


ধাই বা প্ৰসুতিকা (Midwife) হৈছে এগৰাকী স্বাস্থ্যৰ সৈতে সম্পৰ্কিত পেছাদাৰী ব্যক্তি, যিয়ে প্ৰসৱৰ আগে-পিছে মাতৃ আৰু নৱজাতকৰ যত্ন লয় আৰু ধাইসকলৰ এই বিশেষত্বক প্ৰসুতিবিদ্যা বোলা হয়।
ধাইসকলৰ শিক্ষা আৰু প্ৰশিক্ষণে মহিলাসকলৰ গোটেই জীৱনকালত যত্ন লোৱাৰ ওপৰত ব্যাপকভাৱে মনোনিৱেশ কৰে; লগতে মনোনিবেশ কৰে, কোনটো সাধাৰণ আৰু কোনটো বিষয়ত অধিক মূল্যায়নৰ প্ৰয়োজন, তাক চিনাক্ত কৰাত। বেছিভাগ দেশতে ধাত্ৰীসকলক দক্ষ স্বাস্থ্যসেৱা প্ৰদানকাৰী হিচাপে স্বীকৃতি দিয়া হয়। স্বাভাৱিক প্ৰসৱ আৰু অস্বাভাৱিক প্ৰসৱৰ ক্ষেত্ৰত কেনেকৈ কাৰ্য-ব্যৱস্থা ল’ব লাগে, সেই সংক্ৰান্তত ধাত্ৰীসকলক প্ৰশিক্ষণ দিয়া হয়। তেওঁলোকে পিঠিৰ ফালে মুখ দি ওভতাকৈ জন্ম়, পিঠিৰ বিপৰীত ফালে মুখ দি ওভতাকৈ জন্ম আৰু যমজ সন্তানৰ জন্মৰ দৰে অতি বিপজ্জনক পৰিস্থিতিত অনাক্ৰমণীয় কৌশল ব্যৱহাৰ কৰি মোকাবিলা কৰিব পাৰে। গৰ্ভাৱস্থা আৰু জন্মৰ সৈতে জড়িত জটিলতাসমূহ, যিবোৰ ধাত্ৰীৰ অনুশীলনৰ পৰিসৰৰ বাহিৰত থাকে, য'ত অস্ত্ৰোপচাৰ আৰু যন্ত্ৰৰ দ্বাৰা প্ৰসৱ কৰাও অন্তৰ্ভুক্ত, তেওঁলোকে তেওঁলোকৰ ৰোগীক চিকিৎসক বা অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ ওচৰলৈ পঠিয়াই দিয়ে।১ ২ পৃথিৱীৰ বহু ঠাইত এই বৃত্তিসমূহত জড়িত পেছাদাৰীসকলে একেলগে কাম কৰি সন্তান জন্ম দিয়া মহিলাসকলক যত্ন লোৱাৰ ব্যৱস্থা কৰে। কিছুমান দেশত ধাত্ৰীসকলক কেবল প্ৰসুতিৰ যত্ন ল’বলৈহে দিয়া হয় আৰু আন কিছুমান দেশত ধাত্ৰীতকৈ মূলতঃ প্ৰসূতি বিশেষজ্ঞক অগ্ৰাধিকাৰ দিয়া হয়।
বহু উন্নয়নশীল দেশে ধাত্ৰীসকলৰ প্ৰশিক্ষণৰ বাবে আৰু কেতিয়াবা পৰম্পৰাগত জন্ম পৰিচাৰিকা হিচাপে কাম কৰা সেই লোকসকলৰ দক্ষতা বৃদ্ধি কৰাৰ বাবে ধন বিনিয়োগ কৰিছে। আনহাতে ধনৰ নাটনিৰ বাবে বৰ্তমান কিছুমান জৰুৰী প্ৰাথমিক চিকিৎসা সেৱাৰ অভাৱ হোৱাও দেখা যায়।
অনুশীলনৰ পৰিসৰ
ধাইগৰাকীক এগৰাকী দায়িত্বশীল আৰু জবাবদিহি পেছাদাৰী হিচাপে স্বীকৃতি দিয়া হয় যিয়ে গৰ্ভাৱস্থা, প্ৰসৱ আৰু প্ৰসৱৰ পিছৰ সময়ছোৱাত প্ৰয়োজনীয় সহায়ৰ হাত আগবঢ়াবলৈ প্ৰসুতিগৰাকীৰ সৈতে অংশীদাৰিত্বৰে কাম কৰে। মাক আৰু কেঁচুৱাৰো যত্ন লয়। এই যত্নৰ ভিতৰত আছে, প্ৰতিৰোধমূলক ব্যৱস্থা, স্বাভাৱিক জন্মৰ প্ৰসাৰ, মাতৃ আৰু শিশুৰ জটিলতা ধৰা পেলোৱা, চিকিৎসা সেৱা বা অন্যান্য উপযুক্ত সহায় লাভ কৰা, আৰু জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰা আদি অন্তৰ্ভুক্ত।
