ইটানগৰ (Itanagar ) হৈছে ভাৰতবৰ্ষৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী। ই হিমালয়ৰ নামনি অংশত অৱস্থিত।
অৰুণাচলৰ ৰাজধানী হিচাপে সমগ্ৰ ভাৰতৰ লগত বিমান আৰু পথৰ দ্বাৰা ইটানগৰলৈ পৰিবহণৰ সু-ব্যৱস্থা আছে। গুৱাহাটীৰপৰা নাহৰলগুন (ইটানগৰ)লৈ নিয়মীয়াকৈ হেলিকপ্তাৰ চলাচল কৰে। গুৱাহাটীৰপৰা ইয়ালৈ নিয়মিতভাৱে বাছ চলাচল কৰে। ইটানগৰৰ নিকটতম ৰেল ষ্টেচন নাহৰলগুনত অৱস্থিত।
নামৰ উৎপত্তি
১৪ শ অথবা ১৫শ শতিকাত ইটাৰ দ্বাৰা এটা দুৰ্গ নিৰ্মাণ কৰা হৈছিল। এই দুৰ্গটোৰ নামৰপৰাই চহৰখনৰ নাম "ইটানগৰ" হ'ল বুলি জনা যায়।
ভৌগোলিক অৱস্থান
অৰুণাচল প্ৰদেশৰ দক্ষিণ অংশত "ইটানগৰ" অৱস্থিত। ইটানগৰৰ ভৌগোলিক অৱস্থান হৈছে।১ সমুদ্ৰপৃষ্ঠৰপৰা ইয়াৰ গড় উচ্চতা প্ৰায় ৪৪০ মিটাৰ (১৪৪৩ ফুট)।
উল্লেখযোগ্য স্থান
ইটা দুৰ্গ
মূল প্ৰবন্ধ: ইটা দুৰ্গ
"ইটা দুৰ্গ" হৈছে অৰুণাচল প্ৰদেশৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক স্থান। "ইটা দুৰ্গ"ৰ অৰ্থ হৈছে "ইটাৰে নিৰ্মিত দুৰ্গ" (অসমীয়া ভাষাপৰা আহিছে)। এই দুৰ্গটো ১৪শ অথবা ১৫শ শতিকাৰ আগভাগতেই নিৰ্মিত কৰা হৈছিল২। এটুকুৰা ওপৰত আন এটুকুৰা ইটা জাপি দি এই দুৰ্গটো নিৰ্মাণ কৰা হৈছে। ১৬,২০০ ঘন মিটাৰৰ এই বিশাল দুৰ্গটো চুতীয়া ৰাজ্যৰ দিনতে নিৰ্মিত।৩। এই দুৰ্গটোত তিনিটা দিশ - পশ্চিম দিশ, পূব দিশ আৰু দক্ষিণ দিশত তিনিখন দুৱাৰ আছে।
জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰাহলয়
মূল প্ৰবন্ধ: জৱাহৰলাল নেহৰু ৰাজ্যিক সংগ্ৰাহলয়, ইটানগৰ
ইটানগৰৰ প্ৰায় মাজ-মজিয়াতে অৱস্থিত এই সংগ্ৰাহলয়টোত ৰাজ্যখনৰ বিভিন্ন জনজাতিৰ সংস্কৃতিৰ লগত জড়িত বিভিন্ন বস্তুৰ প্ৰদৰ্শন কৰা আছে।
গংগা হ্ৰদ
গংগা হ্ৰদৰ স্থানীয় নাম হৈছে "গেকৰ ছিনয়ি"। নিছি জনজাতিৰ উপভাষাত "গেকৰ ছিনয়ি"ৰ অৰ্থ হৈছে "আৱদ্ধ হৈ থকা পানী"। বহুতো বৃহাদাকাৰ শিলে এই হ্ৰদটো আৱৰি ৰাখিছে। বৰ্তমান এই হ্ৰদটো এটা বনভোজৰ কেন্দ্ৰলৈ পৰিৱৰ্তিত হৈছে। ইয়াত সাঁতোৰা আৰু নৌকাৰ সুবিধাও আছে। আদিম উদ্ভিদ, অৰ্কিড আৰু ঢেঁকীয়া জাতীয় উদ্ভিদ হ্ৰদটোৰ আশে-পাশে পোৱা যায়।
জনগাঁথনি
২০১১ চনৰ লোকপিয়ল মতে, ইটানগৰৰ মুঠ জনসংখ্যা ৩৪,৯৭০ জন। ইয়াৰে শতকৰা ৫৩% ভাগ পুৰুষ আৰু ৪৭% মহিলা। মুঠ জনসংখ্যাৰ ১৫% শতাংশই হৈছে ৬ বছৰ বয়সৰ তলৰ শিশু। এই অঞ্চলৰ উল্লেখযোগ্য জনজাতিসমূহ হৈছে "নিছি", "আদি", "গালো", "আপাতানি" আৰু "মিৰি"।
পৰিবহণ
৫২ এ ৰাষ্ট্ৰীয় ঘাইপথে ইটানগৰক অসম আৰু ভাৰতৰ লগত সংযোগ কৰিছে।
বিমান পথ
ইটানগৰত কোনো বিমান বন্দৰ নাই যদিও নাহৰলগুনত এটা হেলিপেড আছে। ইয়ালৈ গুৱাহাটীৰপৰা নিয়মিয়াকৈ হেলিকপ্তাৰ চলাচল কৰে।
ৰেলপথ
২০১৪ চনত ইটানগৰৰ ওচৰৰ নাহৰলগুনলৈ ব্ৰডগ'জ ৰেলসেৱা সম্প্ৰসাৰণ কৰা হৈছে। ৭ এপ্ৰিল ২০১৪ৰ দিনা ডেকাৰগাঁৱৰ (তেজপুৰ) পৰা নাহৰলগুনলৈ প্ৰথম যাত্ৰীবাহী ৰেল চলে।
পথ
গুৱাহাটীৰপৰা নিয়মিত ভাৱে ইটানগৰলৈ বাছত অহা-যোৱা কৰাৰ সুবিধা আছে।
শিক্ষা
ইটানগৰৰ সাক্ষৰতা হাৰ হৈছে ৬৬.৯৫%। এই পৰিসংখ্যা ৰাষ্ট্ৰীয় সাক্ষৰতা হাৰ (৭৪.৪%) তকৈও কম। ইয়াৰ ভিতৰত পুৰুষৰ সাক্ষৰতা হাৰ ৭৩.৬৯%, আৰু মহিলাৰ সাক্ষৰতা হাৰ ৫৯.৫৭%। ইটানগৰত চৰকাৰী বিদ্যালয়ৰ লগতে বহুতো ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে। ইটানগৰৰ নাহৰলগুনত এখন হোমিওপেথিক মহাবিদ্যালয় আৰু নিৰজুলিত অভিযান্ত্ৰিক আৰু প্ৰায়োগিক বিজ্ঞান (Applied Science) শিক্ষাৰ বাবে"নৰ্থ ইষ্টাৰ্ণ ৰিজ'নেল ইনষ্টিটিউট অফ চায়েঞ্চ এণ্ড টেকন'লজি" (NERIST) প্ৰতিষ্ঠা কৰা হৈছে।
চিত্ৰ ভঁৰাল
বাহ্যিক সংযোগ
- ITANAGAR by India travel portal
- 1962 Border War between India and China(Henderson brook report)
- Contact List for all Important Government Officials in Itanagar Includes Police, Telephone, Electricity and more
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইটানগৰ” প্ৰবন্ধৰ সংশোধন ৬৩৮৫৭৬ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।