বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
অনাভেদী যৌনক্ৰিয়া
অনাভেদী যৌনক্ৰিয়া হৈছে অন্তৰ্ভেদী যৌন সংগমৰ বিপৰীত, অৰ্থাৎ এনেকুৱা যৌন সম্পৰ্কত কোনো শিশ্ন বা লিংগ প্ৰৱেশ কৰোৱা নহয়। এনে যৌন কাৰ্য্যৰ ভিতৰত আছে চুমা, মৰ্দন বা লেহন আদি। অনাভেদী যৌন সম্পৰ্ক শৃংগাৰৰ দৰে হ'লেও মূলতঃ সেয়া নহয়।
-
কলেষ্টেৰল
কলেষ্টেৰল বা Cholesterol (প্ৰাচীন গ্ৰীকৰ chole- (পিত্ত) আৰু ষ্টেৰচ (কঠিন), লগত এলক'হলৰ বাবে -ol ৰাসায়নিক অনুসৰ্গ) এক জৈৱ অণু। ই ষ্টেৰল (বা পৰিৱৰ্তিত ষ্টেৰইড) নামৰ একপ্ৰকাৰৰ চৰ্বি। সকলো প্ৰাণী কোষে কলেষ্টেৰল উৎপন্ন কৰে আৰু ই প্ৰাণীৰ কোষ আৱৰণীৰ এক অত্যাৱশ্যকীয় উপাদান।
-
গৌড় ৰাজ্য
গৌড় ৰাজ্য বা শশাংক ভাৰতীয় উপমহাদেশৰ ধ্ৰুপদী কালৰ এখন ৰাজ্য, যাৰ উৎপত্তি হৈছিল বংগ অঞ্চলত, যি বৰ্তমানৰ পশ্চিম বংগ আৰু বাংলাদেশ। এই ৰাজ্য অস্তিত্বত আছিল সম্ভৱতঃ ৪থ শতিকা বা তাৰ পাছত।
-
চেভেৰাছ স্নেইপ
চেভেৰাছ স্নেইপ (Severus Snape) জে. কে. ৰাউলিঙৰ হেৰী পটাৰ কল্প-কাহিনী শৃংখলাৰ এক প্ৰধান চৰিত্ৰ। শৃংখলাটোত স্নেইপ হগৱাৰ্ট্ছ যাদু বিদ্যালয়ৰ (Hogwarts School Of Witchcraft And Wizardry) যাদু ৰসায়নৰ শিক্ষক। ষষ্ঠ গ্ৰন্থখনত তেওঁ ক'লা যাদুৰ পৰা প্ৰতিৰক্ষা বিষয়ৰ শিক্ষক নিযুক্ত হৈছে।
-
ছিল্ক ৰোড
ছিল্ক ৰোড (丝绸之路) খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব ১৮ শতিকালৈকে এছিয়াৰ উপমহাদেশীয় অঞ্চল সমূহৰ পূব আৰু পশ্চিম দিশক সংযোগ কৰা বাণিজ্য পথৰ এক নেটৱৰ্ক আছিল আৰু বৰ্তমানো এই পথৰ অস্তিত্ব বৰ্তী আছে।
-
জটিল সংখ্যা
জটিল সংখ্যা (Complex number) গণিতৰ কিছুমান সমস্যাৰ সমাধানৰ উদ্দেশ্যে গৃহীত এক ধাৰণা। সংখ্যাৰেখাৰ উলম্ব দিশত এক কাল্পনিক মাত্ৰাৰ (dimension) সহায়ত ইয়াক এটা বাস্তৱ সংখ্যা আৰু এটা কাল্পনিক সংখ্যাৰ ভেক্টৰ হিচাবে প্ৰকাশ কৰা হয়। : ⟨i^2 = -1\,⟩
-
জাপানৰ সম্ৰাট
