অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বাংলা কিচ্ছা

বাংলা কিচ্ছা / বাংলা কেচ্ছা হৈছে বাংলা কবিতা আৰু গদ্যৰ এক ধাৰা তথা বাংলা ভাষাৰ মৌখিক কাহিনী কোৱাৰ এক পৰম্পৰা। থলুৱা বাংলা লোককথা আৰু আৰব তথা তুৰ্কী-পাৰ্চী প্ৰব্ৰজনকাৰীসকলৰ কাহিনীৰ সংমিশ্ৰণত বংগত এই ধাৰাটো বিকশিত হ’বলৈ আৰম্ভ কৰে।

হালনাগাদ: ১৩ মাৰ্চ ২০২৬ ৩৬৬ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বাংলা কিচ্ছা / বাংলা কেচ্ছা১ হৈছে বাংলা কবিতা আৰু গদ্যৰ এক ধাৰা তথা বঙালী ভাষাৰ মৌখিক কাহিনী কোৱাৰ এক পৰম্পৰা। থলুৱা বাংলা লোককথা আৰু আৰব তথা তুৰস্ক-পাৰ্চী প্ৰব্ৰজনকাৰীসকলৰ কাহিনীৰ সংমিশ্ৰণত বংগত এই ধাৰাটো বিকশিত হ’বলৈ আৰম্ভ কৰে।২ বাংলাদেশৰ গ্ৰাম্য মুছলমান সম্প্ৰদায়ৰ মাজত এই শিল্পৰূপটো এতিয়াও জনপ্ৰিয়। য'ত 'কিচ্ছা'ই মুছলমানসকলৰ মাজত প্ৰেম, বীৰত্ব, সন্মান আৰু নৈতিক সততাৰ জনপ্ৰিয় কাহিনী প্ৰচাৰৰ এক ইছলামিক আৰু/বা পাৰ্চী ঐতিহ্যক প্ৰতিফলিত কৰে, ই বংগত উপনীত হোৱাৰ পিছত ধৰ্মৰ সীমা অতিক্ৰম কৰি এক ধৰ্মনিৰপেক্ষ ৰূপ লাভ কৰে আৰু ইয়াৰ সৈতে প্ৰাক-ইছলামিক বাংলা সংস্কৃতি আৰু লোককথাক অন্তৰ্ভুক্ত কৰি লয়।

ব্যুৎপত্তি আৰু উচ্চাৰণ

'কিচ্ছা' শব্দটো আৰবী ভাষাৰ 'কিচ্ছা' (Qissa—قصه) শব্দৰপৰা আহিছে, যাৰ অৰ্থ হৈছে 'মহাকাব্যিক কিংবদন্তি' বা 'লোককথা'। ই ভাৰতীয় উপমহাদেশৰ বহুতো ভাষাক প্ৰভাবিত কৰিছে আৰু বঙালী ভাষা, গুজৰাটী ভাষা, উৰ্দু ভাষা আৰু হিন্দী ভাষাৰ দৰে ভাৰতীয়-আৰ্য ভাষাসমূহত এটা সাধাৰণ বিশেষ্য হিচাপে ব্যৱহৃত হয়। অনানুষ্ঠানিকভাৱে ব্যৱহাৰ কৰিলে ইয়াৰ অৰ্থ হ'ল এক 'আকৰ্ষণীয় কাহিনী' বা 'উপকথা'।