স্বাস্থ্য পৰামৰ্শ আৰু শিক্ষাৰ ক্ষেত্ৰত ধাইগৰাকীৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে; কেৱল প্ৰসুতিগৰাকীৰ ক্ষেত্ৰতে নহয়, পৰিয়াল আৰু সমাজৰ ক্ষেত্ৰতো ই প্ৰযোজ্য। ধাইৰ কৰ্মৰ পৰিসৰ প্ৰসৱ পূৰ্ব শিক্ষা আৰু পিতৃ-মাতৃত্বৰ বাবে প্ৰস্তুতি লগতে গৰ্ভৱতী মহিলাৰ স্বাস্থ্য, যৌন বা প্ৰজনন স্বাস্থ্য, আৰু শিশুৰ যত্নলৈকে বিস্তৃত হ’ব পাৰে।
ধাইসকলে ঘৰ, সমাজ, চিকিৎসালয়, ক্লিনিক বা হেল্থ ইউনিটকে ধৰি যিকোনো পৰিৱেশত অনুশীলন কৰিব পাৰে।৩
পুৰুষ ধাত্ৰী
সাংস্কৃতিক আৰু ঐতিহাসিক কাৰণত পুৰুষে ধাইৰ কাৰ্য খুব কমেইহে কৰে। প্ৰাচীন গ্ৰীচত ধাইসকলে আইন অনুসৰি নিজেই সন্তান জন্ম দিয়াটো বাধ্যতামূলক আছিল, যাৰ ফলত পুৰুষসকল এই বৃত্তিত জড়িত হ’ব পৰা নাছিল। ১৭ শতিকাত ইউৰোপত কিছুমান বাৰ্বাৰ চাৰ্জনে, যাৰ সকলোৱেই পুৰুষ আৰু প্ৰসুতি বিশেষজ্ঞ আছিল, বিশেষকৈ যিবোৰ জন্মৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ সঁজুলিৰ ব্যৱহাৰৰ প্ৰয়োজন হৈছিল। অৱশেষত ইয়াৰ বিকাশ ঘটি পুৰুষ আৰু মহিলাৰ মাজত পেছাদাৰী বিভাজন হয়; মহিলাসকলে ধাত্ৰী আৰু পুৰুষসকল প্ৰসূতি বিশেষজ্ঞ হৈ পৰে। ধাই হিচাপে কাম কৰা পুৰুষক ধাই (বা পুৰুষ ধাই, যদি তেওঁলোকক বিশেষভাবে চিনাক্ত কৰাৰ প্ৰয়োজন হয়) বা একাউচাৰ (accoucheur) বুলি কোৱা হয়। মাজেমাজে মিদহাজবেণ্ড (midhusband) শব্দটো কৌতুক অৰ্থত ব্যৱহাৰ হয় (ধাইৰ ব্যুৎপত্তিৰ ভুল বুজাবুজিৰ ওপৰত ভিত্তি কৰি)। পূৰ্বৰ শতিকাবোৰত ইংৰাজীত তেওঁলোকক man-midwives বুলি কোৱা হৈছিল।৪
বাহ্যিক সংযোগ
- International Confederation of Midwives (ICM)
- Partnership Maternal Newborn and Child Health (PMNCH)
- Becoming a Midwife
- Graduate Diploma of Midwifery at the University of Notre Dame Australia
- Novels about midwives
তথ্যসূত্ৰ
- ↑ Epstein, Abby. (9 January 2008). The Business of Being Born (film). The New York Times
- ↑ Carson, A. (May–June 2016). Midwifery around the World: A study in the role of midwives in local communities and healthcare systems. Annals of Global Health. Elsevier Inc. পৃ. 381
- ↑ International Definition of the Midwife. International Confederation of Midwives
- ↑ Pilkenton, Deanna; Schorn, Mavis N. (February 2008). Midwifery: A career for men in nursing. Men in Nursing
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধাই” প্ৰবন্ধৰ সংশোধন ৪০৬১৩০ (১৯ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।