ভূগোল (ইংৰাজী:- Geography গ্ৰীক ভাষাৰ γεωγραφία - geographiaৰ পৰা, যাৰ অৰ্থ "পৃথিৱীৰ পৃষ্ঠভাগৰ বৰ্ণনা"১) হৈছে ভূমি, ইয়াৰ বৈশিষ্ট, বাসিন্দাসকল, আৰু পৃথিৱীৰ পৰিঘটনাসমূহৰ অধ্যয়ন কৰা বিজ্ঞানৰ ভাগ২। ইংৰাজী শব্দটোৰ পোনপটীয়া অৰ্থ হ'ব "পৃথিৱীৰ বিষয়ে লিখা বা বৰ্ণনা কৰা"। "geography" শব্দটো ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন আছিল ইৰেট'স্থেনিছ (খ্ৰীষ্টপূৰ্ব ২৭৬-১৯৪)। ভূগোলৰ গৱেষণাৰ চাৰিটা পৰম্পৰাগত ভাগ হৈছে প্ৰকৃতি আৰু মানৱ পৰিঘটনাৰ বিশ্লেষণ, ভূমি অধ্যয়ন (স্থান), মানুহ-ভূমিৰ সম্পৰ্কৰ অধ্যয়ন, আৰু ভূ বিজ্ঞানৰ গৱেষণা৩। আধুনিক ভূগোলে বিভিন্ন বিষয় সামৰি লৈ পৃথিৱী আৰু ইয়াৰ বাসিন্দা বা প্ৰকৃতিৰ জটিলতাক বুজিবলৈ চেষ্টা কৰে- কেৱল বস্তুটো কি সেয়াই নহয় কিন্তু সালসলনিৰ মাজেৰে কিদৰে আজিৰ ৰূপ পালে সেই সকলো। ভূগোলক "বিশ্বৰ বিষয়" আৰু "মানুহ আৰু ভৌতিক বিজ্ঞানৰ মাজৰ সেতু" বুলিও অভিহিত কৰা হৈছে। ভূগোলক মানৱ ভূগোল আৰু ভৌতিক ভূগোল এই দুটা বহল ভাগত ভগোৱা হৈছে৪৫৬।
ভাগ সমূহ
ভূগোলক দুটা প্ৰধান ভাগত ভগোৱা হৈছে।
- প্ৰাকৃতিক ভূগোল বা ভৌতিক ভূগোল আৰু
- মানৱ ভূগোল
প্ৰাকৃতিক ভূগোল বা ভৌতিক ভূগোল
প্ৰাকৃতিক ভূগোল বা ভৌতিক ভূগোলৰ মূল বিষয়বস্তু হ'ল - পৃথিবীৰ বিভিন্ন অংশ আৰু সেইবোৰৰ গঠন, উপাদান আদিৰ বিষয়ে আৰু প্ৰাকৃতিক সমস্যা সমূহৰ ব্যাখ্যা, আলোচনা আদি কৰা হয়। ই প্ৰধানকৈ ভূ-মণ্ডল বা লিথ'স্ফিয়েৰ বা ছিয়াল বা ওপৰৰ স্তৰ, জলমণ্ডল, বায়ুমণ্ডল, ভূপৃষ্ঠ, আৰু গোলকীয় উদ্ভিদ জগত আৰু প্ৰাণী জগতৰ (জীৱমণ্ডল) গঠন, আৰ্হি, আৰু এইবোৰৰ সমস্যা আৰু সমাধানৰ বিষয়ে আলোচনা কৰে।
প্ৰাকৃতিক ভূগোল বা ভৌতিক ভূগোলক অসংখ্য বিশাল উপভাগত ভগাব পাৰি, এইবোৰৰ কিছুমান হ'ল:
| | | | | ||
| জীৱভূগোল | জলবায়ু বিজ্ঞান আৰু বতৰবিজ্ঞান | উপকূলীয় ভূগোল | পৰিৱেশ ব্যৱস্থাপনা |
| | | | | | | |
| ভূ-মিতি বা গাণিতিক ভূগোল | ভূ-আকৃতি বিজ্ঞান | হিমবাহবিদ্যা | জল-বিজ্ঞান আৰু হাইড্ৰগ্ৰেফি |
| | | | | | | |
| ভূ-দৃশ্য বাস্তুব্য বিজ্ঞান | সমুদ্ৰ বিজ্ঞান | মৃত্তিকা বিজ্ঞান | প্ৰত্নভূগোল |
| ক্কোৱেটাৰনেৰি বিজ্ঞান |
মানৱ ভূূগোল
ভূগোলৰ এটা প্ৰধান ভাগ হৈছে মানৱ ভূগোল। ইয়াত মূলতঃ মানুহ আৰু পৰিৱেশৰ আন্তঃসম্পৰ্কৰ ভৌগোলিক অধ্যয়ন কৰা হয়। মানৱীয় কাম কাজক কেন্দ্ৰ কৰি ভূগোলৰ এইটো শাখাৰ জন্ম হৈছে। জাৰ্মান ভূগোলবিদ ফ্ৰেডৰিক ৰাটজেলক মানৱ ভূগোলৰ পিতৃ বুলি কোৱা হয়।
জনসংখ্যা ভূগোল
ভূগোলৰ যি শাখাত কোনো এখন ঠাই বা ৰাষ্ট্ৰৰ জনসংখ্যা, জনসংখ্যাৰ গাঠনি, জনসংখ্যাৰ বৃদ্ধিৰ হাৰ, জন্ম-মৃত্যুৰ হাৰ, লিংগ অনুপাত, সাক্ষৰতা আদিবোৰ পুংখানুপুংখ ভাৱে অধ্যয়ন কৰা হয়, ভূগোলৰ সেই শাখাটোকে জনসংখ্যা ভূগোল বোলে।
পৌৰ ভূগোল
ভূগোলৰ এই শাখাত নগৰ-মহানগৰ আদিৰ বিভিন্ন দিশ, যেনে- নগৰীয়া অঞ্চলৰ জনগাঁথনি, জনসংখ্যা, ঘনত্ব, বিতৰণ, নগৰ পৰিচালনা, উন্নয়নৰ পৰিকল্পনা, আদিৰ বিষয়ে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে পুংখানুপুংখ ভাৱে অধ্যয়ন কৰে, ভূগোলৰ সেই শাখাটোক পৌৰ ভূগোল বা নগৰীয়া ভূগোল বোলে।
অৰ্থনৈতিক ভূগোল
সমাজ ভূগোল
ৰাজনৈতিক ভূগোল
তথ্যসূত্ৰ
- ↑ Online Etymology Dictionary. Etymonline.com
- ↑ Geography. The American Heritage Dictionary/ of the English Language, Fourth Edition. Houghton Mifflin Company
- ↑ Pattison, W.D. (1990). The Four Traditions of Geography. Journal of Geography. পৃ. 202–6 Reprint of a 1964 article
- ↑ GEOGRAPHY “THE MOTHER OF SCIENCES”. web.clas.ufl.edu
- ↑ 1(b). Elements of Geography. Physicalgeography.net
- ↑ Bonnett, Alastair What is Geography? London, Sage, 2008
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূগোল” প্ৰবন্ধৰ সংশোধন ৫৬৭১৫৬ (৩১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।