পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি শীৰ্ষক গ্ৰন্থখন মহেশ্বৰ নেওগৰ দ্বাৰা ৰচিত। ১৯৫৭ চনত বাণী মন্দিৰ প্ৰকাশনে প্ৰথম প্ৰকাশ কৰা এই গ্ৰন্থখনত অসমৰ সামাজিক-সাংস্কৃতিক জীৱনৰ বিভিন্ন দিশ সামৰি লোৱা হৈছে।১
বিষয়বস্তু
"পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি" শীৰ্ষক গ্ৰন্থখনত অসমত বসবাস কৰা ভিন ভিন জাতি-জনজাতিৰ উল্লেখ,অসমৰ ধৰ্মীয় ইতিহাস,সংগীত কলা,জ্যোতিষ-চৰ্চা,অনুবাদ চৰ্চা ইত্যাদি বিভিন্ন বিষয়ৰ আলোচনাৰ লগতে পুৰণি অসমৰ আৰ্থ-সামাজিক দিশটোও প্ৰকাশ হৈছে। বৰ্তমানৰ পৰিবৰ্দ্ধিত সংস্কৰণত সত্ৰীয়া নৃত্য আৰু চিত্ৰকলা সম্পৰ্কীয় প্ৰবন্ধসমূহ সংযোগ কৰিছে। গ্ৰন্থখন তিনিটা খণ্ডত বিভক্ত কৰা হৈছে।
প্ৰবন্ধসমূহ
গ্ৰন্থখনৰ আৰম্ভণিতে 'অসমৰ জাতি জনজাতি' আৰু 'ধৰ্ম আৰু সম্প্ৰদায়' সম্বন্ধীয় আলোচনা দুটা পাতনি হিচাপে দিয়া হৈছে। গ্ৰন্থখনত সন্নিবিষ্ট আন আন প্ৰবন্ধসমূহ হৈছে-'শৈৱ ধৰ্ম', 'শাক্ত ধৰ্ম', 'বৈষ্ণৱ ধৰ্ম', 'বৌদ্ধ ধৰ্ম', 'ধৰ্ম দেৱতাৰ পূজা, 'সৰ্প-দেৱী মনসাৰ পূজা', 'শীতলা পূজা', 'নাথ ধৰ্ম', 'সূৰ্য আৰু নৱগ্ৰহৰ পূজা', 'তন্ত্ৰ মন্ত্ৰ আৰু ইন্দ্ৰজাল বিদ্যা', 'শদিয়াৰ কেঁচাইখাঁতী গোসাঁনী আৰু নৰবলি', ' নৰবলিৰ প্ৰথা', 'আত্মবলি,স্ব-গাত্ৰ ৰধিৰ দান আৰু স্ব-মাংস প্ৰদান', 'সংস্কৃত সাহিত্য আৰু আন পুথি', 'স্মৃতি নিবন্ধ ', 'সংগীত কলা', 'জ্যোতিষ চৰ্চা', 'আয়ুৰ্বেদ', 'অসমীয়া ভাষা সাহিত্য', 'অৰ্থনৈতিক সামাজিক জীৱন', 'অসমত ধ্ৰুপদী নৃত্যৰ ঐতিহ্য ', 'সত্ৰীয়া আৰু ওজা-পালি নাচৰ ধ্ৰুপদী স্বীকৃতি', 'সত্ৰীয়া নৃত্য', 'পুৰণি অসমৰ চিত্ৰকলা' আৰু 'অসমৰ চিত্ৰকলা'।১
তথ্যসূত্ৰ
- ↑ নেওগ, মহেশ্বৰ. ISBN 978-93-244-0561
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ২৭৫৭৫০ (১২ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।