অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

গৌড় ৰাজ্য

গৌড় ৰাজ্য বা শশাংক ভাৰতীয় উপমহাদেশৰ ধ্ৰুপদী কালৰ এখন ৰাজ্য, যাৰ উৎপত্তি হৈছিল বংগ অঞ্চলত, যি বৰ্তমানৰ পশ্চিম বংগ আৰু বাংলাদেশ। এই ৰাজ্য অস্তিত্বত আছিল সম্ভৱতঃ ৪থ শতিকা বা তাৰ পাছত।

হালনাগাদ: ২১ মাৰ্চ ২০২৩ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

গৌড় ৰাজ্য বা শশাংক ভাৰতীয় উপমহাদেশৰ ধ্ৰুপদী কালৰ এখন ৰাজ্য, যাৰ উৎপত্তি হৈছিল বংগ অঞ্চলত, যি বৰ্তমানৰ পশ্চিম বংগ আৰু বাংলাদেশ।১২ এই ৰাজ্য অস্তিত্বত আছিল সম্ভৱতঃ ৪থ শতিকা বা তাৰ পাছত।৩

স্থাপন

বৌদ্ধ মহাযান গ্ৰন্থ মঞ্জুশ্ৰী-মূলকল্পৰ মতে গৌড় নামৰ এখন ৰাজ্য আছিল, এই ৰাজ্য ৪থ শতিকাত গুপ্ত বংশই দখল কৰাৰ আগলৈকে। বৰ্ধমানত জন্ম গ্ৰহণ কৰা ৰজা লোকে এই ৰাজ্য শাসন কৰিছিল।৪

গৌড় ৰাজ্য স্থাপনৰ শ্ৰেয় সাধাৰণতে দিয়া হয় ৰজা শশাংকক। তেওঁৰ ৰাজধানী আছিল কৰ্ণসুবৰ্ণ, যি বৰ্তমানৰ মুৰ্শিদাবাদ জিলা।৫ চীনা ভ্ৰমণকাৰী হিউৱেন-চাঙে বৰ্তমানৰ ওড়িশা ৰাজ্যত থকা ৰজা শশাংকৰ ৰাজ্যৰ অঞ্চল ভ্ৰমণ কৰিছিল।৬ এই ৰাজ্যৰ সৈতে পুণ্ড্ৰবৰ্ধনৰো শাসনৰ সম্বন্ধ আছে।৭

কোনো কোনোৱে শশাংকক বংগৰ জনজাতীয় নেতা আখ্যা দিয়ে।৮ আনৰ মতে তেওঁ পাছৰ গুপ্তসকলৰ সৈতে সম্বন্ধিত।৯ কোনো কোনোৱে এই বুলিও দাবী কৰে যে তেওঁ গৌড়ৰ ৰজা জয়নাগৰ মহাসামন্তহে আছিল।১০ যদিও এই দাবীসমূহৰ সত্যাসত্য নিশ্চিত নহয়, এই কথা জনা যায় যে ৬০৫ চনৰ পাছত তেওঁ গৌড় ৰাজ্য স্থাপন কৰিছিল আৰু মুদ্ৰাত তেওঁক "মহাৰাজাধিৰাজ" বোলা হৈছিল। গুলছন-ই-ইব্ৰাহিমী নামৰ গ্ৰন্থত ফিৰিষ্টাই লিখিছে যে চিংকলে (শংকলদৱ) কনৌজৰ পৰা আহি ৮ঠ শতিকাত গৌড় স্থাপন কৰিছিল।১১

শশাংকৰ পাছত গৌড়

শশাংকৰ পাছত শাসনভাৰ মানৱৰ ওচৰলৈ গ'ল। কিন্তু তাৰ পাছত গৌড় ৰাজ্যৰ এটি ভাগ কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে দখল কৰিলে, আৰু আন এভাগ হৰ্ষবৰ্ধনে।

পাছৰ পাল বংশৰ ৰজাসকলক 'বংগপতি' আৰু 'গৌড়েশ্বৰ' আখ্যা দিয়া হৈছিল, আৰু সেন ৰজাসকলক 'গৌড়েশ্বৰ'। গৌড় আৰু বংগ সম্ভৱতঃ একে অৰ্থতে প্ৰয়োগ হৈছিল।১২

তথ্যসূত্ৰ

  1. ↑ Majumdar. (1971). History of Ancient Bengal. G. Bhardwaj & Co. পৃ. 6–8
  2. ↑ Ghosh. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
  3. ↑ K. P. Jayaswal. (1934). An Imperial History Of India. পৃ. 34
  4. ↑ K. P. Jayaswal. (1934). An Imperial History Of India
  5. ↑ Majumdar, R. C. (1971). History of Ancient Bengal. G. Bhardwaj & Co. পৃ. 6–8
  6. ↑ Ghosh, Suchandra. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
  7. ↑ Bandopadhyay, Rakhaldas, Bangalar Itihas,, first published 1928, revised edition 1971, vol I, p 101, Nababharat Publishers, 72 Mahatma Gandhi Road, Kolkata
  8. ↑ Kingdoms of South Asia - Indian Kingdom of Bengal. www.historyfiles.co.uk
  9. ↑ (1878). Indian Antiquary. Journal of Oriental Research (Ed. J.A.S. Burgess). Popular Prakashan. পৃ. 197
  10. ↑ Middleton, John. (2015). World Monarchies and Dynasties. Routledge. পৃ. 330. ISBN 9781317451587
  11. ↑ Firishtah, Muḥammad Qāsim Hindū Shāh Astarābādī. (1803). The History of Hindostan,: Translated from the Persian. Vernor and Hood, Cuthell and Martin, J. Walker, Wynne and Scholey, John Debrett, Blacks and Parry, T. Kay, and J. Asperne
  12. ↑ Majumdar, R. C. (1971). History of Ancient Bengal. G. Bhardwaj & Co. পৃ. 6–8

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌড় ৰাজ্য” প্ৰবন্ধৰ সংশোধন ৩৪৯৮৬২ (২১ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।