বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
জুন
জুন হৈছে গ্ৰেগৰীয় কেলেণ্ডাৰ অনুসৰি বছৰৰ ষষ্ঠ মাহ। ইয়াৰ দৈৰ্ঘ্য ৩০ দিন। এই মাহটো উত্তৰ গোলাৰ্ধত গ্ৰীষ্ম ঋতুৰ আৰম্ভণি চিহ্নিত কৰে আৰু ইয়াত গ্ৰীষ্মকালীন অয়নান্ত সংঘটিত হয়, যি দিনটোত সকলোতকৈ বেছিকৈ পোহৰৰ সময় থাকে।
-
ধ্ৰুপদ
ধ্ৰুপদ হৈছে ভাৰতীয় উপমহাদেশৰ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ এটা ধাৰা। ই হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ সৈতে জড়িত প্ৰধান কণ্ঠসংগীত শৈলীসমূহৰ ভিতৰত আটাইতকৈ পুৰণি জনাজাত শৈলী (উদাহৰণস্বৰূপে Pushtimarg সম্প্ৰদায়ৰ হাৱেলী সংগীতত), আৰু ই দক্ষিণ ভাৰতীয় কৰ্ণাটক পৰম্পৰাৰ সৈতেও সম্পৰ্কিত।
-
নৰসংহাৰ
নৰসংহাৰ বা গণহত্যা ( Genocide) হৈছে জাতীয়, বৰ্ণগত, ধৰ্মীয় বা নৃগোষ্ঠীয় গোট হিচাপে বিবেচিত লোকক সম্পূৰ্ণ বা আংশিকভাৱে ধ্বংস কৰাৰ ইচ্ছাকৃত কাৰ্য। 'নৰ'ৰ অৰ্থ মানুহ আৰু 'সংহাৰ'ৰ অৰ্থ মৰা। অৰ্থাৎ নৰসংহাৰ হ'ল মানুহ মৰা। ইংৰাজী প্ৰতিশব্দ জেন'ছাইডৰ উৎসও একেই।
-
মিটাৰ
মিটাৰ (আন্তৰ্জাতিক বানান metre বা আমেৰিকান বানান meter) গ্ৰীক বিশেষ্য μέτρον, যাৰ অৰ্থ হৈছে "measure" "জোখ লোৱা", হৈছে আন্তৰ্জাতিক একক পদ্ধতিত দৈৰ্ঘ্যৰ একক। এছ আই এককত ইয়াৰ চিহ্ন হৈছে m। শূন্যস্থানত পোহৰে ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্বক মিটাৰ হিচাপে সংজ্ঞাবদ্ধ কৰা হয়।
-
শিশু
শিশু হৈছে ভূমিষ্ঠকালীন ব্যক্তিৰ প্ৰাথমিক ৰূপ। যি যৌৱনপ্ৰাপ্ত হোৱা নাই বা বয়সন্ধিক্ষণত প্ৰৱেশ কৰা নাই তেওঁকে সমাজ তথা ৰাষ্ট্ৰই শিশু হিচাপে চিহ্নিত কৰিছে।সচৰাচৰ যি ল'ৰা বা কন্যা ১৮ বছৰৰ তলত অৱস্থান কৰে, তেওঁকেই শিশু হিচাপে চিহ্নিত কৰা হয়।
-
ৱিণ্ড'জ
মাইক্ৰ'চফ্ট ৱিণ্ড'জ বা ৱিণ্ড'জ মাইক্ৰচফ্ট প্ৰতিষ্ঠানে নিৰ্মাণ আৰু বিক্ৰী কৰা কেইবাটাও লৈখিক অপাৰেটিং চিষ্টেমৰ গোটৰ নাম। ১৯৮৫ চনত মাইক্ৰচফ্টে লৈখিক অপাৰেটিং চিষ্টেমসমূহৰ বৰ্দ্ধিত জনপ্ৰিয়তাৰ প্ৰতি লক্ষ ৰাখি 'ৱিণ্ড'জ' নামৰ এটি লৈখিক অপাৰেটিং চিষ্টেম, এম-এচ ড'চৰ পাছত মুক্তি প্ৰদান কৰিলে।
