সিন্ধু নদী (Indus River/Sindhu River /Abasin (اباسين)) এছিয়াৰ দীৰ্ঘতম নদীসমূহৰ ভিতৰত অন্যতম। এই নদী পাকিস্তান, ভাৰতৰ জম্মু আৰু কাশ্মীৰ আৰু পশ্চিম তীব্বতৰ মাজেৰে বৈ গৈছে। সিন্ধু নদী মানস সৰোবৰৰৰ কাষৰ তীব্বত মালভূমি (Tibetan Plateau) ৰ পৰা উৎপন্ন হৈ লাডাখৰ মাজেৰে বৈ গৈ পাকিস্তান হৈ কৰাচীৰ ওচৰত আৰ’বিয়ান সাগৰত মিলিত হৈছেগৈ। এই নদীৰ মুঠ দৈৰ্ঘ্য 3,180 কি.মি.। ইণ্ডাছ নদী পাকিস্তানৰ দীৰ্ঘতম নদী।১
এই নদীৰ মুঠ অপবাহৰ কালি ( drainage area) 1,165,000 বৰ্গ কি.মি. ৰো অধিক। ইয়াৰ বাৰ্ষিক প্ৰবাহ (annual flow) প্ৰায় 207 km3 যাৰ ফলত বাৰ্ষিক প্ৰবাহৰ ক্ষেত্ৰত এই নদীয়ে বিশ্বৰ ভিতৰতে একবিংশতিতম স্থান লাভ কৰিছে।
এই নদীৰ লাডাখত থকা উপনৈখন হৈছে Zanskar। সমতলত থকা আন এখন উপনৈ হৈছে Chenab যাৰ নিজৰে চাৰিখন উপনৈ আছে- Jhelum, Ravi, Beas আৰু Sutlej।২
সিন্ধু নদীয়ে বৈদিক ঋকবেদত ’সপ্ত সিন্ধু’ বুলি উল্লেখ কৰা বৰ্তমানৰ পাকিস্তানৰ বৰ্তমানৰ ব-দ্বীপ গঠন কৰিছে। এই নদীয়ে প্ৰাচীন কালৰে ৰা নানা আশ্চৰ্য্যৰে পৰিব্ৰাজক আৰু ইতিহাসবিদসকলক আকৰ্ষিত কৰি আহিছে।৩
উপনৈসমূহ
- Astor River
- Balram River
- Beas River
- Chenab River
- Dras River
- Gar River
- Ghizar River
- Gilgit River
- Gomal River
- Hunza River
- Jhelum River
- Kabul River
- Kurram River
- Nagar River
- Panjnad River
- Ravi River
- Satluj River
- Shigar River
- Shyok River
- Soan River
- Tanubal River
- Zanskar River
লগতে চাওক
- Albinia, Alice. (2008) Empires of the Indus: The Story of a River. First American Edition (20101) W. W. Norton & Company, New York. ISBN 978-0-393-33860-7.
- World Atlas, Millennium Edition, pg 265
- Jean Fairley, "The Lion River", Karachi, 1978
বাহ্যিক সংযোগ
- Blankonthemap The Northern Kashmir WebSite
- Bibliography on Water Resources and International Law Peace Palace Library
- Northern Areas Development Gateway
- The Mountain Areas Conservancy Project
- Indus River watershed map (World Resources Institute)
- Indus Treaty
- Baglihar Dam issue
- Indus
- First raft and kayak descents of the Indus headwaters in Tibet
- Pulitzer Center on Crisis Reporting's project on water issues in South Asia
তথ্যসূত্ৰ
- ↑ Zeitler, Peter K. (October 2001). Crustal reworking at Nanga Parbat, Pakistan: Metamorphic consequences of thermal-mechanical coupling facilitated by erosion. Tectonics. পৃ. 712–728
- ↑ Clift, Peter D.; Shimizu, N.; Layne, G.D. (August 2001). Development of the Indus Fan and its significance for the erosional history of the Western Himalaya and Karakoram. GSA Bulletin. পৃ. 1039–1051
- ↑ Clift, Peter D.; Blusztajn, Jerzy. (15 December 2005). Reorganization of the western Himalayan river system after five million years ago. Nature. পৃ. 1001–1003
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিন্ধু নদী” প্ৰবন্ধৰ সংশোধন ৬২৪৩৮১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।