অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

প্ৰীতি বৰুৱা

প্ৰীতি বৰুৱা অসমৰ এগৰাকী শিক্ষাবিদ তথা সাহিত্যিক৷ বিশেষকৈ অনুবাদ সাহিত্যৰে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৫ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৩৪ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

প্ৰীতি বৰুৱা অসমৰ এগৰাকী শিক্ষাবিদ তথা সাহিত্যিক৷ বিশেষকৈ অনুবাদ সাহিত্যৰে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৫ চনত তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷

শিক্ষাজীৱন

১৯৩১ চনত যোৰহাটত জন্মগ্ৰহণ কৰা প্ৰীতি বৰুৱাৰ পিতৃ আছিল তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্নেহলতা দেৱী। তেওঁ সুগন্ধি পখিলাৰ কবি’ প্ৰয়াত হীৰেন ভট্টাচাৰ্যৰ জ্যেষ্ঠ ভগ্নী৷ স্বামী প্ৰয়াত প্ৰশান্তকুমাৰ বৰুৱা। ডিব্ৰুগড়ত প্ৰাথমিক শিক্ষা আৰু গোলাঘাটত মাধ্যমিক শিক্ষা গ্ৰহণ কৰা প্ৰীতি বৰুৱাই এম ই বৃত্তি পৰীক্ষা দিয়াৰ পিছত তেজপুৰত মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে। ১৯৪৭ চনত তেজপুৰৰ বিদ্যালয়ৰ পৰা তেওঁ কৃতিত্বৰে প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হয়। গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত স্নাতক শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।১

কৰ্মজীৱন

ইয়াৰ পিছত ১৯৫৫ চনত গুৱাহাটীৰ ভোলানাথ বৰুৱা মহাবিদ্যালয়ত তেওঁ কৰ্ম জীৱন আৰম্ভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপিকা হিচাপে যোগদান কৰি বিশ্ববিদ্যালয়ৰ প্ৰকাশনৰ কামতো জড়িত হোৱা প্ৰীতি বৰুৱাই ১৯৬১ চনত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত অধ্যাপিকা হিচাপে যোগদান কৰে আৰু ১৯৯৩ চনত মহাবিদ্যালয়খনৰ অধ্যক্ষা হিচাপে অৱসৰ গ্ৰহণ কৰে।২

সাহিত্যিক অৱদান

শৈশৱতেই সাহিত্যৰ প্ৰতি আকৰ্ষিত হোৱা ভাষাৰ বহু বাতৰিকাকত আৰু আলোচনীত গল্প আৰু প্ৰবন্ধ লিখিছিল। তেওঁৰ প্ৰকাশিত গল্প সংকলন নিৰৰ্থক’ ১৯৬২ চনত প্ৰকাশ পায়। আনহাতে তেওঁ অনুবাদ কৰা লেৱ তলস্ত’য়ৰ ৱাৰ এণ্ড পীচ নাটকখন বাৰটা খণ্ডত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে প্ৰচাৰ হোৱাৰ উপৰি বহু গীত-কবিতা প্ৰচাৰ হৈছে৷ অনুদিত উপন্যাস ৰথচক্ৰৰ বাবে তেওঁক ২০০৫ চনত সাহিত্য অকাদেমি অনুবাদ বঁটাৰে সন্মানিত কৰা হয়। তেওঁ অসম মহিলা সংঘ আৰু অসম লেখিকা সংস্থাৰ প্ৰতিষ্ঠাৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ আছিল। তদুপৰি অসম মাতৃসমাজকে ধৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত তেওঁ জড়িত আছিল।

অনুদিত গ্ৰন্থ

গল্প সংকলন

  • ৰিপ ভান উইংকল আৰু এটি নিদ্ৰালু গহ্বৰৰ কাহিনী(১৯৬৬)
  • আকাশনীলা ষ্টেপ(১৯৬৭)
  • উৰ্দু গল্প সংকলন (১৯৯৮)

শিশু-গ্ৰন্থ

  • মোহিনী আৰু অসুৰ (১৯৯৪)
  • বৈজু মামা (১৯৯৫)
  • পাঁচ পোৱা ঘেঁহু (১৯৯৫) আৰু
  • দোলনাত মামাযু (১৯৯৬)

জীৱনী গ্ৰন্থ

  • বীৰেশলিংগম (১৯৭৮)

প্ৰবন্ধ সংকলন-

  • টলষ্টয় সম্পৰ্কিত প্ৰবন্ধাৱলী(১৯৭১)

উপন্যাস

  • সেতু (১৯৮০, মূল লেখক দ্বিবেদুল বিশালাক্ষী)
  • সংকীৰ্ণ তোড়ন (১৯৯৪, মূল লেখক আঁদ্ৰে জিদ)
  • ৰথচক্ৰ (মূল লেখক শ্ৰীপাদ নাৰায়ণ) আৰু
  • অঘৰী নদীৰ সোঁত (মূল লেখক অজিত কৌৰ)

মৌলিক নাটক

  • সোৱণশিৰি ভেটিব কোনে?
  • Syngeৰ ৰাইডাৰ্ছ টু দ্য ছী নাটকৰ আধাৰত ৰচিত নাটক সাগৰ সংগমত’।

মৃত্যু

আলজেইমাৰ ৰোগত আক্ৰান্ত হৈ থাকি ২০১৫ চনৰ ৫ নৱেম্বৰৰ দিনা প্ৰীতি বৰুৱাৰ দেহাবসান ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ।

তথ্যসূত্ৰ

আমাৰ অসম, পৃষ্ঠা ৮, নৱেম্বৰ ৫, বৃহস্পতিবাৰ, ২০১৫

তথ্যসূত্ৰ

  1. ↑ আমাৰ অসম, পৃষ্ঠা ৮, নৱেম্বৰ ৫, বৃহস্পতিবাৰ, ২০১৫
  2. ↑ আমাৰ অসম, পৃষ্ঠা ৮, নৱেম্বৰ ৫, বৃহস্পতিবাৰ, ২০১৫

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকসাহিত্য অকাডেমি অনুবাদ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰীতি বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৮১৮৬১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।