অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মথুৰা

মথুৰা ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ মথুৰা জিলাৰ এখন চহৰ আৰু প্ৰশাসনিক মুখ্য কাৰ্যালয়। ই দিল্লীৰপৰা ১৬২ কিলোমিটাৰ (১০১ মাইল) দক্ষিণ-পূবে অৱস্থিত; আৰু বৃন্দাবন চহৰৰপৰা প্ৰায় ১৫ কিলোমিটাৰ (৯.৩ মাইল) দূৰত। প্ৰাচীন কালত মথুৰা আছিল এক অৰ্থনৈতিক কেন্দ্ৰ, গুৰুত্বপূৰ্ণ কাৰাভান পথৰ সংযোগস্থলত অৱস্থিত।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৫ ৩০৯ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মথুৰা ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ মথুৰা জিলাৰ এখন চহৰ আৰু প্ৰশাসনিক মুখ্য কাৰ্যালয়। ই দিল্লীৰপৰা ১৬২ কিলোমিটাৰ (১০১ মাইল) দক্ষিণ-পূবে অৱস্থিত; আৰু বৃন্দাবন চহৰৰপৰা প্ৰায় ১৫ কিলোমিটাৰ (৯.৩ মাইল) দূৰত। প্ৰাচীন কালত মথুৰা আছিল এক অৰ্থনৈতিক কেন্দ্ৰ, গুৰুত্বপূৰ্ণ কাৰাভান পথৰ সংযোগস্থলত অৱস্থিত। ২০১১ চনৰ ভাৰতৰ লোকপিয়লত মথুৰাৰ জনসংখ্যা ৪৪১,৮৯৪ জন বুলি ধাৰ্য কৰা হৈছে।

হিন্দু ধৰ্মত অন্যতম প্ৰধান দেৱতা কৃষ্ণৰ জন্মস্থান মথুৰাত কৃষ্ণ জন্মস্থান মন্দিৰ প্ৰাসাদ অৱস্থিত বুলি বিশ্বাস কৰা হয়।১ হিন্দুসকলে পৱিত্ৰ বুলি গণ্য কৰা সাতখন নগৰ বা সপ্ত পুৰীৰ ভিতৰত ই অন্যতম, যাক মোক্ষদায়িনী তীৰ্থ বুলিও কোৱা হয়। প্ৰাচীন কালত কৃষ্ণৰ জন্মস্থান(ভূ-গৰ্ভস্থ কাৰাগাৰ)তেই কেশৱ দেও মন্দিৰ নিৰ্মাণ কৰা হৈছিল। মথুৰা আছিল কৃষ্ণৰ মাতৃৰ ককায়েক কংস শাসিত সুৰসেন ৰাজ্যৰ ৰাজধানী। মথুৰা কৃষ্ণ লীলাভূমি(মথুৰা, বৃন্দাবন, বৰসনা, গোবৰ্ধন, কুৰুক্ষেত্ৰ, দ্বাৰকা আৰু ভালকা)ৰ অংশ। প্ৰতি বছৰে মথুৰাত কৃষ্ণ জন্মাষ্টমী মহা আড়ম্বৰেৰে পালন কৰা হয়।

ভাৰত চৰকাৰৰ ঐতিহ্য নগৰ উন্নয়ন আৰু বৃদ্ধি যোজনা আঁচনিৰ দ্বাৰা মথুৰাক অন্যতম ঐতিহ্যমণ্ডিত চহৰ হিচাপে নিৰ্বাচিত কৰা হৈছে।

ইতিহাস

পৰম্পৰাগতভাৱে এইটো বিশ্বাস কৰা হয় যে, শত্ৰুঘ্নই মধুৱনৰ স্থানত যাদৱ লৱণক হত্যা কৰি মথুৰা প্ৰতিষ্ঠা কৰিছিল। ৰামায়ণৰ মতে ইয়াক মধুই (যাদু জনগোষ্ঠীৰ এজন ব্যক্তি) প্ৰতিষ্ঠা কৰিছিল। পিছলৈ মধুৰ পুত্ৰ লৱণাসুৰ শত্ৰুঘ্নৰ হাতত পৰাস্ত হয়।২৩

