ভাষা আৰু সাহিত্য
গ্ৰন্থ, কবিতা, উপন্যাস, ভাষা আৰু লিপি · ১,৫৩৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
দ্য কেণ্টাৰবেৰি টেলছ
দ্যকেণ্টাৰবেৰি টেলছ (ইংৰাজীঃ The Canterbury Tales) হৈছে চৌব্বিছটা কাহিনীৰ সংকলন। ১৩৮৭ চনৰ পৰা ১৪০০ চনৰ ভিতৰত জেফ্ৰী চ'ছাৰৰ দ্বাৰা মধ্য ইংৰাজী ভাষাত লিখিত কাহিনীভাগ ১৭,০০০ শাৰীৰো অধিক। গ্ৰন্থখনক চ'ছাৰৰ মহান ৰচনা হিচাপে গণ্য কৰা হয়। কাহিনীবোৰৰ অধিকাংশ পদ্যত লিখা আৰু কিছুমান গদ্যত আছে।
-
দ্য গুড আৰ্থ
দ্য গুড আৰ্থ ১৯৩১ চনত প্ৰকাশিত পাৰ্ল এচ বাকৰ এখন ঐতিহাসিক উপন্যাস "দ্য গুড আৰ্থ্"ত ২০ শতিকাৰ আৰম্ভণিতে চীনৰ আনহৱেই গাঁৱৰ পাৰিবাৰিক জীৱনক চিত্ৰিত কৰা হৈছে। ছন্স (১৯৩২) আৰু এ হাউচ ডিভাইডেড (১৯৩৫)ৰদ্বাৰা অব্যাহত থকা তেওঁৰ হাউচ অৱ আৰ্থ ট্ৰাইলজীৰ প্ৰথমখন গ্ৰন্থ।
-
দ্য চিক্ৰেট গাৰ্ডেন
দ্য চিক্ৰেট গাৰ্ডেন (The Secret Garden) হ'ল ফ্ৰান্সেছ হডছন বাৰ্নেট ৰচিত এখন শিশু উপন্যাস। ১৯১০ চনৰ শৰৎ কালৰ পৰা ইয়াৰ খণ্ড খণ্ডকৈ প্ৰকাশ আৰম্ভ হয় আৰু ১৯১১ চনত ই সম্পূৰ্ণৰূপে প্ৰকাশ হৈ ওলায়।
-
দ্য ছিক্সথ্ এক্সটিংছন : এন আননেচাৰেল হিষ্ট্ৰী (গ্ৰন্থ)
দ্য ছিক্সথ্ এক্সটিংছন: এন আননেচাৰেল হিষ্ট্ৰী (The Sixth Extinction: An Unnatural History) এলিজাবেথ কলবাৰ্টৰ দ্বাৰা লিখিত আৰু হেনৰী হোল্ট এণ্ড কোম্পানীয়ে প্ৰকাশ কৰা ২০১৪ চনৰ এখন অ-কাহিনীমূলক গ্ৰন্থ। গ্ৰন্থখনত যুক্তি দিয়া হৈছে যে পৃথিৱীখন এতিয়া আধুনিক আৰু মানৱসৃষ্ট ষষ্ঠ বিলুপ্তিৰ মাজত আছে।
-
দ্য ছিক্ৰেট (গ্ৰন্থ)
দ্য ছিক্ৰেট ( ইংৰাজী: The Secret )শীৰ্ষক গ্ৰন্থখন পূৰ্বে নিৰ্মিত একে নামৰ চলচ্চিত্ৰৰ আধাৰত ২০০৬ চনত লিখা ৰ’ণ্ডা বায়নৰ আত্মসহায়ক গ্ৰন্থ। ইয়াৰ ভিত্তি হৈছে আকৰ্ষণৰ ছদ্মবৈজ্ঞানিক নিয়ম। যিয়ে দাবী কৰে যে কেৱল চিন্তাই মানুহৰ জীৱনৰ ভিতৰৰ বস্তুনিষ্ঠ পৰিস্থিতিত প্ৰভাৱ পেলাব পাৰে।
-
দ্য জিন : এন ইণ্টিমেট হিষ্ট্ৰী (গ্ৰন্থ)