-
চেৰ্নিহিভ
{{Infobox settlement | name = Chernihiv | native_name = Чернігів | settlement_type = চহৰ | image_skyline = চেৰ্নিহিভ (ইংৰাজী: Chernihiv) হৈছে উত্তৰ ইউক্ৰেইনৰ এখন চহৰ আৰু পৌৰসভা, যিখন চেৰ্নিহিভ অব্লাষ্ট আৰু সেই অব্লাষ্টৰ অন্তৰ্গত চেৰ্নিহিভ ৰায়নৰ প্ৰশাসনিক কেন্দ্ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
ডাইনীবিদ্যা
ডাইনীবিদ্যা বা ডাকিনীবিদ্যা বা ৱিচ্চক্ৰাফ্ট (Witchcraft) হৈছে এনে এক বিদ্যা বা অনুশীলন যাৰ অনুশীলনকাৰীয়ে (ডাইনী বা ডাকিনী) নিজৰ অতিপ্ৰাকৃতিক দক্ষতা আৰু সামৰ্থ্য থকা বুলি বিশ্বাস কৰে। ইয়াৰ ভিতৰত আছে মন্ত্ৰ প্ৰয়োগ আৰু যাদুকৰী ৰীতি-নীতিৰ প্ৰদৰ্শন।
-
দেশীয় ৰাজ্য (ব্ৰিটিছ ভাৰত)
দেশীয় ৰাজ্যসমূহ (Princely state) আছিল ব্ৰিটিছ ভাৰতীয় সাম্ৰাজ্যৰ নামমাত্ৰ সাৰ্বভৌম আৰু ব্ৰিটিছ মুকুটৰ অধীনস্থ। ১৯২০ চনত মোহনদাস কৰমচান্দ গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ভাৰতীয়সকলৰ বাবে স্বৰাজক লক্ষ্য হিচাপে ঘোষণা কৰে আৰু ভাৰতৰ ৰজাসকলক দায়িত্বশীল চৰকাৰ স্থাপন কৰিবলৈ কয়।
-
লেহ
লেহ (Leh) হৈছে ভাৰতীয় কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ গ্ৰীষ্ম ৰাজধানী আৰু আটাইতকৈ বৃহত্তম চহৰ। লেহ চহৰখন লেহ জিলাত অৱস্থিত। এই চহৰখন প্ৰায় ৩,৫২৪ মিটাৰ (১১,৫৬২ ফুট) উচ্চতাত অৱস্থিত। লেহ, ইয়াৰ সুন্দৰ প্ৰাকৃতিক দৃশ্য, চহকী সংস্কৃতি, ঐতিহাসিক কীৰ্তিচিহ্নৰ বাবে জনপ্ৰিয় পৰ্যটন স্থলী।
-
সাধাৰণ আপেক্ষিকতাবাদ
সাধাৰণ আপেক্ষিকতাবাদ (ইংৰাজী: General relativity) (সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব বা জি. টি. আৰ. নামেৰেও পৰিচিত) ১৯১৫ চনত এলবাৰ্ট আইনষ্টাইনে দাঙি ধৰা মহাকৰ্ষণৰ জ্যামিতিক তত্ত্ব। আধুনিক পদাৰ্থবিজ্ঞানত এই তত্ত্বৰ সহায়তে মহাকৰ্ষণৰ ব্যাখ্যা আগবঢ়োৱা হৈছে।
-
হস্তমৈথুন
হস্তমৈথুন হৈছে এক যৌন কাৰ্য, যি হয় ফ'ৰপ্লে বা প্ৰৱেশহীন যৌন সম্ভোগ হিচাপে কৰা হয়, য'ত যৌন আনন্দ, যৌন উত্তেজনাৰ বাবে উদ্দীপনা সৃষ্টি কৰিবলৈ এজন ব্যক্তিয়ে নিজে বা আন এজন ব্যক্তিৰ দ্বাৰা পুৰুষ লিঙ্গ বা অণ্ডকোষত হস্তচালিত ভাৱে উত্তেজনা সৃষ্টি কৰে। ইয়াৰ পৰিণতি ৰাগমোচন বা বীৰ্য্য স্খলন হ'ব পাৰে।
