জেৰুজালেম ভূমধ্য সাগৰ (Mediterranean Sea) ৰ আৰু মৃত সাগৰ (Dead sea)ৰ মাজত জুডিয়ান পৰ্বতমালা (Judean Mountains)ৰ এক মালভূমিত অৱস্থিত বিশ্বৰ ভিতৰতে এক প্ৰাচীন চহৰ। এই চহৰখন বিশ্বৰ তিনিটা ধৰ্ম, মুছলমান, খ্ৰীষ্টান আৰু ইহুদী লোকৰ বাবে এক পবিত্ৰ তীৰ্থস্থান বুলি গণ্য কৰা হয়। ইজৰাইল আৰু পেলেষ্টাইন দুয়োখন দেশে এই চহৰক ৰাজধানী বুলি গণ্য কৰে আৰু ইয়াৰ ওপৰত অধিকাৰ দাবী কৰি আহিছে।
দীঘলীয়া ইতিহাসত জেৰুজালেম কমেও দুবাৰ ধ্বংস কৰা হৈছিল, ২৩ বাৰ ঘেৰাও, ৫২ বাৰ আক্ৰমণ আৰু ৪৪ বাৰ বলপূৰ্বক দখল কৰা হৈছিল। ১ এই মহানগৰৰ আটাইতকৈ প্ৰাচীন আংশটোত ’4th millennium BCE’ ৰ সময়তে মানুহে বসবাস কৰিবলৈ লৈছিল।২ ১৫৩৮ চনত ছুলেইমান শাসনৰ অধীনত জেৰুজালেমৰ চাৰিওদিশে দেৱাল নিৰ্মাণ কৰা হৈছিল। বৰ্তমান সেই দেৱালসমূহেই প্ৰাচীন মহানগৰৰ সীমা নিৰ্ধাৰণ কৰে। এই প্ৰাচীন অংশটো ঐতিহাসিকভাৱে চাৰিটা খণ্ডত বিভক্ত কৰা হৈছিল- আৰমেনিয়ান (Armenian), খ্ৰীষ্টান, ইহুদী আৰু মুছলমান খণ্ড। ৩ প্ৰাচীন মহানগৰৰ অংশটোৱে ১৯৮১ চনত হেৰিটেজ ছাইটৰ মৰ্য্যদা লাভ কৰে। বৰ্তমান এই মহানগৰক বিপদাপন্ন ৱৰ্ল্ড হেৰিটেজ ছাইট (World Heritage in Danger) বুলি ঘোষণা কৰা হৈছে। ৪ আধুনিক জেৰুজালেম প্ৰাচীন চহৰখনৰ সীমাৰ পৰা যথেষ্ট বৃদ্ধি পাইছে।
বৰ্তমান জেৰুজালেমৰ স্থিতি ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষৰ মূল বিতৰ্কিত বিষয়। ১৯৪৮ চনৰ আৰব-ইজৰাইলী যুদ্ধৰ সময়ত, ইজৰাইলে অন্যান্য অঞ্চলৰ লগতে পশ্চিম জেৰুজালেম অধিকাৰ কৰে। পূব জেৰুজালেমৰ লগতে প্ৰাচীন মহানগৰখন পৰৱৰ্তী কালত জৰ্ডানে অধিকাৰ কৰে। কিন্তু ১৯৬৭ চনত ইজৰাইলে ’ছদিনীয়া যুদ্ধ’ (Six-Day War)-ৰ অন্তত জৰ্ডানৰ পৰা এই অংশও নিজৰ অধীনলৈ নিয়ে। ইজৰাইলৰ ১৯৮০ জেৰুজালেম আইনে এই চহৰক ইজৰাইলৰ ৰাজধানী বুলি ঘোষণা কৰে। ইজৰাইল চৰকাৰৰ সকলো গুৰুত্বপূৰ্ণ কাৰ্যা্যলয়, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ বাসগৃহ আৰু উচ্চতম ন্যায়ালয়ৰ কাৰ্য্যালয়ো জেৰুজালেমত প্ৰতিষ্ঠা কৰা হয়। আন্তৰাষ্ট্ৰীয় সম্প্ৰদায়ে এই বলপূৰ্বক দখলক বেআইনী বুলি ঘোষণা কৰে আৰু বৰ্তমানো পূব জেৰুজালেমক ইজৰাইলৰ দখলত থকা পেলেষ্টাইনৰ অংশ বুলি গণ্য কৰে।৫৬৭৮ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে জেৰুজালেমক ইজৰাইলৰ ৰাজধানী বুলিও স্বীকৃতি নিদিয়ে। এই চহৰত কোনো বৈদেশিক মন্ত্ৰালয় নাই।
জনসংখ্যা