ইতিহাস

১৫ শতিকাৰপৰা বংগত কিচ্ছাই অপৰিসীম জনপ্ৰিয়তা লাভ কৰা বুলি কোৱা হয়। বাঙালী মুছলমান লেখকসকলে তেওঁলোকৰ কিচ্ছাসমূহত প্ৰেম, যুদ্ধ, ধৰ্ম আৰু বীৰত্বৰ পাৰ্চী-আৰৱ বিষয়-বস্তু মিহলাইছিল। বাংলা ভাষাৰ 'দোভাষী' উপভাষা আছিল কিচ্ছা লিখাৰ বাবে এক জনপ্ৰিয় মাধ্যম। মোগল সাম্ৰাজ্য বংগ আৰু বংগ চুলতানতৰ চৰকাৰী ভাষা পাৰ্চীৰদ্বাৰা ইয়াৰ শব্দভাণ্ডাৰ যথেষ্ট প্ৰভাবিত হৈছিল। উনবিংশ শতিকাত সমগ্ৰ বংগতে বহুতো কিচ্ছা প্ৰকাশন কোম্পানী গঢ়ি উঠিছিল, বিশেষকৈ বটতলাৰ ছপাশালসমূহ এই ক্ষেত্ৰত আগৰণুৱা আছিল। হাওৰাত 'মুছলমানি কিচ্ছা সাহিত্য'ৰ দৰে সাহিত্য সমাজ গঠন কৰা হৈছিল।৩ অৱশ্যে বিংশ শতিকাৰ আৰম্ভণিৰপৰা কিচ্ছাই ইয়াৰ জনপ্ৰিয়তা হেৰুৱাবলৈ আৰম্ভ কৰে। বাংলা ভাষাৰ মানক ৰূপ (সাধু-ভাষা) প্ৰতিষ্ঠা হোৱাৰ লগে লগে দোভাষী উপভাষাৰ সৈতে কিচ্ছাৰো জনপ্ৰিয়তা হ্ৰাস পায়। ইয়াৰ প্ৰমাণ ১৯ শতিকাৰ শেষৰফালে মীৰ মোশ্বাৰফ হোছেইনে লিখা 'বিষাদ সিন্ধু'ত পোৱা যায়, যিটো কাৰবালাৰ যুদ্ধৰ পৰম্পৰাগত বাংলা কিচ্ছাৰ ওপৰত আধাৰিত আছিল যদিও তেওঁ পাৰ্চী মিশ্ৰিত দোভাষীৰ পৰিৱৰ্তে সংস্কৃতবহুল সাধু-ভাষাত লিখিছিল।৪

উল্লেখনীয়তা

লিখিত বাংলা কিচ্ছাসমূহ বাঙালী মুছলমান পৰিয়ালবোৰৰ ঘৰুৱা সামগ্ৰী হৈ পৰিছিল। ১৫ শতিকাৰ শ্বাহ মহম্মদ চগিৰৰ 'ইউছুফ-জুলেখা'ক মধ্যযুগীয় বাংলা সাহিত্যৰ শ্ৰেষ্ঠ কৰ্ম বুলি গণ্য কৰা হয়।৫ চট্টগ্ৰামৰ বাহৰাম খানে 'লাইলী-মজনু'ৰ নিজা সংস্কৰণ প্ৰস্তুত কৰিছিল। সাতকানীয়াৰ কবি নৱাজিশ খানে 'গুলে বাকাৱলী' লিখিছিল য’ত প্ৰেমৰ কাহিনীৰ লগতে পৰীৰ দৰে জীৱৰ বৰ্ণনা আছিল। বাংলা ভাষাৰ কবিসকলে এনে বহু কাহিনীৰ বিভিন্ন সংস্কৰণ লিখিছিল। অন্যান্য বিখ্যাত কিচ্ছাসমূহৰ ভিতৰত আছে— আমিৰ হামজা, মধু মালতী, ফৰহাদ-চিৰিণ, তুতিনামা, হাতেমতাই, সখী সোণা, জংনামা, আলিফ-লাইলা ৱা লাইলা আৰু গুলে তৰমুজ। তালিকাভুক্ত লেখকসকলৰ উপৰি ছৈয়দ হামজা, নাছেৰ আলী, ৰৌছন আলী আৰু ফকিৰ শ্বাহ গৰীবুল্লাহ আছিল উল্লেখনীয় লেখক।২

তথ্যসূত্ৰ

  1. ↑ bn:কেচ্ছা - শব্দেৰ বাংলা অৰ্থ. english-bangla.com
  2. ↑ Islam, Sirajul. Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
  3. ↑ Kumar Banerji, Amiya. West Bengal District Gazetteers. পৃ. 462
  4. ↑ (28 February 2015). Bishad Sindhu (Book II Chapter 4). The Daily Star
  5. ↑ Ahmed, Wakil. Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh

সম্পৰ্কিত শ্ৰেণী

বঙালী সাহিত্যবঙালী সংস্কৃতিসাধুকথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাংলা কিচ্ছা” প্ৰবন্ধৰ সংশোধন ৫৮৭৮৪৫ (১৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।