অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

কচু

কচু এবিধ কাণ্ড জাতীয় উদ্ভিদ। মানুহে খেতি কৰা প্ৰাচীন উদ্ভিদসমূহৰ ভিতৰত কচু অন্যতম। ভাৰত আৰু বাংলাদেশৰ প্ৰায় সকলো অঞ্চলতে কম-বেছি পৰিমাণে কচু দেখিবলৈ পোৱা যায়। ৰাস্তাৰ কাষত, ঘৰৰ চুকে-কোণে, বিভিন্ন পতিত মাটিত অনাদৰ-অৱহেলাত প্ৰায়ে কচু গজি উঠা দেখা যায়। কচু গছৰ বহু প্ৰজাতি আছে।

হালনাগাদ: ২৫ ছেপ্তেম্বৰ ২০২৬ ৫৫২ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কচু এবিধ কাণ্ড জাতীয় উদ্ভিদ। মানুহে খেতি কৰা প্ৰাচীন উদ্ভিদসমূহৰ ভিতৰত কচু অন্যতম। ভাৰত আৰু বাংলাদেশৰ প্ৰায় সকলো অঞ্চলতে কম-বেছি পৰিমাণে কচু দেখিবলৈ পোৱা যায়। ৰাস্তাৰ কাষত, ঘৰৰ চুকে-কোণে, বিভিন্ন পতিত মাটিত অনাদৰ-অৱহেলাত প্ৰায়ে কচু গজি উঠা দেখা যায়। কচু গছৰ বহু প্ৰজাতি আছে। কিছুমান প্ৰজাতিৰ কচুৰ বাবে প্ৰচুৰ পৰিচৰ্যাৰ প্ৰয়োজন হয়।১

বনে-জংঘলে যিবোৰ কচু নিজে নিজে গজে, সেইবোৰক সাধাৰণতে বনৰীয়া কচু বুলি কোৱা হয়। এই ধৰণৰ কচুৰ বহুতো জাত মানুহৰ খাদ্যৰ উপযোগী নহয়। খাদ্যৰ উপযোগী জাতসমূহৰ ভিতৰত অন্যতম হৈছে মুখী কচু, পানী কচু, পঞ্চমুখী কচু, ওলকচু, দুগ্ধ কচু, মান কচু, গাৰো কচু, আবৰ কচু ইত্যাদি। শাক-পাচলি হিচাপে ব্যৱহাৰ কৰাৰ উপৰি সৌন্দৰ্যবৰ্ধনৰ বাবে কিছুমান প্ৰজাতিৰ কচু টাবত আৰু বাগানত ৰোপণ কৰা হয়। এইবোৰৰ কিছুমানৰ অতি আকৰ্ষণীয় পাত থাকে, আনহাতে কিছুমানৰ অত্যন্ত ধুনীয়া ফুল ফুলে।

কচুৰ উৎপত্তি

অনুমান কৰা হৈছে যে কচুৰ উৎপত্তি হৈছে ভাৰত মহাসাগৰকে ধৰি দক্ষিণ-পূব এছিয়াত। প্ৰায় দুহাজাৰ বছৰ আগতে এই উদ্ভিদৰ খেতি কৰা হৈছিল বুলি প্ৰমাণ পোৱা গৈছে। স্থলজ আৰু জলজ দুয়োটা পৰিৱেশতে এই উদ্ভিদ গজিব পাৰে। কিন্তু স্থলভাগত গজা উদ্ভিদৰ সংখ্যা বেছি। এই উদ্ভিদবিধৰ আয়ুৰ্বেদিক বহু গুণ আছে বুলি দাবী কৰা হৈছে। প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদৰ শিপা, ঠাৰি, পাত আদি সকলো খাব পাৰি। এই উদ্ভিদবিধত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে, যাৰ বাবে ই কুকুৰীকণা প্ৰতিৰোধৰ ক্ষেত্ৰত অতি উপযোগী।

উৎপাদন

নাইজেৰিয়া বিশ্বৰ বৃহত্তম কচু উৎপাদনকাৰী দেশ। এই দেশখনে প্ৰতি বছৰে প্ৰায় ৩৩ লাখ মেট্ৰিক টন কচু উৎপাদন কৰে। বিশ্বজুৰি কচুৰ গড় ফলন হেক্টৰ প্ৰতি ৬.২ টন, অৱশ্যে ইয়াৰ ফলন অঞ্চলভেদে ভিন্ন হয়। এছিয়াত গড় ফলন হেক্টৰ প্ৰতি প্ৰায় ১২.৬ টন।২

+২০১৭ চনত প্ৰধান পাঁচখন কচু উৎপাদক দেশ৩ (লাখ টন হিচাপত)দেশউৎপাদন
৩৩
১৯
১৮
১২
০.৩
গোটেই বিশ্বত১০.২
কচু উৎপাদনৰ ভৌগোলিক বিস্তাৰ
কচু উৎপাদনৰ ভৌগোলিক বিস্তাৰছবি: AndrewMT · CC BY 3.0
২০০৯ চনত বিশ্বৰ কচু উৎপাদনকাৰী অঞ্চলসমূহ
২০০৯ চনত বিশ্বৰ কচু উৎপাদনকাৰী অঞ্চলসমূহছবি: Anwar saadat · CC0

