহাৰ কৰা হৈছিল।

বাংলা স্বৰলিপি

২০১৯ চনৰ আশা অডিঅ' লেভেলত জয়তী চক্ৰৱৰ্তীয়ে‍ গোৱা সংস্কৰণটিৰ স্বৰলিপি তলত দিয়া হ'ল:১২

তুমি আমাৰি মতন জ্বলিও জ্বলিও

বিৰহ কুসুম হাৰ গলেতে পৰিও (x২)

তুমি যায়ো.. যমুনাৰ ঘাটে

না মানি ননদীৰও বাধা।

বনমালী তুমি পৰজনমে হয়ো ৰাধা

বনমালী তুমি পৰজনমে হয়ো ৰাধা।

তুমি আমাৰি মতন কান্দিও কান্দিও

কৃষ্ণ কৃষ্ণ নাম বদনে জপিও (x২)

তুমি বুঝিবে তখন.. নাৰীৰও বেদন

ৰাধাৰ ও প্ৰাণে কত ব্যথা।

বনমালী তুমি পৰজনমে হয়ো ৰাধা

বনমালী তুমি পৰজনমে হয়ো ৰাধা।

তুমি আমাৰি মতন মৰিও মৰিও

শ্যামও কলঙ্কেৰ হাৰ গলেতে পৰিও (x২)

তুমি পুড়িও তখম.. আমাৰি মতন

বুকে লইয়া দুখেৰ চিতা।

বনমালী তুমি পৰজনমে হয়ো ৰাধা

বনমালী তুমি পৰজনমে হয়ো ৰাধা।

ভাবিয়া সৰোজ কয় ওহে কৃষ্ণপদ

প্ৰেমেৰও মায়াডোৰে আমাৰে বাঁন্ধিয়ো (x২)

আমি মৰিয়া হইবো শ্ৰীনন্দেৰ নন্দন..

তোমাৰে বানাবো আধা।

বনমালী তুমি পৰজনমে হয়ো ৰাধা

বনমালী তুমি পৰজনমে হয়ো ৰাধা।

তথ্যসূত্ৰ

  1. ↑ Narayan. (2023-01-21). Bonomali Tumi Lyrics (বনমালী তুমি) · Jayati Chakraborty
  2. ↑ Bonomali Tumi Lyrics (বনমালী তুমি) Jayati Chakraborty

সম্পৰ্কিত শ্ৰেণী

বঙালী সাহিত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনমালী তুমি পৰজনমে হইয়ো ৰাধা (বাংলা গীত)” প্ৰবন্ধৰ সংশোধন ৫৬৭৪৩২ (২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।