২০০৭ চনৰ ডিচেম্বৰৰ লোকপিয়ল অনুসৰি জেৰুজালেমৰ জনসংখ্যা ৭৪৭,৬০০ জন। ইয়াৰে ৬৪% ইহুদী, ৩২% মুছলমান আৰু ২% খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক।৯ ২০০৫ চনত জনসংখ্যাৰ ঘনত্ব আছিল 5750.4 /km2।১০১১ ২০০০ চনৰ এক গৱষণা অনুসৰি, ইহুদী লোকৰ সংখ্যা চহৰখনত ক্ৰমান্বয়ে কমি আহিছে। মুছলমান লোকৰ উচ্চ জন্মহাৰ আৰু ইহুদী লোকৰ প্ৰব্ৰজনেই ইয়াৰ কাৰণ বুলি ধাৰণা কৰা হয়।১২ প্ৰায় ২০০,০০০ জন ইহুদীয়ে পূব জেৰুজালেমত বসবাস কৰি আছে যদিও এই বসতিসমূহ আন্তৰ্জাতিক নীতি অনুসৰি বেআইনী বুলি গণ্য কৰা হয়।১৩
ধৰ্মীয় গুৰুত্ব
জেৰুজালেম বিগত ৩০০০ বছৰ জুৰি ইহুদী, প্ৰায় ২০০০ বছৰ খ্ৰীষ্টান আৰু ১৪০০ বছৰ ধৰি মুছলমান ধৰ্মাৱলম্বী লোকৰ বাবে পবিত্ৰ তীৰ্থস্থান ৰূপে পৰিগণিত হৈ আহিছে। ২০০০ চনৰ জেৰুজালেমৰ পৰিসংখ্যা ইয়েৰবুক ( The 2000 Statistical Yearbook) জেৰুজালেমত ১২০৪ চিনাগগ (synagogue), ১৫৮ গীৰ্জা আৰু ৭৩টা মছজিদ আছে।১৪
জেৰুজালেমত ইহুদীসকলৰ ঐতিহাসিক পবিত্ৰ মন্দিৰ (Holy temple) আছিল আৰু ইয়াৰে অৱশিষ্ট হিচাপে ইহুদী অংশত বৰ্তমান ৱেষ্টাৰ্ন ৱাল (Western Wall) অৱস্থিত। এই পবিত্ৰ মন্দিৰৰ ভিতৰতে ইহুদীসকলে পৃথিৱী সৃষ্টিৰ স্থান থকা বুলি বিশ্বাস কৰে। শ্ৰুতি অনুসৰি ইয়াতে আব্ৰাহামে তেওঁৰ পুত্ৰ আইজাকক বলি দিবলৈ সাজু হৈছিল।১৫
আনহাতে খ্ৰীষ্টানসকলে বিশ্বাস কৰে যে যীশুক জন্মৰ পিছতে জেৰুজালেমলৈ অনা হৈছিল আৰু দ্বিতীয় মন্দিৰত ৰখা হৈছিল।১৬১৭ জেৰুজালেমৰ জিয়ন পৰ্বত (Mount Zion)ত থকা ’Cenacle’ নামৰ অঞ্চলটো যীশুৰ অন্তিম আহাৰ (Last Supper) ৰ স্থান বুলি গণ্য কৰা হয়।১৮১৯
তেনেদৰে ছুন্নী মুছলমান সকলৰ বাবে জেৰুজালেম এক পবিত্ৰ স্থান। মক্কাৰ কাবা (Kaaba) লৈ স্থায়ীভাৱে স্থানান্তৰ কৰাৰ প্ৰায় এবছৰ পূৰ্বলৈকে মুছলমানসকলৰ কিবলা (qibla (প্ৰাৰ্থনাৰ দিশ)) জেৰুজালেম বুলি গণ্য কৰা হৈছিল।২০ মুছলমানসকলে বিশ্বাস কৰে যে মহম্মদক ঐশ্বৰিকভাৱে এনিশা মক্কাৰ পৰা জেৰুজালেমৰ টেম্প’ল মাউণ্টলৈ স্থানান্তৰ কৰা হৈছিল আৰু ইয়াৰ পৰাই মহম্মদে ইছলাম ধৰ্মৰ পূৰ্বসুৰীসকলক লগ কৰিবলৈ স্বৰ্গলৈ যাত্ৰা কৰিছিল (Night of Ascension (c. CE 620))।২১২২
লগতে চাওক
- Cheshin, Amir S.; Bill Hutman and Avi Melamed (1999). Separate and Unequal: the Inside Story of Israeli Rule in East Jerusalem Harvard University Press ISBN 978-0-674-80136-3
- Cline, Eric (2004) Jerusalem Besieged: From Ancient Canaan to Modern Israel. Ann Arbor: University of Michigan Press ISBN 0-472-11313-5.
