অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ভূমধ্য সাগৰ

ভূমধ্য সাগৰ (; Mare Mediterraneo or Mar Mediterraneo; البحر الابيض المتوسط al-Baḥr al-abyaḍ al-Mutawassiṭ; Μεσόγειος Θάλασσα; Mer Méditerranée; Mar Mediterráneo; Akdeniz; Mare Nostrum) আটলাণ্টিক মহাসাগৰৰ লগত সংযোজিত হৈ থকা এখন সাগৰ। এই সাগৰখন ভূমধ্য অঞ্চলে চাৰিওদিশৰ পৰা আৱৰি আছে।

হালনাগাদ: ৫ জুন ২০২০ ২২৫ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ভূমধ্য সাগৰ (; Mare Mediterraneo or Mar Mediterraneo; البحر الابيض المتوسط al-Baḥr al-abyaḍ al-Mutawassiṭ; Μεσόγειος Θάλασσα; Mer Méditerranée; Mar Mediterráneo; Akdeniz; Mare Nostrum) আটলাণ্টিক মহাসাগৰৰ লগত সংযোজিত হৈ থকা এখন সাগৰ। এই সাগৰখন ভূমধ্য অঞ্চলে চাৰিওদিশৰ পৰা আৱৰি আছে। ইয়াৰ উত্তৰে দক্ষিণ ইউৰোপ ( Southern Europe) আৰু আনাট’লিয়া (Anatolia), দক্ষিণে উত্তৰ আফ্ৰিকা আৰু পূবে লেভাণ্ট (Levant)। এই সাগৰক কেতিয়াবা আটলাণ্টিক মহাসাগৰৰে এটা অংশ বুলিও ধৰা হয়। এই সাগৰৰ পাৰত অৱস্থিত দেশবোৰ হৈছে- আলবানিয়া ( Albania), আলজাৰিয়া (Algeria), ব’ছনিয়া-হাৰযেগ’ভিনা (Bosnia-Herzegovina), ক্ৰ’টিয়া (Croatia), চাইপ্ৰাছ (Cyprus),ইজিপ্ট, ফ্ৰান্স, গ্ৰীচ, ইজৰাইল, ইটালী, লেবান’ন, লিবিয়া, মাল্টা (Malta),ম’ৰ’ক্ক, ম’নাক’, ম’ণ্টেনেগ্ৰ’ (Montenegro), উত্তৰ চাইপ্ৰাছ (Northern Cyprus),পেলেষ্টাইন, শ্ল’ভানিয়া, স্পেইন, চিৰিয়া, তুৰ্কী আৰু টুনিছিয়া (Tunisia)।

নামকৰণ

ভূমধ্য সাগৰৰ ইংৰাজী নাম লেটিন শব্দ ’mediterraneus’ পৰা আহিছে যাৰ অৰ্থ হ’ল-"inland" বা "in the middle of the land" (medius, "middle" ̀ আৰুt erra, "land").

ভৌগোলিক বিৱৰণ

এই সাগৰে প্ৰায় ২। ৫ মিলিয়ন বৰ্গ কিলোমিটাৰ অধিকাৰ কৰি আছে। অৱশ্যে ভূমধ্য সাগৰৰ আটালাণ্টিক মহাসাগৰৰ সৈতে সংযোগ হোৱা অংশটো কেৱল 14 কি.মি. বহল। এই অংশটোক’Strait of Gibraltar’ বুলি কোৱা হয়। এই অংশটোৱে ইউৰোপৰ Gibraltar আৰু স্পেইনক আফ্ৰিকাৰ ম’ৰ’ক্কোৰ পৰা পৃথক কৰে।১২

ভূমধ্য সাগৰৰ গড় গভীৰতা প্ৰায় 1500 মিটাৰ আৰু আটাইতকৈ গভীৰ অংশটো হ’ল 5267 মিটাৰ, যি Ionian Sea ৰ Calypso Deep ত অৱস্থিত।

গুৰুত্ব

ভূমধ্য সাগৰে ঐতিহাসিক কালত ভ্ৰমণকাৰী আৰু বণিজসকলৰ জলপৰিবহণৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ পাৰত অৱস্থিত দেশসমূহৰ ইতিহাসত এই সাগৰৰ স্থান অতি গুৰুত্বপূৰ্ণ।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Microsoft Word — ext_abstr_East_sea_workshop_TLM.doc
  2. ↑ (19 March 2009). Researchers predict Mediterranean Sea level rise — Headlines — Research – European Commission. Europa

সম্পৰ্কিত শ্ৰেণী

সাগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূমধ্য সাগৰ” প্ৰবন্ধৰ সংশোধন ২৩৬১৯৩ (৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।