আগৰতলা (আগব়তলা; Agartala, ) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী, আৰু উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ চহৰ। চহৰখন আগৰতলা পৌৰ নিগমৰ দ্বাৰা পৰিচালিত হয়। চহৰখন ত্ৰিপুৰা চৰকাৰৰ আসন। ই বাংলাদেশ সীমান্তৰ ওচৰৰ হাওৰা নদীৰ পাৰত, বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ (৫৫ মাইল) পূবত আৰু ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ পৰা প্ৰায় ২,৪৯৯ কিলোমিটাৰ (১,৫২২ মাইল) দূৰত১ পশ্চিম ত্ৰিপুৰা জিলাত অৱস্থিত। ভাৰত চৰকাৰৰ এক ফ্লেগশ্বিপ আঁচনি স্মাৰ্ট চিটি মিছনৰ অধীনত আগৰতলা বিকশিত কৰা হৈ আছে। আগৰতলা মুম্বাই আৰু চেন্নাইৰ পিছত ভাৰতৰ তৃতীয় আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেট গেটৱে।২
ব্যুৎপত্তি
"আগৰতলা" শব্দটো দুটা বঙালী শব্দৰ পৰা উদ্ভৱ হৈছে, যথা আগৰ আৰু তলা। আগৰ হৈছে একুইলাৰিয়া গণৰ এটা মূল্যৱান সুগন্ধি আৰু ধূপ গছ। আনহাতে, তলা শব্দৰ অৰ্থ হৈছে তলত। অৰ্থাৎ তলা প্ৰত্যয়টোৱে অঞ্চলটোৰ আগৰ গছৰ ঘনত্ব বুজায়।
ইতিহাস
ত্ৰিপুৰাৰ প্ৰাচীনতম ৰজাসকলৰ ভিতৰত খ্ৰীষ্টপূৰ্ব ১৯০০ ত পাটাৰ্দান নামেৰে এজন ৰজা আছিল। লোককথা অনুসৰি, চিত্ৰৰথ, দ্ৰিকপতি, ধৰ্মফা, লোকনাথ জীৱনধৰণ আদি আগৰতলাত খ্ৰীঃৰ সময়ত গুৰুত্বপূৰ্ণ ৰজা আছিল।৩
অতীজতে ত্ৰিপুৰাত কেইবাখনো হিন্দু শাসকে ৰাজত্ব কৰিছিল। যদিও শাসকসকলৰ সময়ৰেখা পোৱা হোৱা নাই, ৰেকৰ্ডসমূহে প্ৰকাশ কৰে যে অঞ্চলটো প্ৰায় ১৭৯জন হিন্দু শাসকে শাসন কৰিছিল। পৌৰাণিক ৰজা দ্ৰহ্যৰ পৰা আৰম্ভ কৰি ত্ৰিপুৰাৰ অন্তিম ৰজা কিৰিট বিক্ৰম কিশোৰ মাণিক্যলৈকে। ত্ৰিপুৰাও মোগল শাসনৰ অধীনলৈ আহিছিল। ৰাজ্যখন ১৮০৮ চনত ব্ৰিটিছৰ শাসনৰ অধীনলৈ আহে।৪
ভূগোল আৰু জলবায়ু
আগৰতলা হাওৰা নদীৰ কাষৰ এখন সমভূমিত অৱস্থিত, অৱশ্যে চহৰখন ইয়াৰ উত্তৰ অংশৰ তলৰ পাহাৰবোৰলৈকে বিস্তৃত।
তথ্যসূত্ৰ
- ↑ Distance Calculator – Distance from Agartala to Dhaka. distancecalculator.net
- ↑ Agartala becomes India's third int'l internet gateway | Agartala News – Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Deb Barman, Debapriya. (11 October 1983). Treatise on Traditional Social Institutions of the Tripuri Community. Directorate of Research, Department of Welfare of Scheduled Tribes and Scheduled Castes, Government of Tripura. পৃ. 122
- ↑ History Of Agartala
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আগৰতলা” প্ৰবন্ধৰ সংশোধন ৫২৬৫৬৮ (২৩ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।