জাপানৰ সম্ৰাট হ'ল জাপানৰ শাসক আৰু জাপানৰ ৰাজপৰিয়ালৰ মুৰব্বী। জাপানৰ সংবিধানৰ মতে, তেওঁ "ৰাজ্য আৰু জনতাৰ মাজৰ ঐক্যৰ চিহ্ন" আৰু তেওঁৰ পদৱীৰ উৎস "জনতাৰ ইচ্ছা, যি সাৰ্বভৌম"। জাপানৰ ঔপনিৱেশিক গৃহস্থিৰ আইনৰ মতে সম্ৰাটৰ ক্ষমতা হস্তান্তৰৰ নিয়ম নিৰ্ধাৰিত হয়।
-
জৌহৰ
জৌহৰ বা জৌহাৰ বা জোহৰ ভাৰতীয় (ৰাজপুত) হিন্দু নাৰীয়ে নিজেই নিজৰ দেহত বা পতি, পিতৃ বা ভ্ৰাতৃৰ হতুৱাই অগ্নিসংযোগ কৰি প্ৰাণ বিসৰ্জন দিয়া কাৰ্য। মুছলমান আক্ৰমণকাৰীসকলৰ সৈতে হোৱা যুদ্ধত নিশ্চিত পৰাজয়ৰ সন্মুখীন হ'লে তেওঁলোকৰ হাতত ধৰা পৰা, দাসত্ব আৰু ধৰ্ষণৰ পৰা হাত সাৰিবলৈ এনে আত্মহননৰ কাৰ্যপন্থা হাতত…
-
ধাই
ধাই বা প্ৰসুতিকা (Midwife) হৈছে এগৰাকী স্বাস্থ্যৰ সৈতে সম্পৰ্কিত পেছাদাৰী ব্যক্তি, যিয়ে প্ৰসৱৰ আগে-পিছে মাতৃ আৰু নৱজাতকৰ যত্ন লয় আৰু ধাইসকলৰ এই বিশেষত্বক প্ৰসুতিবিদ্যা বোলা হয়।
-
বহুভুজ
সৰলৰেখাৰ দ্বাৰা আৱদ্ধ সমতল যিকোনো চিত্ৰকে বহুভুজ বোলা হয়। যদি বহুভুজৰ সকলোবোৰ বাহু আৰু কোণ সমান হয়, তেন্তে তাক সুষম বহুভুজ বোলে। সুষম বহুভুজৰ কেন্দ্ৰৰ পৰা যিকোনো বাহুৰ দূৰত্বকে "apothem" বোলা হয়।
-
বৰপাত্ৰগোহাঞি
বৰপাত্ৰগোহাঞি বা ছাও চেং-লুঙ (𑜌𑜧𑜨 𑜏𑜢𑜤𑜂𑜫 𑜏𑜤𑜂𑜫) আহোম ৰাজতন্ত্ৰৰ তিনিজন প্ৰধান পৰামৰ্শদাতাৰ তৃতীয়জন। দিহিঙীয়া ৰজা চুহুংমুংৰ দিনত নগাচাংত ডাঙৰ-দীঘল হোৱা কোঁৱৰ কনচেংৰ বাবে বৰপাত্ৰগোহাঁইৰ পদবীটো সৃষ্টি কৰা হৈছিল। কনচেংৰ পিতৃ স্বৰ্গদেৱ চুপিম্ফাৰ নক্টে খুনবাও (নগা দেকাৰজা) কাৰঙ্গপাৰৰে মিত্ৰতা আছিল।
-
ভৰত মুনি
ভৰত (দেৱনাগৰী: भरत) প্ৰাচীন ভাৰতৰ এজন মুনি (ঋষি) আছিল। তেওঁক পৰম্পৰাগতভাৱে প্ৰভাৱশালী প্ৰদৰ্শন কলাৰ গ্ৰন্থ নাট্যশাস্ত্ৰৰ লেখক হিচাপে গণ্য কৰা হয়, যিয়ে প্ৰাচীন ভাৰতীয় নৃত্য, কাব্য, নাট্যকলা, আৰু সংগীতৰ বিষয়ে আলোচনা কৰে।
-
মহাত্মা গান্ধীৰ হত্যাকাণ্ড
