জাকাৰ্টা হৈছে ইণ্ডোনেছিয়াৰ ৰাজধানী তথা বৃহত্তম চহৰ, (যদিও জাকাৰ্টা নিজে এখন প্ৰদেশ) আৰু বিশ্বৰ এখন লেখত ল'বলগীয়া জনবহুল নগৰ অঞ্চল।
জাভাৰ দক্ষিণ-পশ্চিম উপকূলত অৱস্থিত, জাকাৰ্টা হৈছে দেশৰ অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কেন্দ্ৰস্বৰূপ। ২০১২ চনৰ ডিচেম্বৰত ইয়াৰ জনসংখ্যা আছিল ৯৭,৬১,৪০৭ জন।১ ই হৈছে ইণ্ডোনেছিয়া আৰু দক্ষিণ-পূৱ এছিয়াৰ সৰ্বাধিক জনবহুল নগৰৰ অন্যতম।২ জাব'ডেটাবেক (জাকাৰ্টা, ব'গৰ, ডেপ'ক, টাংগাৰাং আৰু বেকাছি নামৰ সন্মিলিত ৰূপ) বলি জনাজাত, দেশৰ চৰকাৰী নগৰ অঞ্চল হৈছে পৃথিৱাৰ ভিতৰত দ্বিতীয় বৃহত্তম অঞ্চল।
চতুৰ্থ শতাব্দীত প্ৰতিষ্ঠিত এই নগৰখন, ছুন্দা সাম্ৰাজ্যৰ গুৰুত্বপূৰ্ণ ব্যৱসায়িক বন্দৰলৈ পৰিণত হয়। ই ডিউট্ছ ইষ্ট ইন্দিছৰ ডে ফেক্ট' ৰাজধানী আছিল (সেই সময়ত বেটাভিয়া বুলি জনাজাত আছিল)। ১৯৪৫ চনত ইন্দুনেছিয়াই স্বাধীনতা লাভ কৰাৰে পৰা বৰ্তমানলৈকে ই দেশখনৰ ৰাজধানী হৈ আছে। বৰ্তমান নগৰখনে দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন (ASEAN) সচিবালয়তো স্থান লাভ কৰিছে।
২০০৮ গ্ল'বেলাইজেশ্বন আৰু ৱৰ্ল্ড চিটিজ ষ্টাডি গ্ৰুপ এণ্ড নেটৱৰ্ক (GaWC) অনুসন্ধানত নগৰখনক গোলকীয় নগৰৰ তালিকাত স্থান দিয়া হৈছিল।৩ ব্ৰ'কিং ইনষ্টিটিউটৰ এক সমীক্ষা মতে, ২০১১ চনত জাকাৰ্টাৰ অৰ্থনৈতিক বিকাশ পৃথিৱীৰ ২০০খন বৃহৎ চহৰৰ ভিতৰত সপ্তদশ স্থানত আছিল, ২০০৭ চনত জাকাৰ্টাৰ এই স্থান আছিল ১৭১ তম। বৰ্তমান কুৱালালামপুৰ, বেইজিং আৰু বেংককতকৈ নগৰখন অধিক দ্ৰুতভাৱে বিকশিত হৈছে।৪
নাম আৰু জনশ্ৰুতি
জাকাৰ্টা হৈছে বহুকেইখন আৱাসস্থলী তথা নামৰ সৈতে মূল ভূখণ্ডৰ সামগ্ৰিক নাম: ছুন্দ কেলাপা (৩৯৭–১৫২৭), জয়কৰ্তা (১৫২৭–১৬১৯), বাটাভিয়া (১৬১৯–১৯৪৯), দ্যাকাৰ্তা (১৯৪৯–১৯৭২), আৰু জাকাৰ্টা (১৯৭২-বৰ্তমানলৈকে)
ইয়াৰ বৰ্তমান নামটো "জয়কৰ্তা" শব্দটোৰ পৰা আহৰণ কৰা হৈছে। এই শব্দটোৰ মূল উৎস হৈছে পুৰণা জাভানীজ আৰু প্ৰধানতঃ সংস্কৃত ভাষা ভাষা। "জয়কৰ্তা"ৰ অৰ্থ হৈছে "বিজয় কাৰ্য", "সম্পূৰ্ণ কাৰ্য", বা "সম্পূৰ্ণ বিজয়"।
জাকাৰ্টাৰ উপনাম হৈছে দ্য বিগ ডুৰিয়ান, এই অঞ্চলত পোৱা একপ্ৰকাৰৰ স্থানীয় ফল, ইণ্ডোনেছিয়ান নিউয়ৰ্ক মহানগৰ (দ্য বিগ এপ্যল) হিচাপে তুলনা কৰিব পাৰি।৫ উপনিৱেশিক যুগত নগৰখনক "ক'নইংগিং ভান হেট অ'ষ্টেন'' (অৰিয়েণ্টৰ মহাৰাণী) বুলি কোৱা হৈছিল।
তথ্যসূত্ৰ
- ↑ Jumlah Penduduk Provinsi DKI Jakarta. Dinas Kependudukan dan Catatan Sipil
- ↑ (26 March 2014). Indonesia Population 2014. World Population Review
- ↑ The World According to GaWC 2008. Globalization and World Cities Study Group and Network (GaWC). Loughborough University
- ↑ (24 April 2012). Foke lebih yakin lembaga survei asing
- ↑ Sojourn in the Big Durian. ThingsAsian
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাকাৰ্টা” প্ৰবন্ধৰ সংশোধন ৫৮২৫৬৯ (২৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।