-
ৰাখাইন ৰাজ্য
ৰাখাইন ৰাজ্য (ရခိုင်ပြည်နယ်) ম্যানমাৰ (পূৰ্বৰ বাৰ্মা)ৰ এখন ৰাজ্য। পশ্চিম উপকূলত অৱস্থিত এই ৰাজ্যৰ উত্তৰে চিন ৰাজ্য, পূবে মাগৱে অঞ্চল, বাগো অঞ্চল আৰু আয়েয়াৰৱাডী অঞ্চল, পশ্চিমে বংগোপসাগৰ আৰু উত্তৰ-পশ্চিমে বাংলাদেশৰ চট্টগ্ৰাম বিভাগ।
-
ৰেখা
সংজ্ঞা: বিন্দুৰ গতিপথকে (locus) ৰেখা বোলে। বিন্দুৱে দিশ নসলোৱাকৈ পোনে পোনে গতি কৰিলে সৰল ৰেখা আৰু বক্ৰপথত গতি কৰিলে বক্ৰৰেখাৰ সৃষ্টি হয়। একোডাল ৰেখা অসংখ্য বিন্দুৰ সমষ্টি। ৰেখাৰ সহায়ত বিভিন্ন ধৰণৰ জ্যামিতিক আকাৰৰ পৰিসীমা তৈয়াৰ কৰা যায়।
-
ঋষি
ভাৰতীয় ধৰ্মত, ঋষি (ऋषि ) হৈছে এজন সিদ্ধ আৰু জ্ঞানপ্ৰাপ্ত ব্যক্তি। তেওঁলোকৰ উল্লেখ বিভিন্ন বৈদিক গ্ৰন্থত পোৱা যায়। ঋষিসকলে বেদৰ স্তোত্ৰ ৰচনা কৰিছিল বুলি বিশ্বাস কৰা হয়।
-
কণ্ডম
কণ্ডম (Condom) হৈছে নুফুলোৱা বেলুনৰ দৰে এক বিশেষ নমনীয় সামগ্ৰী। ইয়াৰ ব্যৱহাৰৰ দ্বাৰা গৰ্ভধাৰণ ৰোধ বা যৌনৰোগ আদিৰ সংক্ৰমণ ৰোধ কৰা হয়। কণ্ডম সাধাৰণতে পুৰুষ মহিলা উভয়ৰ বাবে উপলব্ধ পুৰুষৰ কণ্ডম, পুৰুষৰ উত্থিত পুৰুষাংগত পৰিধান কৰা হয়। ৰতিঃস্খলনৰ পিছত কণ্ডমে যৌনসংগীৰ শৰীৰত বীৰ্য প্ৰৱেশত বাধা দিয়ে।
-
গ্ৰেণ্ডমাষ্টাৰ
গ্ৰেণ্ডমাষ্টাৰ (Grandmaster) হৈছে বিশ্ব দবা সংস্থা (ফিদে)ই দবা খেলুৱৈক প্ৰদান কৰা উপাধি। বিশ্ব চেম্পিয়নৰ পিছতে গ্ৰেণ্ডমাষ্টাৰ হৈছে এজন দবা খেলুৱৈয়ে লাভ কৰিব পৰা সৰ্বোচ্চ খিতাপ। এবাৰ লাভ কৰিলে উপাধিটো আজীৱন থাকি যায়। অৱশ্যে প্ৰতাৰণা কৰাৰ বাবে উপাধিটো সংস্থাই বাতিল কৰিব পাৰে।
-
ছেকেণ্ড
ছেকেণ্ড (s) হৈছে আন্তৰ্জাতিক একক পদ্ধতিত সময়ৰ একক। ঘণ্টাক ৬০ ৰে দুবাৰ হৰণ কৰিলে ছেকেণ্ড পোৱা যায়। এছ আইৰ মতে ছেকেণ্ডৰ সংজ্ঞা হৈছে, চিজিয়াম ১৩৩ পৰমাণুৰ নিম্নতম অৱস্থা (ground state)ৰ দুটা hyperfine স্তৰৰ মাজত হোৱা নিৰ্গমণৰ ৯১৯২৬৩১৭৭০ স্পন্দনৰ (period) সময় ("the duration of 9 192 631 770 periods…