- Collins, Larry, and La Pierre, Dominique (1988). O Jerusalem!. New York: Simon and Schuster ISBN 0-671-66241-4
- Gold, Dore (2007) The Fight for Jerusalem: Radical Islam, The West, and the Future of the Holy City. International Publishing Company J-M, Ltd. ISBN 978-1-59698-029-7
- Köchler, Hans (1981) The Legal Aspects of the Palestine Problem with Special Regard to the Question of Jerusalem Vienna: Braumüller ISBN 3-7003-0278-9
- The Holy Cities: Jerusalem produced by Danae Film Production, distributed by HDH Communications; 2006
- Wasserstein, Bernard (2002) Divided Jerusalem: The Struggle for the Holy City New Haven and London: Yale University Press. ISBN 0-300-09730-1
- "Keys to Jerusalem: A Brief Overview", The Royal Islamic Strategic Studies Center, Amman, Jordan, 2010. www.rissc.jo/docs/J101-10-10-10.pdf
- Sebag Montefiore, Simon (2011) Jerusalem: The Biography, London: Weidenfeld and Nicolson, ISBN 978-0-297-85265-0
- Young, Robb A (2012) Hezekiah in History and Tradition Brill Global Oriental Hotei Publishing, Netherlands
বাহ্যিক সংযোগ
চৰকাৰ *, United Nations document related to the recent dispute over Jerusalem
- Basic Law: Jerusalem, Capital of Israel, Government of Israel, the Israeli law making Jerusalem the capital of Israel
সংস্কৃতি
- Israel Museum, one of Jerusalem's premier art museums
- Yad Vashem, Israeli memorial to victims of The Holocaust
শিক্ষা
- Hebrew University of Jerusalem, Jerusalem's foremost institution of higher learning
- al-Quds University, the only Palestinian university in Jerusalem
ভূচিত্ৰাৱলী
- Modern-day map of Jerusalem, from City of Jerusalem.
- Ancient Maps of Jerusalem, from the Jewish National Library at the Hebrew University of Jerusalem
- Modern maps, post-1947 from PASSIA
- Maps of Jerusalem, from Israel Star News
ধৰ্ম
- The significance of Jerusalem in Judaism, NSW Jewish Board of Deputies
- The significance of Jerusalem to Christians, International Christian Embassy Jerusalem
- The City of Jerusalem in Islam
- BBC: Why is Jerusalem so Holy?
তথ্যসূত্ৰ
- ↑ Do We Divide the Holiest Holy City?. Moment Magazine According to Eric H. Cline’s tally in Jerusalem Besieged
- ↑ Timeline for the History of Jerusalem. Jewish Virtual Library. American-Israeli Cooperative Enterprise
- ↑ Ben-Arieh, Yehoshua. (1984). Jerusalem in the 19th Century, The Old City. Yad Izhak Ben Zvi & St. Martin's Press. পৃ. 14. ISBN 0-312-44187-8
- ↑ Old City of Jerusalem and its Walls. UNESCO World Heritage Convention
- ↑ (9 November 2010). Israel plans 1,300 East Jerusalem Jewish settler homes. BBC News
- ↑ The Question of Palestine & the United Nations. United Nations Department of Public Information
- ↑ (2010-02-26). Israeli authorities back 600 new East Jerusalem homes. BBC News
- ↑ Resolution 298 September 25, 1971: "Recalling its resolutions... concerning measures and actions by Israel designed to change the status of the Israeli-occupied section of Jerusalem,..."
- ↑ TABLE 3. – POPULATION(1) OF LOCALITIES NUMBERING ABOVE 2,000 RESIDENTS AND OTHER RURAL POPULATION ON 31/12/2008. Israel Central Bureau of Statistics
- ↑ (24 May 2006). Press Release: Jerusalem Day. Central Bureau of Statistics
- ↑ (2006). Population and Density per km2 in Localities Numbering Above 5,000 Residents on 31 XII 2005. Israel Central Bureau of Statistics
- ↑ "Arab population growth outpaces Jews in Jerusalem" Reuters, 26 September 2000
- ↑ Israel approves new East Jerusalem settlement homes. BBC News
- ↑ Guinn, David E. (2 October 2006). Protecting Jerusalem's Holy Sites: A Strategy for Negotiating a Sacred Peace. Cambridge University Press. পৃ. 142. ISBN 0-521-86662-6
- ↑ (20 June 1995). Parshat Re'eh: No Jerusalem in Torah – Israel Opinion, Ynetnews. Ynetnews.com
- ↑ From the King James Version of the Bible: "And when the days of her purification according to the law of Moses were accomplished, they brought [Jesus] to Jerusalem, to present him to the Lord;" (Luke 2:22)
- ↑ From the King James Version of the Bible: "And they come to Jerusalem: and Jesus went into the temple, and began to cast out them that sold and bought in the temple, and overthrew the tables of the moneychangers, and the seats of them that sold doves;" (Mark 11:15)
- ↑ Boas, Adrian J. (12 October 2001). Jerusalem in the Time of the Crusades. Routledge. পৃ. 112. ISBN 0-415-23000-4
- ↑ Endo, Shusaku. (1999). A Life of Jesus. Paulist Press. পৃ. 116. ISBN 0-8091-2319-3
- ↑ Cordesman, Anthony H. (30 October 2005). The Israeli-Palestinian War: Escalating to Nowhere. Praeger Security International. পৃ. 62. ISBN 0-275-98758-2
- ↑ Peters, Francis E. (20 October 2003). The Monotheists: The Peoples of God. Princeton University Press. পৃ. 95–6. ISBN 0-691-11460-9
- ↑ Sahih Bukhari. Compendium of Muslim Texts. University of Southern California (from an English translation of Sahih Bukhari, Volume IX, Book 93, Number 608)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেৰুজালেম” প্ৰবন্ধৰ সংশোধন ৬৩৯৭৮৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।