প্ৰেম অমৃতৰ নদী (Prem Amritoro Nodi) হৈছে অসমৰ গল্পকাৰ, সাহিত্যিক, নাট্যকাৰ, ঔপন্যাসিক চৈয়দ আব্দুল মালিকৰ দ্বাৰা লিখিত এখনি বিশিষ্ট উপন্যাস। মহাপুৰুষ মাধৱদেৱৰ জীৱন, আদৰ্শ আৰু কৰ্মৰাজীৰ আখ্যানেই এই গ্ৰন্থখনৰ মূল আধাৰ। ১৯৯৯ চনত এই উপন্যাসখন প্ৰকাশিত হৈছিল।১২
গ্ৰন্থকাৰৰ চমু পৰিচয়
মূল প্ৰবন্ধ: চৈয়দ আব্দুল মালিক
চৈয়দ আব্দুল মালিক (১৯১৯-২০০০) অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি। তেওঁ ২৫ খনৰো অধিক গল্প সংকলন, ৫০ খনতকৈ অধিক উপন্যাস, পাঁচখন কবিতা সংকলন, তিনিখন শিশু সাহিত্য আৰু ২০খন মঞ্চ অনাতাঁৰ নাট আৰু অলেখ প্ৰবন্ধ ৰচনা কৰিছিল। তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ সভাপতি হয়। তেওঁ "অঘৰী আত্মাৰ কাহিনী" উপন্যাসৰ বাবে ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ উপৰিও ১৯৯২ চনত অসম উপত্যকা বঁটা, ১৯৯৯ চনত শংকৰদেৱ বঁটা আৰু পদ্মশ্ৰী, পদ্মভূষণ সন্মান লাভ কৰে। চৈয়দ আব্দুল মালিকৰ আন এখন গুৰুত্বপূৰ্ণ উপন্যাস ধন্য নৰ তনু ভালত মহাপুৰুষ শংকৰদেৱৰ জীৱন-আখ্যান সন্নিৱিষ্ট হৈছে।
উপন্যাসৰ সংক্ষিপ্ত বিৱৰণ
মহাপুৰুষ শ্ৰী মন্ত মাধৱদেৱ আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰম শিষ্য। সাংসাৰিক আৱেগ তথা বান্ধোনৰ পৰা মুক্ত হৈ মাধৱদেৱে কিদৰে আত্ম-উপলব্ধিৰ অন্বেষণ কৰিছিল, সেই বিৱৰণ এই উপন্যাসখনত তুলি ধৰা হৈছে। ব্যক্তিত্বসম্পন্ন মাধৱদেৱৰ চিন্তাজগত আৰু আদৰ্শক মালিকৰ এই উপন্যাসখনে উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছে।১
তথ্যসূত্ৰ
- ↑ বৰুৱা, শান্তনু কৌশিক. (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৬০৭. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮
- ↑ ড॰ ধ্ৰুৱজ্যোতি নাথ. চৈয়দ আব্দুল মালিকৰ ‘প্ৰেম অমৃতৰ নদী’ উপন্যাসত প্ৰকৃতি চিত্ৰণ বিস্তাৰিত: nilacharai.com/sayed-abdul-malik-upanyas-prema-a
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰেম অমৃতৰ নদী” প্ৰবন্ধৰ সংশোধন ৪২১০৩৯ (১২ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।