-
জাহান্নাম
ইছলামত জাহান্নাম হৈছে পৰলোক বা নৰকত কাফিৰ আৰু দুষ্টকৰ্মীৰ শাস্তি দিয়া স্থান। এই ধাৰণাটো ইছলামিক ধৰ্মতত্ত্বৰ এক অবিচ্ছেদ্য অংগ, ইয়াক প্ৰায়ে জাহান্নামৰ সঠিক নামেৰে কোৱা হয়। কিন্তু "জাহান্নাম" একেসময়তে বিশেষভাৱে নৰকৰ সৰ্বোচ্চ স্তৰৰ বাবে এটা শব্দ।
-
থৰ মৰুভূমি
থৰ মৰুভূমি (Thar Desert) ভাৰতৰ উত্তৰ-পশ্চিম তথা পাকিস্তানৰ দক্ষিণ অংশত অৱস্থিত এখন বিশাল মৰুভূমি। ২,০০,০০০ বৰ্গ কিলোমিটাৰ ঠাই আগুৰা এই মৰুভূমিখনক ‘দ্য গ্ৰে’ট ইণ্ডিয়ান ডেজাৰ্ট’ বুলিও জনা যায়। থৰ পৃথিৱীৰ বিংশ তম সৰ্ববৃহৎ মৰুভূমি, আৰু পৃথিৱীৰ নৱম সৰ্ববৃহৎ উষ্ণ উপ-ক্ৰান্তীয় মৰুভূমি।
-
দাৰ্জিলিং হিমালয়ান ৰেল
দাৰ্জিলিং হিমালয়ান ৰেল (Darjeeling Himalayan Railway) পশ্চিমবংগৰ শিলিগুড়িৰ পৰা দাৰ্জিলিং চহৰলৈ চলাচল কৰা এখন নেৰ'গজ ৰেল পৰিসেৱা। এই ৰেল টয় ট্ৰেন বা পুতলা ৰেল নামে জনাজাত। দাৰ্জিলিং হিমালয়ান ৰেল ভাৰতীয় ৰেল কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত হয়।
-
পঞ্চবাদ্যম
পঞ্চবাদ্যম (Panchavadyam) হৈছে পাঁচবিধ বাদ্যযন্ত্ৰৰ সংগতৰে গঢ়ি উঠা এক বিশেষ থলুৱা বাদ্য-বৃন্দ। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে 'পাঁচবিধ বাদ্যৰ সমাহাৰ'। এইবিধ পৰম্পৰাগত সংগীত কলাৰ উৎপত্তি আৰু বিকাশ মূলত দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ উপাসনা স্থল বা মন্দিৰসমূহক কেন্দ্ৰ কৰি হৈছিল।
-
পাই
পাই (সৰুফলা, বৰফলা ) হ’ল বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাত, যি এক ধ্ৰূৱক: গণিতবিদৰ মতে পাই হ’ল বিশ্বৰ সবাতোকৈ সুন্দৰ সংখ্যা। গণিতৰ ইতিহাসৰ বিখ্যাত সংখ্যা π(পাই)ৰ বুৰঞ্জীও অতি বৈচিত্ৰ্যপূৰ্ণ আৰু দীঘলীয়া। পাই এটি গুৰুত্বপূৰ্ণ গাণিতিক তথা বৈজ্ঞানিক ধ্ৰুৱক।
-
প্লাষ্টিক
প্লাষ্টিক বহুযোগী যৌগৰে গঠিত 'পদাৰ্থ'ৰ বাবে ব্যৱহাৰ কৰা এটা সামগ্ৰিক পৰিভাষা। গুণৱত্তা সলনি কৰিবলৈ বা খৰচ কমাবলৈ আন পদাৰ্থ যোগ দিয়া হ'ব পাৰে। টোকা ১: প্লাষ্টিক শব্দটোৱে খেলিমেলিৰ সৃষ্টি কৰিব পাৰে বাবে ব্যৱহাৰৰ বাবে অনুমোদিত নহয়। তাতকৈ 'পলিমাৰ' (বহুযোগী যৌগ) শব্দটোহে অনুমোদিত।