General view of the excavations in January 1889 at Kankali Tila, Mathura
General view of the excavations in January 1889 at Kankali Tila, Mathuraছবি: Vincent Arthur Smith · Public domain
Statue of Kanishka I, second century CE, Mathura Museum
Statue of Kanishka I, second century CE, Mathura Museumছবি: Biswarup Ganguly · CC BY-SA 3.0
Sculpture of woman from ancient Braj-Mathura, second century CE
Sculpture of woman from ancient Braj-Mathura, second century CEছবি: Unknown author · Public domain

মথুৰা, ব্ৰজৰ সাংস্কৃতিক অঞ্চলৰ কেন্দ্ৰভূমি,৪ ইয়াৰ প্ৰাচীন ইতিহাস আছে আৰু ইয়াক যদু বংশৰ অন্তৰ্গত কৃষ্ণৰ গৃহভূমি আৰু জন্মস্থান বুলিও বিশ্বাস কৰা হয়। মথুৰা সংগ্ৰহালয়ত থকা ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ ফলক অনুসৰি৫ এই চহৰখনৰ উল্লেখ আটাইতকৈ পুৰণি ভাৰতীয় মহাকাব্য ৰামায়ণত পোৱা যায়। মহাকাব্যখনত ইক্ষ্ৱাকু ৰাজকুমাৰ শত্ৰুঘ্নই লৱণাসুৰ নামৰ এটা অসুৰক বধ কৰি সেই ভূমি অধিকাৰ কৰে। পাছত, সেই ঠাইখন মধুৱন নামেৰে জনাজাত হ’ল কাৰণ ইয়াত ডাঠ কাঠনি আছিল, তাৰ পিছত মধুপুৰা আৰু পিছলৈ মথুৰা নাম পালে।৬ মথুৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তীৰ্থস্থান আছিল কাটৰা (‘বজাৰ স্থান’), যিটো বৰ্তমান কৃষ্ণ জন্মস্থান (‘কৃষ্ণৰ জন্মস্থান’) বুলি কোৱা হয়। এই স্থানত খননত খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ মৃৎশিল্প আৰু টেৰাকোটা, গুপ্ত যুগৰ যশ বিহাৰ নামৰ মঠকে ধৰি এটা বৃহৎ বৌদ্ধ কমপ্লেক্সৰ অৱশিষ্ট আৰু একে যুগৰ জৈন ভাস্কৰ্য্যও পোৱা যায়।৭৮

তথ্যসূত্ৰ

  1. ↑ Prasad, Dev. (2015). Krishna: A Journey through the Lands & Legends of Krishna. Jaico Publishing House. পৃ. 22. ISBN 978-81-8495-170-7
  2. ↑ Prasad, Prakash Charan. (1977). Foreign Trade and Commerce in Ancient India. Abhinav Publications. ISBN 978-81-7017-053-2
  3. ↑ Institute, Bhandarkar Oriental Research. (1917). Annals of the Bhandarkar Oriental Research Institute, Poona. The Institute
  4. ↑ Lucia Michelutti. (2002). Sons of Krishna: the politics of Yadav community formation in a North Indian town. PhD Thesis Social Anthropology. London School of Economics and Political Science University of London. পৃ. 49
  5. ↑ Frederic Salmon Growse. (1874). Mathura: A District Memoir. Government Press
  6. ↑ Pargiter, F.E. (1972). Ancient Indian Historical Tradition, Delhi: Motilal Banarsidass, p.170
  7. ↑ Meenakshi Jain. (2019). Flight of Deities and Rebirth of Temples: Episodes from Indian History. Aryan Books International. পৃ. 66. ISBN 978-8173056192
  8. ↑ History · District Mathura, Government of Uttar Pradesh · India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মথুৰা” প্ৰবন্ধৰ সংশোধন ৫৩৮৫৮০ (১৪ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।