দ্য জিন: এন ইণ্টিমেট হিষ্ট্ৰী (The Gene: An Intimate History) ভাৰতত জন্মগ্ৰহণ কৰা আমেৰিকান চিকিৎসক আৰু কৰ্কট ৰোগ বিশেষজ্ঞ সিদ্ধাৰ্থ মুখাৰ্জীৰ দ্বাৰা লিখিত এখন গ্ৰন্থ ৷ গ্ৰন্থখন ২০১৬ চনৰ ১৭ মে'ত স্ক্ৰিবনাৰে প্ৰকাশ কৰে।গ্ৰন্থখনত এৰিষ্টটলৰ পৰা আৰম্ভ কৰি ক্ৰিক, ৱাটছন আৰু ফ্ৰেংকলিনলৈকে আৰু তাৰ পিছত মানৱ…
-
দ্য টাও অৱ পুহ
দ্য টাও অৱ পুহ বেন্যামিন হফৰ দ্বাৰা লিখিত এখন গ্ৰন্থ। এই গ্ৰন্থ প্ৰাচ্যৰ টাওবাদী দৰ্শনৰ সৈতে পাশ্চাত্যৰ পৰিচয় কৰোৱাৰ উদ্দেশ্যেৰে লিখা। এলেন এলেক্সেণ্ডাৰ মিলনেৰ বিখ্যাত চৰিত্ৰ ৱিনি দ্য পুহৰ মাধ্যমেৰে টাওবাদৰ মৌলিক নীতিসমূহৰ ব্যাখ্যা এই গ্ৰন্থত দাঙি ধৰা হৈছে।
-
দ্য ল'নেলিনেছ অৱ ছোনিয়া এণ্ড ছানী
দ্য ল'নেলিনেছ অৱ ছোনিয়া এণ্ড ছানী হৈছে ২০২৫ চনত প্ৰকাশ পোৱা কিৰণ দেশাইৰ এখন উপন্যাস। ইয়াৰ কাহিনীভাগ মূলতঃ ১৯৯৬ চনৰপৰা ২০০২ চনৰ ভিতৰত। উপন্যাসখনত আমেৰিকাত বাস কৰা ভাৰতীয় প্ৰবাসী দুয়োজনেই ছোনিয়া আৰু ছানিৰ কাহিনী কোৱা হৈছে। ভাৰতত ৰেলত আকস্মিকভাৱে লগ হয়।
-
দ্য লিটল হোৱাইট হৰ্ছ
দ্য লিটল হোৱাইট হৰ্ছ (ইংৰাজী: The Little White Horse) হ'ল এলিজাবেথ গৌডজৰদ্বাৰা ৰচিত এখন ফেণ্টাছী ধৰ্মী শিশু উপন্যাস। এইখন পোনপ্ৰথমবাৰৰ বাবে ১৯৪৬ চনত ইউনিভাৰ্ছিটি অৱ লণ্ডন প্ৰেছৰদ্বাৰা প্ৰকাশিত হৈছিল আৰু ইয়াত চি. ৱাল্টাৰ হজেছৰ চিত্ৰ অন্তৰ্ভুক্ত কৰা হৈছিল।
-
দ্য ষ্টাৰ
"দ্য ষ্টাৰ" (ইংৰাজী: The Star) হৈছে ইংৰাজ লেখক আৰ্থাৰ চি. ক্লৰ্কৰ দ্বাৰা ৰচিত এটা কল্পবিজ্ঞান চুটি গল্প। ই ১৯৫৫ চনত ইনফিনিটি চায়েন্স ফিকচন নামৰ কল্পবিজ্ঞান আলোচনীত প্ৰকাশ পাইছিল আৰু ১৯৫৬ চনত হ্যুগো বঁটা লাভ কৰিছিল।
-
দ্য ৱাণ্ডাৰফুল টয়মেকাৰ
ইভেলিন শ্বাৰ্পৰ চুটিগল্প "দ্য ৱাণ্ডাৰফুল টয়মেকাৰ" (ইংৰাজী: The Wonderful Toymaker) হৈছে অল দ্য ৱে টু ফেয়াৰীলেণ্ড: ফেয়াৰী ষ্টৰিজ নামৰ সাধুকথাৰ সংকলনটোৰ এটা অংশ। কেম্ব্ৰিজ ইউনিভাৰ্ছিটি প্ৰেছে ১৮৯৭ চনত পোনপ্ৰথমবাৰৰ বাবে এই সংকলনটো প্ৰকাশ কৰিছিল।
-
দ্য ৱৰ্থ অৱ ৱিমেন
