বাংলিশ (Banglish) বা বাংৰেজী (Bangreji, বঙালী ভাষা: বাংব়েজি) হ'ল বঙালী ভাষা আৰু ইংৰাজী ভাষা ভাষাৰ এক মিশ্ৰিত ব্যৱহাৰ বা "কোড চুইচিং"।১ এই ভাষাগত মিশ্ৰণ বুজাবলৈ ১৯৭২ চনত প্ৰথমবাৰৰ বাবে "বেংলিশ" আৰু ১৯৭৫ চনত "বাংলিশ" শব্দটো ব্যৱহাৰ কৰা হৈছিল।২
লিখিত প্ৰসংগত বেংলিশ বা বাংলিশে মূলতঃ ৰোমানীকৃত বাংলাক বুজায়। ইয়াৰ অৰ্থ হৈছে বাংলা ভাষাটো লেটিন লিপি ব্যৱহাৰ কৰি লিখা, য’ত প্ৰায়ে ইংৰাজী ভাষাৰ শব্দৰ প্ৰচুৰ ব্যৱহাৰ দেখা যায়।৩৪
শৈক্ষিক বা পণ্ডিতমহলৰ আলোচনা অনুসৰি "বেংলিশ ক্ৰিয়া" বুলিলে এনে এক যৌগিক ক্ৰিয়াক বুজায়, যি এটা ইংৰাজী শব্দ আৰু এটা বাংলা ক্ৰিয়া মিলি গঠিত হয়। যেনে: "এক্সিডেণ্ট কৰা" (দুৰ্ঘটনা সংঘটিত কৰা), "ইন হোৱা" (প্ৰৱেশ কৰা), বা "কনফিউজ কৰা" (বিভ্ৰান্তিৰ সৃষ্টি কৰা) আদি।৫৬৭
২০১২ চনত বাংলা ভাষাৰ পৱিত্ৰতা আৰু শুদ্ধতা ৰক্ষা কৰাৰ উদ্দেশ্যে বাংলাদেশ উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশ মৰ্মে বাংলাদেশৰ টিভি, ৰেডিঅ'কে ধৰি সকলো ধৰণৰ গণমাধ্যমত "বাংলিশ" ব্যৱহাৰ আৰু প্ৰচাৰ কৰাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হয়।৮৯
ৰোমান লিপিত ছপা হোৱা বঙালী ভাষাৰ আটাইতকৈ প্ৰাচীন নিদৰ্শন আছিল ১৮০৩ চনত ছয়টা ভাৰতীয় ভাষাত প্ৰকাশিত ঈছপৰ সাধুৰ এটা সংগ্ৰহ, যাৰ নাম আছিল অৰিয়েণ্টেল ফেবুলিষ্ট। ১৯৩০-ৰ দশকত বিখ্যাত ভাষাবিদ সুনীতি কুমাৰ চট্টোপাধ্যায়ে বাংলা ভাষাৰ বানানৰ অসামঞ্জস্য দূৰ কৰিবলৈ আৰু সমগ্ৰ ভাৰতীয় পাঠকৰ বাবে সহজসাধ্য কৰিবলৈ বাংলা ভাষাক ৰোমান লিপিত লিখাৰ পৰামৰ্শ দিছিল। বৰ্তমান ভাৰতৰ পশ্চিমবংগৰ কলিকতা চহৰৰ কিছুমান প্ৰকাশকে এনে পাঠকসকলৰ বাবে ৰোমান বৰ্ণমালা ব্যৱহাৰ কৰি ধ্ৰুপদী আৰু শিশুৰ কিতাপ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে, যিসকলে বাংলা ক'ব পাৰে কিন্তু বাংলা বৰ্ণমালা পঢ়িব নাজানে। উল্লেখনীয়ভাৱে, ২০১৮ চনৰ কলকাতা আন্তঃৰাষ্ট্ৰীয় কিতাপ মেলাত এজন প্ৰকাশকৰ বিক্ৰী তালিকাত এই "বেংলিশ কিতাপসমূহ" তৃতীয় সৰ্বাধিক বিক্ৰী হোৱা শ্ৰেণী হিচাপে পৰিগণিত হৈছিল।১০
আৰু চাওক
তথ্যসূত্ৰ
- ↑ Tahereen 2016
- ↑ Lambert, James. 2018. A multitude of ‘lishes’: The nomenclature of hybridity. English World-wide, 39(1): 22. DOI: 10.1075/eww.38.3.04lam
- ↑ Kaiser, M. Shamim; Bandyopadhyay, Anirban; Mahmud, Mufti. (2020-12-16). Proceedings of International Conference on Trends in Computational and Cognitive Engineering: Proceedings of TCCE 2020. Springer Nature. পৃ. 142. ISBN 978-981-334-673-4
- ↑ Sisodia, Dilip Singh; Garg, Lalit; Pachori, Ram Bilas. (2023-05-30). Machine Intelligence Techniques for Data Analysis and Signal Processing: Proceedings of the 4th International Conference MISP 2022, Volume 1. Springer Nature. পৃ. 107. ISBN 978-981-99-0085-5
- ↑ Sishir Bhattacharya, 2010 Benglish Verbs: a Case of Code-Mixing in Bengali PACLIC 24 Proceedings
- ↑ Kundu, Subhash Chandra, 2012 Automatic detection of English words in Benglish text: A statistical approach 2012 4th International Conference on Intelligent Human Computer Interaction (IHCI)
- ↑ Hunting Elusive English in Hinglish and Benglish Text: Unfolding Challenges and Remedies, Centre for Development of Advanced Computing (CDAC)
- ↑ (17 February 2012). Bangladesh bans 'Banglish' to protect local tongue. The Express Tribune. Agence France-Presse
- ↑ ন্যক্বাৰজনক 'বাংলিশ' নিষিদ্ধ কৰল হাইকোৰ্ট – DW – 17.02.2012. dw.com
- ↑ Bengali books for children in Roman script
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাংলিশ” প্ৰবন্ধৰ সংশোধন ৬২২৮৯২ (৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।