১৯৪৮ চনৰ ৩০ জানুৱাৰীত নতুন দিল্লীৰ বিড়লা হাউছৰ প্ৰাংগনত (এতিয়া গান্ধী স্মৃতি) হত্যা কৰা হৈছিল। তেওঁৰ হত্যাকাৰী আছিল নাথুৰাম গডছে। নাথুৰাম গডছে হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ অধিবক্তা, হিন্দু মহাসভাৰ সদস্য, আৰু হিন্দু ৰাষ্ট্ৰীয়তাবাদী অৰ্ধ-স্বেচ্ছাসেৱী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) এজন…
-
মহালয়া
মহালয়া (Mahalaya) হʼল পিতৃপক্ষ আৰু দেৱীপক্ষৰ সন্ধিক্ষণ। ইয়াৰদ্বাৰা শাৰদীয় দুৰ্গোৎসৱৰ সূচনা হয়। দেৱী দুৰ্গাই এই দিনটোতেই পৃথিৱীত অৱতৰণ কৰিছিল বুলি বিশ্বাস কৰা হয়। বাঙালী হিন্দুসকলে পৰম্পৰাগতভাৱে দেৱীমাহাত্ম্যম্ শাস্ত্ৰৰ স্তোত্ৰ পাঠ কৰিবলৈ মহালয়াৰ পুৱা সোনকালে সাৰ পায়।
-
শকাব্দ
শকাব্দ অথবা শালীবাহনাব্দ হ'ল ভাৰতীয় উপমহাদেশত বহুলভাবে প্ৰচলিত প্ৰাচীন সৌৰ অব্দ বা বৰ্ষপঞ্জী। এই অব্দ বংগাব্দৰ ৫১৫ বছৰ আগত আৰু খ্ৰীষ্টাব্দৰ ৭৮ বছৰ পিছত প্ৰচলিত হয়। শকাব্দৰ উৎস লৈ ইতিহাসবিদ সকলৰ মাজত মতানৈক্য আছে।
-
হাৰমাইনি গ্ৰেইঞ্জাৰ
হাৰমাইনি জিন গ্ৰেইঞ্জাৰ (Hermione Jean Granger; ) ব্ৰিটিছ লেখিকা জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ উপন্যাস-শৃংখলাৰ এক কাল্পনিক চৰিত্ৰ। শৃংখলাৰ প্ৰথম উপন্যাস হেৰী পটাৰ এণ্ড দ্য ফিল'ছফাৰ্চ ষ্ট'ন ৰ পৰা পৰৱৰ্তী প্ৰতিখন উপন্যাসতে তেওঁৰ উপস্থিতি আছে।
-
হেগেল
হেগেল (২৭ আগষ্ট ১৭৭০ – ১৪ নৱেম্বৰ ১৮৩১, সম্পূৰ্ণ নাম: জৰ্জ উইলহেল্ম ফ্ৰেডৰিক হেগেল) এজন জাৰ্মান দাৰ্শনিক আৰু জাৰ্মান আদৰ্শবাদ আৰু ঊনবিংশ শতিকাৰ দৰ্শনৰ অন্যতম প্ৰভাৱশালী ব্যক্তি আছিল।
-
১১ ছেপ্টেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
ৰাজকুমাৰী
ৰাজকুমাৰী হৈছে কোনো ৰাজত্বকালীন ৰজাৰ পৰিয়ালৰ মহিলা সদস্য বা কোনো ৰাজ্যৰ কোনো মহিলা শাসকে ব্যৱহাৰ কৰা উপাধি। পুৰুষ বুজোৱা সমাৰ্থক শব্দ এজন ৰাজকুমাৰ (লেটিন ভাষাৰ princeps, অৰ্থাৎ প্ৰধান নাগৰিক)। বেছিভাগ সময়তে এই শব্দটো ৰাজকুমাৰৰ পত্নীৰ বাবে, বা ৰজাৰ কন্যাৰ বাবে ব্যৱহাৰ কৰা হৈছে।