ইল মেৰিটো ডেলে ডনে (Il merito delle donne), সাধাৰণতে অনুবাদ কৰা দ্য ৱৰ্থ অৱ ৱিমেন: ৱেৰেইন ইজ ক্লিয়াৰলি ৰিভিলড দেয়াৰ নোবিলিটি এণ্ড দেয়াৰ চুপিৰিয়েৰিটি টু মেন হৈছে মডেৰাটা ফণ্টেৰ এটা সংলাপ যিটো প্ৰথমবাৰৰ বাবে ১৬০০ চনত মৰণোত্তৰভাৱে প্ৰকাশ পাইছিল।
-
দৰঙ ৰাজবংশাৱলী
দৰঙ্গ ৰাজবংশাৱলী ( Darrang Rajvamsavali ) দৰঙ্গ ৰাজবংশাৱলীখন কোচ ৰজাসকলৰ দৰঙী শাখাৰ সমুদ্ৰনাৰায়ণৰ নিৰ্দেশত বলদেৱ সূয্যখড়িয়ে দৰঙ্গৰ ৰাজবংশাৱলী খন ৰছনা কৰে। সমুদ্ৰনাৰায়ণ মহাৰাজ নৰনাৰায়ণৰ ভ্ৰাতৃ শুক্লধ্বজ বা চিলাৰায়ৰ ডালৰ পৰা বঢ়া ৰজা।
-
ধূসৰতাৰ কাব্য
ধূসৰতাৰ কাব্য (ইংৰাজী: Dhusaratar Kabya) এখন অসমীয়া উপন্যাস। উপন্যাসখনৰ লেখক দেৱব্ৰত দাস। উপন্যাসখন ২০০৫ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশ হয়। উত্তৰ আধুনিকতাবাদ ধাৰণাটোক কেন্দ্ৰ কৰি উপন্যাসখন ৰচিত।
-
ধৃতৰাষ্ট্ৰ (গ্ৰন্থ)
ধৃতৰাষ্ট্ৰ (নেপালী: धृतराष्ट्र; ইংৰাজী: Dhritarashtra) হৈছে নেপালী কবি ঘনশ্যাম কাণ্ডেলৰ এখন উল্লেখযোগ্য কাব্যগ্ৰন্থ। এইখন ২০১৬ চনত ঐৰাৱতী প্ৰকাশনে প্ৰকাশ কৰিছিল। ই এক পদ্যত ৰচিত চুটি মহাকাব্য আৰু ইয়াত হস্তিনাপুৰৰ অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ চকুৰে মহাভাৰতৰ কাহিনী পুনৰ বৰ্ণনা কৰা হৈছে।
-
ধোলা মাৰু
ধোলা মাৰু এটা ভাৰতীয় লোক কাহিনী তথা ধোলা আৰু মাৰুৰ ৰোমাণ্টিক কাহিনী। ৰাজস্থানী সংস্কৰণটো ছত্তীশগড়ত পোৱা এটা সংস্কৰণতকৈ সম্পূৰ্ণ পৃথক। লোককাহিনীটো পঞ্জাৱতো পোৱা যায়।
-
ধ্ৰুপদী গ্ৰন্থ
ধ্ৰুপদী গ্ৰন্থ বা ক্লাছিক গ্ৰন্থ (Classic Book) হৈছে আদৰ্শনীয় বা বিশেষভাৱে উল্লেখযোগ্য বুলি বিবেচিত হোৱা এখন গ্ৰন্থ। ইটালো কেলভিনোৰ পৰা আৰম্ভ কৰি মাৰ্ক টোৱেইনলৈকে বিভিন্ন লেখকৰ মনত "কিতাপ বা গ্ৰন্থ এখনক কিহে "ক্লাছিক" কৰি তোলে" শীৰ্ষক চিন্তাটো আৰু ইয়াৰ লগত জড়িত "ক্লাছিকবোৰ কিয় পঢ়া হয়?" আৰু…
-
নতুন সমালোচনা
নৱ্য বা নতুন সমালোচনা হৈছে সাহিত্য তত্ত্বৰ এক আনুষ্ঠানিকতাবাদী আন্দোলন। যিয়ে কুৰি শতিকাৰ আৰম্ভণিৰ পৰা মাজভাগলৈকে আমেৰিকান সাহিত্য সমালোচনাত অধিপত্য বিস্তাৰ কৰিছিল। নতুন সমালোচনাৰ ইংৰাজী প্ৰতিশব্দ হিচাপে (New Criticism) অভিধাটো ব্যৱহাৰ কৰা হয়।
