কোণ, (Angles) দুডাল সৰলৰেখাই এটা বিন্দুত উৎপন্ন কৰা চুক। বা এটা সাধাৰণ বিন্দুৰ পৰা যাত্ৰা কৰা দুডাল ৰশ্মিয়ে উক্ত বিন্দুত যি এটা চুকৰ সৃষ্টি কৰে তাকে কোণ বোলে। ইয়াত ৰশ্মি বা ৰেখা দুডালক কোণটোৰ বাহু বুলি কোৱা হয়। এই সাধাৰণ বিন্দুটোক শীৰ্ষবিন্দু বুলি কোৱা হয়।১ দ্বিমাত্ৰিক কোণ প্ৰধানত দুই প্ৰকাৰৰ – জ্যামিতিক কোণ ও ত্ৰিকোণমিতিক কোণ। ইংৰাজীৰ এঙ্গল(angle) শব্দটো লেটিন ভাষাৰ এঙ্গুলাচ(angulus) শব্দটোৰ পৰা লোৱা হৈছে। যাৰ অৰ্থ- চুক।২ এটা কোণৰ জোখ ডিগ্ৰী, ৰেডিয়ান, আৰু গ্ৰেড এই তিনি প্ৰকাৰত প্ৰকাশ কৰা হয়। এই তিনিপ্ৰকাৰৰ জোখৰ মাজৰ সম্পৰ্কটো হ'ল- ১৮০ ডিগ্ৰী = ২০০ গ্ৰেড = π (পাই) ৰেডিয়ান।
কোণৰ প্ৰকাৰ
সমকোণ


এডাল সৰলৰেখাই আন এডাল সৰলৰেখাৰ ওপৰত উলম্ব হৈ যি কোণ উৎপন্ন কৰে তাকে সমকোণ বোলে। এই সমকোণৰ মাপ ৯০°। ৩ এই মানক এক সমকোণ বুলি কোৱা হয়। ই এটা সম্পূৰ্ণ পাকৰ এক-চতুৰ্থাংশৰ সমান।৪ যদি এডাল ৰশ্মিৰ প্ৰান্তবিন্দুটো এডাল ৰেখাৰ ওপৰত থাকে আৰু ৰশ্মি ডালে ৰেখাডালত সৃষ্টি কৰা সন্নিহিত কোণ দুটাৰ মান সমান হয় তেন্তে উক্ত কোণ দুটা সমকোণ হ'ব।৫ এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ত্ৰিভুজটোৰ সমকোণটোৱেই ত্ৰিভুজটো চিনাক্তকৰণৰ মূল চাবিকাঠি।৬ দুটা কোণৰ যোগফল ৯০° বা এক সমকোণ হ'লে এটাক আনটোৰ পূৰক কোণ বুলি কোৱা হয়। এক সমকোণক বিভিন্ন এককত প্ৰকাশ কৰিব পাৰি-
- পাক
- ৯০° (ডিগ্ৰী)
- ৰেডিয়ান বা ৰেড
- ১০০ গ্ৰেড ( গ্ৰে'ড, গ্ৰেডিয়ান, বা গন বুলিও কোৱা হয়। )
- ৮ মানক (৩২ মানকৰ ভিতৰত কম্পাছ ৰ'জ)
- ৬ ঘণ্টা (জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয়)
সৰলকোণ
পৰস্পৰ বিপৰীত দুটি ৰশ্মিৰ মধ্যবৰ্তী কোণকে এক সৰলকোণ বোলা হয়। এই কোণৰ পৰিমাপ ডিগ্ৰী এককত ১৮০° বা π ৰেডিয়ান বা পাকৰ সৈতে সমান জোখৰ কোণ।

দুটাকোণৰ যোগফল ১৮০° হ'লে কোণ দুটাক সম্পূৰক কোণ বুলি কোৱা হয়। য'দি দুটা পৰিপূৰককোণৰ শীৰ্ষবিন্দু একেটাই হয় তেনেক্ষেত্ৰত ইহঁতৰ সাধাৰণ বাহুটোক বাদ দিলে আন দুটা বাহু মিলি এডাল সৰলৰেখাৰ সৃষ্টি হয় আৰু এই বাহু যোৰক কোণৰ ৰৈখিকযোৰ বুলি কোৱা হয়। ৭

সূক্ষ্ম কোণ
সূক্ষ্ম মানে হৈছে সৰু বা ক্ষুদ্ৰ। এক সমকোণ বা ৯০° ত কৈ সৰু যিকোনো এটা কোণকে সূক্ষ্ম কোণ বুলি কোৱা হয়। সূক্ষ্ম কোণবোৰৰ মান ০ ৰ পৰা ৯০ৰ ভিতৰত থাকে। তিনিটা সূক্ষ্ম কোণৰ দ্বাৰা তৈয়াৰী ত্ৰিভুজক সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয়।৮ এটা ত্ৰিভুৰ নিন্মতম দুটা কোণৰ মান- সূক্ষ্ম কোণ। দুটা সম্পূৰক কোণৰ ক্ষেত্ৰত য'দি এটা কোণ স্থূলকোণ হয় তেন্তে আনটো কোণ এটা সূক্ষ্মকোণ হ'ব।৮ আকৌ পূৰক কোণৰ ক্ষেত্ৰত দুয়োটা কোণ সদায়ে সূক্ষ্ম কোণ।
স্থূল কোণ

ডিগ্ৰী এককৰ হিচাপত স্থূলকোণ বুলিলে সেই সমূহ কোণক বুজা যায়, যি সমূহৰ মান ৯০° আৰু ১৮০°ৰ ভিতৰত থাকে। অৰ্থাৎ ৯০°ত কৈ ডাঙৰ কিন্তু ১৮০°ত কৈ সৰু।৯১০ যি ত্ৰিভুজৰ এটা কোণ স্থূলকোণ, তাকে স্থূলকোণী ত্ৰিভুজ বোলে। স্থূল কোণী ত্ৰিভুজৰ আন দুটা কোণ সদায়ে সূক্ষ্মকোণ হ'ব। এটা সামান্তাৰিকৰ এযোৰ বিপৰীত কোণ স্থূলকোণ। অৱশ্যে আয়তক্ষেত্ৰ, বৰ্গক্ষেত্ৰ এইক্ষেত্ৰত ব্যতিক্ৰম। আকৌ এটা সাধাৰণ ষষ্ঠভূজৰ প্ৰতিটো কোণেই একো একোটা স্থূল কোন।১১
তথ্যসূত্ৰ
- ↑ Sidorov 2001
- ↑ Slocum 2007
- ↑ Right Angle. Math Open Reference
- ↑ Wentworth p. 11
- ↑ Wentworth p. 8
- ↑ Wentworth p. 40
- ↑ Jacobs 1974, পৃ. 97
- ↑ Acute Angle - Definition with Examples
- ↑ www.mathsisfun.com/obtuse.html
- ↑ www.mathopenref.com/angleobtuse.html
- ↑ www.splashmath.com/math-vocabulary/geometry/obtu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোণ” প্ৰবন্ধৰ সংশোধন ৪২৭১৪৭ (২৯ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।