উপকাৰিতা

কচু শাকত প্ৰচুৰ পৰিমাণে ভিটামিন এ থকাৰ বাবে কুকুৰীকণা (ৰাতিৰ অন্ধতা) ৰোগ প্ৰতিৰোধত ই অত্যন্ত উপযোগী। কচু আঁহজাতীয় হোৱা বাবে ই কোষ্ঠকাঠিন্য দূৰ কৰে। কচুত প্ৰচুৰ পৰিমাণে আইৰন আৰু কেলচিয়াম থাকে, যিয়ে আমাৰ হাড় শক্ত কৰাত সহায় কৰে। চুলি সৰা বা চুলি ভঙা ৰোধ কৰাতো কচুৰ উপকাৰিতা বহুত। কচুত আয়’ডিনৰ পৰিমাণো বহুখিনি পোৱা যায়। যাৰ গেষ্ট্ৰিক বা এচিডিটিৰ সমস্যা আছে, তেওঁলোকৰ বাবে কচু অতি উপকাৰী। কচুৰ ঠাৰি বা লতিত চেনিৰ পৰিমাণ কম থকা বাবে ডায়েবেটিছত আক্ৰান্ত ৰোগীয়েও ইয়াক কোনো চিন্তা নোহোৱাকৈ খাব পাৰে।

গুণাগুণ

বাকলি এৰুওৱা কচুৰ কাণ্ড
বাকলি এৰুওৱা কচুৰ কাণ্ডছবি: 국립국어원 · CC BY-SA 2.0 kr

কচু শাকত প্ৰচুৰ পৰিমাণে ভিটামিন এ, বি, চি, কেলচিয়াম আৰু আইৰন থাকে। ভিটামিন এ জাতীয় খাদ্যই কুকুৰীকণা ৰোগ প্ৰতিৰোধ কৰে আৰু ভিটামিন চিয়ে শৰীৰৰ ঘা-ক্ষত শুকুৱাত সহায় কৰে। গতিকে শিশুসকলক সৰুৰেপৰাই কচু শাক খুৱাব লাগে। কচুত থকা আইৰনে ৰক্তহীনতা প্ৰতিৰোধ কৰাত সহায় কৰে। যাৰ ৰক্তহীনতাৰ সমস্যা আছে, তেওঁলোকে নিয়মীয়াকৈ কচু খালে উপকাৰ পাব। কচুত বিভিন্ন ধৰণৰ ভিটামিন থাকে, যি গৰ্ভৱতী মাতৃ আৰু শিশুৰ বাবে অতি উপকাৰী। কচু দামতো যথেষ্ট সস্তা, গতিকে দৰিদ্ৰ পৰিয়ালৰ গৰ্ভৱতী মহিলাসকলে ভিটামিন আৰু আইৰনৰ চাহিদা পূৰণৰ বাবে কচু খাব পাৰে। কচুৰ ঠাৰিত প্ৰচুৰ পৰিমাণে পানী থাকে, গতিকে গৰমৰ দিনত কচুৰ ঠাৰি ৰান্ধি খালে শৰীৰৰ পানীৰ নাটনি পূৰণ হয়। কচু শাকত পৰ্যাপ্ত পৰিমাণে আঁহ থাকে, যিয়ে হজম প্ৰক্ৰিয়াত সহায় কৰে। জ্বৰৰ সময়ত ৰোগীক দুগ্ধ কচু ৰান্ধি খুৱালে জ্বৰ সোনকালে ভাল হয়। কচুত প্ৰচুৰ পৰিমাণে ফাইবাৰ, ফ’লেট আৰু থায়ামিন থাকে, যিবোৰ মানৱ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় উপাদান। কচু খালে তেজৰ কলেষ্টেৰল হ্ৰাস পায়, সেয়েহে উচ্চ ৰক্তচাপ থকা ৰোগীৰ বাবে ওল কচুৰ ৰস অতি উপকাৰী। নিয়মীয়াকৈ কচু খালে ক’লন কেন্সাৰ আৰু স্তন কেন্সাৰৰ আশংকা কমে। কচুত অক্সালেট নামৰ এবিধ উপাদান থাকে। সেয়েহে কচু শাক বা কচু খালে বহু সময়ত ডিঙি খজুৱায়। গতিকে কচু ৰান্ধোতে নেমুৰ ৰস বা ভিনেগাৰ ব্যৱহাৰ কৰিব লাগে। অৱশ্যে যাৰ শৰীৰত এলাৰ্জীৰ সমস্যা আছে, তেওঁলোকে কচু নোখোৱাটোৱেই ভাল।

কচু খালে শৰীৰ পুষ্ট হয় আৰু শুক্ৰ বৃদ্ধি পায়। ই কাণ আৰু ডিঙিৰ খচখচনি বা শুকান ভাব দূৰ কৰে। গ্ৰহণী ৰোগৰ ক্ষেত্ৰতো ই বিশেষভাৱে উপকাৰী।৪

তথ্যসূত্ৰ

  1. ↑ Wang, W. et al. The Spirodela polyrhiza genome reveals insights into its neotenous reduction fast growth and aquatic lifestyle. Nat. Commun. 5:3311 doi: 10.1038/ncomms4311 (2014)
  2. ↑ FAO: Taro cultivation in Asia and the Pacific, 1999
  3. ↑ Crops. faostat.fao.org
  4. ↑ আঃ খালেক মোল্লা সম্পাদিত; লোকমান হেকিমেৰ কবিৰাজী চিকিৎসা; অক্টোবৰ ২০০৯; পৃষ্ঠা- ৭৯

সম্পৰ্কিত শ্ৰেণী

পাচলি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কচু” প্ৰবন্ধৰ সংশোধন ৬৩৮১৬৮ (২৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।