-
নন্দনতত্ত্ব : প্ৰাচ্য আৰু পাশ্চাত্য
নন্দনতত্ত্ব: প্ৰাচ্য আৰু পাশ্চাত্য গ্ৰন্থখনৰ লেখক ত্ৰৈলোক্যনাথ গোস্বামী। মুঠ বাৰটা অধ্যায়ত বিভক্ত বৃহৎ কলেৱৰৰ গ্ৰন্থখনে অসমীয়া সাহিত্যত সততে নোপোৱা এক বিষয় নন্দনতত্ত্বৰ বিষয়ে পুংখানুপুংখকৈ আলোচনা কৰিছে।
-
নাৰী মহাকাব্য
নাৰী মহাকাব্য (ইংৰাজী: Female epic) হৈছে সাহিত্য সমালোচনাৰ এক ধাৰণা যিয়ে মহিলা লেখিকাসকলে তেওঁলোকৰ নিজৰ বীৰত্বপূৰ্ণ দৃষ্টিভংগী প্ৰকাশ কৰিবলৈ পুৰুষসুলভ মহাকাব্যিক পৰম্পৰাক কেনেদৰে অভিযোজন কৰিছে, সেইটো চিনাক্ত কৰি ইয়াৰ পৰিসৰ সম্প্ৰসাৰিত কৰিব বিচাৰে।
-
নিঃসঙ্গতা (গ্ৰন্থ)
নিঃসঙ্গতা (Nisongota) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন উপন্যাস। ২০০০ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনৰ পৰা পোন প্ৰথমে প্ৰকাশ হোৱা গ্ৰন্থখনৰ ২০০৮ চনলৈকে পাঁচটা সংস্কৰণ প্ৰকাশ পায়।
-
নিৰ্বাচিত কলাম (গ্ৰন্থ)
নিৰ্বাচিত কলাম (Nirbachito Column) ১৯৯২ চনত প্ৰকাশিত বাংলা ভাষাৰ এখন নাৰীবাদী গ্ৰন্থ। এইখন বাংলাদেশী লেখিকা তছলিমা নাছৰিনৰ প্ৰথম গদ্য পুথি যিখন মূলতঃ তেওঁৰ দ্বাৰা লিখিত স্তম্ভৰ সংকলন।
-
নিৰ্বাচিত সমালোচনা
নিৰ্বাচিত সমালোচনা (Nirbachit Samalochana) হৈছে অসমৰ সমালোচক-সাহিত্যিক ড০ হীৰেন গোহাঁইৰ দ্বাৰা লিখিত আৰু অসম প্ৰকাশন পৰিষদৰ দ্বাৰা সংকলিত এখনি সমালোচনাত্মক গ্ৰন্থ৷ গ্ৰন্থখনৰ ভাষা অসমীয়া৷ ২১ টা ভিন্নধৰ্মী বিষয়ত আলোকপাত কৰা গ্ৰন্থখনত লেখকে অসমৰ কলা-সাহিত্য আৰু সাংস্কৃতিক জগতৰ বহুকেইগৰাকী লেখত…
-
নিৰ্মলা (উপন্যাস)
নিৰ্মলা'(হিন্দী: निर्मला) হিন্দী ঔপন্যাসিক মুন্সী প্ৰেমচন্দৰ দ্বাৰা ৰচিত এখন হিন্দী উপন্যাস। এই আৱেগিক উপন্যাসখনৰ মূল চৰিত্ৰ নিৰ্মলা নামৰ কিশোৰীজনীক বলপূৰ্বকভাৱে বিয়া পাতি দিয়ে পত্নীৰ মৃত্যু হোৱা তথা পিতৃৰ বয়সৰ এজন ব্যক্তিৰ লগত।
-
নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা
নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা (Nilomani Phookanar Xampurna Kabita) হৈছে অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী কবি-সাহিত্যিক নীলমণি ফুকনৰ দ্বাৰা লিপিবদ্ধ কবিতাৰ একত্ৰ সংকলন৷ এই সংকলনত কবিৰ আটাইবোৰ কবিতা সংৰক্ষিত হৈছে৷ ২০০৬ চনত অৰ্থাৎ সংস্কৰণে সম্পূৰ্ণ কবিতা নামেৰে প্ৰকাশিত কৰা এই সংকলকখন আঁক-বাক প্ৰকাশনে ২০১৩ চনত…
-
নেক্সাছ (গ্ৰন্থ)
নেক্সাছ (এ ব্ৰিফ হিষ্ট্ৰি অৱ ইনফৰমেছন নেটৱৰ্কছ ফ্ৰম দ্য ষ্টন এজ টু এ আই) (NEXUS: A Brief History of Information Networks from the Stone Age to AI) হৈছে লেখক-ইতিহাসবিদ য়ুভাল নোৱাহ হাৰাৰীৰ এখন গ্ৰন্থ।
-
নৈ বৈ যায়
নৈ বৈ যায় লীলা গগৈৰ দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস। কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ১৯৮৩ চনৰ মাৰ্চ মাহত। প্ৰকাশ কৰিছিল শ্ৰী ভূমি পাবলিচিং কোম্পানী, কলিকতাৰ এটা প্ৰকাশন গোষ্ঠীয়ে। বুৰঞ্জীবিদ, সাহিত্যিক লীলা গগৈ দেৱৰ "নৈ বৈ যায়" উপন্যাসখনত অসমীয়া লোক সংস্কৃতিৰ তথা সমাজ জীৱনৰ সকলো সমল সামৰি লোৱা হৈছে।
-
নৈষধ চৰিত
নৈষধ চৰিত (Naishadha Charita) এখন সংস্কৃত ভাষাত লিখা কবিতা পুথি যিখন সংস্কৃতত লিখা পাঁচখন মহাকাব্যৰ এখন বুলি স্বীকৃত৷ কাব্যখনিত নিষাদ ৰজা নলৰ জীৱনী বৰ্ণনা কৰা আছে৷ গ্ৰন্থখন ৰচনা কৰিছিল জয়চন্দ্ৰৰ ৰাজসভাৰ কবি শ্ৰীহৰ্ষই৷ শ্ৰীহৰ্ষ ১২শ শতিকাৰ ভাৰতৰ সংস্কৃত কবি আছিল৷ নৈষধ চৰিত কৃষ্ণকান্ত সন্দিকৈয়ে…
-
পাঠকৰ টোকাবহী
পাঠকৰ টোকাবহী(Pathokor Tokabohi) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ৪৭ টা প্ৰবন্ধ আছে।
-
পিঞ্জৰ (উপন্যাস)
পিঞ্জৰ (Pinjar; পাঞ্জাবী: ਪਿੰਜਰ; ইংৰাজী/অনুবাদ: The Skeleton) ১৯৫০ চনত ভাৰতীয় বিশিষ্ট কবি আৰু ঔপন্যাসিক অমৃতা প্ৰীতমৰ দ্বাৰা ৰচিত এখন পাঞ্জাৱী ভাষাৰ উপন্যাস।২০০৯ চনত পিঞ্জৰ উপন্যাসখন খুশৱন্ত সিঙে ইংৰাজী ভাষালৈ অনুবাদ কৰে।২০০৯ চনত খুশৱন্ত সিঙে পিঞ্জৰ ইংৰাজীলৈ অনুবাদ কৰিছিল।