-
বিদ্যুৎ
বিদ্যুৎ (Electricity) হৈছে শক্তিৰ এটি প্ৰকাৰ বা ৰূপ। বিদ্যুতক ভিন্ন ধৰণৰ শক্তিলৈ ৰূপান্তৰিত কৰিব পৰাৰ লগতে আন ভিন্ন প্ৰকাৰৰ শক্তিৰ পৰা বিদ্যুৎ পাব পৰা যায়।
-
বৈদিক কাল
বৈদিক কাল হৈছে ভাৰতীয় উপমহাদেশৰ ইতিহাসৰ এটি প্ৰাচীন যুগ, যাৰ সময়সীমা সাধাৰণতে প্ৰায় খ্ৰীষ্টপূৰ্ব ১৫০০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ৫০০ লৈ বিস্তৃত বুলি ধৰা হয়। এই সময়ছোৱাত বেদসমূহ ৰচনা আৰু মৌখিকভাৱে সংৰক্ষণ কৰা হৈছিল, যি বৈদিক সংস্কৃতি আৰু ধৰ্মীয় চিন্তাধাৰাৰ প্ৰধান উৎস হিচাপে বিবেচিত।
-
লিখন পদ্ধতি
লিখন পদ্ধতি (Writing system) হৈছে মৌখিক যোগাযোগক দৃশ্যমানভাৱে প্ৰতিনিধিত্ব কৰাৰ এক পদ্ধতি, যি সাধাৰনতে এক লিপি আৰু ইয়াৰ ব্যৱহাৰ নিয়মৰ সমষ্টিৰে গঠিত। যদিও বাৰ্তা প্ৰেৰণ কৰাত লিখা আৰু কথা দুয়োটা উপযোগী, তথ্য সংৰক্ষণ আৰু স্থানান্তৰৰ এক নিৰ্ভৰযোগ্য প্ৰকাৰ হিচাপেও লিখা কথাৰ পৰা পৃথক কৰা হয়।
-
সপ্তক
সপ্তক মানে "স্বৰসমূহ" বা "সাতটা স্বৰৰ শৃংখলা।" ই স্বৰসমূহৰ সমষ্টিক বুজায় অৰ্থাৎ ষড়জ (স্বৰ) (সা), ঋষভ (স্বৰ) (ৰি), গান্ধাৰ (স্বৰ) (গা), মধ্যম (স্বৰ) (মা), পঞ্চম (স্বৰ) (পা), ধৈৱত (স্বৰ) (ধা), নিষাদ (স্বৰ) (নি), [ষড়জ (স্বৰ)]] (সা) যিবোৰে ভাৰতীয় শাস্ত্ৰীয় সংগীতত এটা সংগীত স্কেল গঠন কৰে।
-
কমিক্ছ
কমিক্চ বা কমিক্ছ (Comics; মূল গ্ৰীক ভাষা, kōmikos "কমেডিৰ লগত জড়িত", মূল শব্দ κῶμος - kōmos "revel, Komos", via the Latin cōmicus) মূলত: ছবি আৰু লেখাৰ এটা সংকৰ মাধ্যম। এই ছবিবোৰ এটা ক্ৰমত সজোৱা হয় যাতে ই ক'বলগীয়াখিনি পাঠকৰ আগত উপস্থাপন কৰিব পাৰে। ছবিয়েই কমিক্চৰ মূল উপাদান।
-
ছুৱেজ খাল
ছুৱেজ খাল (قناة السويس, Suez Canal) ভূমধ্য সাগৰ আৰু লোহিত সাগৰত সংযোগ কৰিবলৈ ছুৱেজ যোজকৰ মাজেদি খন্দা এটা খাল। এই খাল খন্দাৰ আগতে, কোনো জাহাজ ইউৰোপৰ পৰা এছিয়ালৈ আহোঁতে আফ্ৰিকা মহাদেশেদি বহু হাজাৰ কিলোমিটাৰ ঘূৰি যাবলগীয়া হৈছিল।