-
ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক
ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক সাৰনাথৰ অশোক স্তম্ভৰ ওপৰত থকা প্ৰতীকটোক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ মৰ্যাদা দিয়া হৈছে। এই প্ৰতীক ভাৰতীয় গণৰাজ্যৰ কেন্দ্ৰীয় চৰকাৰ, বহু ৰাজ্য চৰকাৰ আৰু অন্যান্য চৰকাৰী সংস্থাসমূহে ব্যৱহাৰ কৰে।
-
অন্ধবিশ্বাস
অযুক্তিকৰ বা অতিপ্ৰাকৃতিক বুলি গণ্য কৰা, ভাগ্য বা যাদু, অনুভূত অলৌকিক প্ৰভাৱ বা অজ্ঞাত বস্তুৰ প্ৰতি ভয়ৰ বাবে জগৰীয়া কৰা যিকোনো বিশ্বাস বা প্ৰথাক অন্ধবিশ্বাস বোলে।
-
আলাপ
আলাপ হৈছে উত্তৰ ভাৰতীয় ধ্ৰুপদী সংগীতৰ একটি সাধাৰণ প্ৰদৰ্শনৰ প্ৰাৰম্ভিক অংশ। ই এটা সুৰৰ উন্নতিৰ ৰূপ যিয়ে এটা ৰাগৰ পৰিচয় দিয়ে আৰু বিকশিত কৰে। ধ্ৰুপদ গায়নত আলাপ মিটাৰবিহীন, উন্নত (ৰাগৰ ভিতৰত) আৰু সংগতবিহীন (কেবল তানপুৰা ড্ৰোনৰ বাহিৰে), আৰু ধীৰ গতিত আৰম্ভ হয়।
-
ইলাতালম
ইলাতালম, ইলতালম বা ইলাথালম দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এবিধ পৰম্পৰাগত বাদ্যযন্ত্ৰ। এই বাদ্যযন্ত্ৰটো সম্পূৰ্ণৰূপে কাঁহ বা ব্ৰঞ্জ ধাতুৰে গঢ়া হয়। ই দেখিবলৈ এটা সৰু তাল বা কৰতালৰ দৰে। ইয়াক বজাওঁতে এটা অংশ বাঁওহাতেৰে খামুচি ধৰি আনটো অংশ তাৰ ওপৰত কোবাই আঘাত কৰা হয়।
-
একাদশী তিথি
একাদশী তিথি বা একাদশী, চন্দ্ৰকলাৰ একাদশ দিন। হিন্দু দিনপঞ্জীমতে একাদশী দুবিধ, শুক্লপক্ষৰ শুক্লা একাদশী আৰু কৃষ্ণপক্ষৰ কৃষ্ণা একাদশী। শুক্লা একাদশীৰ তিনিদিন পিছত পূৰ্ণিমা আৰু কৃষ্ণা একাদশীৰ তিনিদিন পিছত অমাবস্যা হয়। হিন্দু আৰু জৈন ধৰ্মাৱলম্বী সকলে একাদশীক পৱিত্ৰ তিথি হিচাপে গণ্য কৰে।
-
কচু
কচু এবিধ কাণ্ড জাতীয় উদ্ভিদ। মানুহে খেতি কৰা প্ৰাচীন উদ্ভিদসমূহৰ ভিতৰত কচু অন্যতম। ভাৰত আৰু বাংলাদেশৰ প্ৰায় সকলো অঞ্চলতে কম-বেছি পৰিমাণে কচু দেখিবলৈ পোৱা যায়। ৰাস্তাৰ কাষত, ঘৰৰ চুকে-কোণে, বিভিন্ন পতিত মাটিত অনাদৰ-অৱহেলাত প্ৰায়ে কচু গজি উঠা দেখা যায়। কচু গছৰ বহু প্ৰজাতি আছে।
