অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মৰিছাছ

মৰিছাছ (Mauritius) আফ্ৰিকাৰ দক্ষিণ-পূব উপকূলৰ ওচৰত ভাৰত মহাসাগৰত অৱস্থিত এখন সৰু দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ সম্পূৰ্ণ নাম ৰিপাব্লিক অৱ মৰিছাছ। দেশৰ ৰাজধানী প’ৰ্ট লুইছ, যি দেশৰ প্ৰধান সাগৰীয় বন্দৰ।

হালনাগাদ: ২৮ ফেব্ৰুৱাৰী ২০২৬ ২৩৪ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

মৰিছাছ (Mauritius) আফ্ৰিকাৰ দক্ষিণ-পূব উপকূলৰ ওচৰত ভাৰত মহাসাগৰত অৱস্থিত এখন সৰু দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ সম্পূৰ্ণ নাম ৰিপাব্লিক অৱ মৰিছাছ। দেশৰ ৰাজধানী প’ৰ্ট লুইছ, যি দেশৰ প্ৰধান সাগৰীয় বন্দৰ। ভাৰত মহাসাগৰৰ পশ্চিম অংশত আফ্ৰিকাৰ মূল ভূখণ্ডৰ পৰা ২০০০ কিলোমিটাৰ পূবে আৰু দ্বীপ ৰাষ্ট্ৰ মাদাগাস্কাৰৰ পৰা ৮০০ কিলোমিটাৰ পূবে অৱস্থিত এই দ্বীপটো।১

ইতিহাস

মৰিচাছৰ আদিম তথ্য প্ৰায় দশম শতিকাৰ আৰম্ভণিৰ আৰু দ্ৰাবিড় (তামিল) আৰু অষ্ট্ৰনেছিয়ান নাৱিকৰ উল্লেখৰ পৰা পোৱা গৈছে। পৰ্তুগীজ নাৱিকসকলে প্ৰথমে ১৫০৭ চনত ইয়ালৈ আহি এই জনবসতিহীন দ্বীপটোত ভ্ৰমণ ঘাটি স্থাপন কৰিছিল আৰু তাৰ পিছত দ্বীপটো এৰি থৈ গৈছিল। ১৫৯৮ চনত স্পাইচ দ্বীপলৈ যাত্ৰা কৰিবলৈ যোৱা হলণ্ডৰ পৰা তিনিখন জাহাজে ঘূৰ্ণীবতাহৰ সময়ত বিচৰণ কৰি ইয়ালৈ আহিছিল। তেওঁ নাছাউৰ ক্ৰাউন প্ৰিন্স মৰিছৰ সন্মানত এই দ্বীপটোৰ নাম মৰিচাছ ৰাখিছিল। ১৬৩৮ চনত ডাচসকলে ইয়াত প্ৰথম স্থায়ী বসতি স্থাপন কৰে। ঘূৰ্ণীবতাহৰ সৈতে কঠোৰ জলবায়ু আৰু বসতিস্থলটোৰ সঘনাই ক্ষতিৰ বাবে ডাচসকলে কেইটামান দশকৰ পিছত এই দ্বীপটো পৰিত্যাগ কৰে। ইতিমধ্যে চুবুৰীয়া দ্বীপ বোৰ্বন (বৰ্তমান ৰিইউনিয়ন) দ্বীপৰ ওপৰত নিয়ন্ত্ৰণ থকা ফ্ৰান্সে ১৭১৫ চনত মৰিচাছক নিজৰ অন্তৰ্ভুক্ত কৰি আইল ডি ফ্ৰান্স (ফ্ৰান্স দ্বীপ) নামেৰে নামাকৰণ কৰে। ফৰাচী শাসনৰ অধীনত এই দ্বীপটোৱে চেনি উৎপাদনৰ ওপৰত ভিত্তি কৰি এক সমৃদ্ধিশালী অৰ্থনীতি গঢ়ি তুলিছিল। এই অৰ্থনৈতিক পৰিৱৰ্তনৰ সূচনা কৰিছিল গৱৰ্ণৰ (গৱৰ্ণৰ) ফ্ৰান্সোৱা মাহে ডি লেবাৰডনেইছে।

মৰিছাছ দ্বীপত দদ' নামৰ এবিধ চৰাই আছিল। মৰিছাছ দ্বীপলৈ অহা জাহাজৰ নাবিকবোৰে এই দৌৰিব নোৱাৰা চৰাইবোৰ ধৰি ধৰি খাবলৈ ল'লে। মাৰিবলৈ সহজ বাবে নাবিকবোৰে প্ৰয়োজনতকৈ বেছিকৈ চৰাই মাৰিবলৈ ধৰাৰ ফলত কিছু বছৰৰ ভিতৰত দদ' চৰাই মৰিছাছ দ্বীপৰ পৰা সম্পূৰ্ন লোপ পালে।২

ভাষা, জাতীয়তা আৰু ধৰ্ম

ঘৰত কোৱা ভাষা (২০২২)

ভাষাশতাংশ
মাউৰিচিয়ান ক্ৰিঅ’ল৯০.০%
ভোজপুৰী ভাষা৫.১%
ফৰাচী৪.৪%
ইংৰাজী ভাষা০.৬%

জাতিগত গোট

জাতিশতাংশ
ভাৰতীয়৬৭%
ক্ৰিঅ’ল২৮%
চীনা৩%
ফৰাচী২%

ধৰ্ম (২০২২)

ধৰ্মশতাংশ
হিন্দু৪৭.৯%
খ্ৰীষ্টধৰ্ম৩২.৩%
ইছলাম১৮.২%
অন্যান্য / কোনো ধৰ্ম নাই১.৬%

তথ্যসূত্ৰ

  1. ↑ মৰিছাছ: সাগৰৰ বুকুত ক্ষুদ্ৰ ভাৰত. nilacharai.com
  2. ↑ সম্পদৰ সংৰক্ষন. dailyassam.com

সম্পৰ্কিত শ্ৰেণী

মৰিছাছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰিছাছ” প্ৰবন্ধৰ সংশোধন ৫৮৩৩১৩ (২৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।