-
কলম
কলম ( Pen) হ’ল এক লিখন সজুলি ৷ ইয়াক কোনো লিখন পৃষ্ঠ যেনে কাগজ আদিত চিঞাহীৰ প্ৰয়োগ কৰি লিখিব বা অংকণ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ প্ৰথমাৱস্থাত কলমবোৰ, যেনে ৰিড পেন, কুইল কলম, ডিপ পেন আৰু ৰুলিং পেন আদিৰ ওপৰত “নিব’’ত অলপ চিয়াঁহী ধৰি ৰখা হৈছিল আৰু সময়ে সময়ে কলমৰ ডগাটো চিঞাহী দোৱাতত ডুবাই পুনৰ সতেজ…
-
কহিনুৰ
কহিনুৰ এক বিখ্যাত, ঐতিহাসিক হীৰা। বৰ্তমান ২১.১২ গ্ৰাম (১০৫ কেৰেট) ওজনৰ এই হীৰাখণ্ডই এসময়ত বিশ্বৰ বৃহত্তম হীৰা হিচাপে স্বীকৃতি লাভ কৰিছিল। কহিনুৰক প্ৰথমে কʼত পোৱা গৈছিল,সেই সম্পৰ্কে বহু কাহিনী আৰু কিংবদন্তি থাকিলেও ঐতিহাসিক প্ৰমাণৰ মতে অন্ধ্ৰপ্ৰদেশৰ গোলকুণ্ডাত ইয়াৰ প্ৰথম উল্লেখ পোৱা যায়।
-
কোণ
কোণ, (Angles) দুডাল সৰলৰেখাই এটা বিন্দুত উৎপন্ন কৰা চুক। বা এটা সাধাৰণ বিন্দুৰ পৰা যাত্ৰা কৰা দুডাল ৰশ্মিয়ে উক্ত বিন্দুত যি এটা চুকৰ সৃষ্টি কৰে তাকে কোণ বোলে। ইয়াত ৰশ্মি বা ৰেখা দুডালক কোণটোৰ বাহু বুলি কোৱা হয়। এই সাধাৰণ বিন্দুটোক শীৰ্ষবিন্দু বুলি কোৱা হয়।
-
চেণ্ডা
চেণ্ডা (Chenda) হৈছে এক বিশেষপ্ৰকাৰৰ চুঙা আকৃতিৰ অৱনদ্ধ বাদ্য। ইয়াৰ উৎপত্তি মূলত ভাৰতৰ কেৰালা ৰাজ্যৰপৰা হৈছিল। কৰ্ণাটকৰ উপকূলীয় অঞ্চল তুলু নাডুতো ইয়াৰ বহুল ব্যৱহাৰ দেখা যায়। তুলু নাডু অঞ্চলত ইয়াক 'চেন্দে' বুলি জনা যায়।
-
চেতনা
চেতনা,(consciousness) সৰলতম ৰূপত, আভ্যন্তৰীণ আৰু বাহ্যিক অস্তিত্বৰ প্ৰতি অনুভূতি বা সচেতনতা। দাৰ্শনিক আৰু বিজ্ঞানীসকলৰ সহস্ৰাব্দৰ বিশ্লেষণ, সংজ্ঞা, ব্যাখ্যা আৰু বিতৰ্কৰ পিছতো চেতনা বিভ্ৰান্তিকৰ আৰু বিতৰ্কিত হৈয়েই আছে, ই "একেবাৰে আমাৰ জীৱনৰ আটাইতকৈ চিনাকি আৰু [আমাৰ জীৱনৰ আটাইতকৈ ৰহস্যময় দিশটোও]"।