বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
তৱাইফ
তৱাইফ (Tawaif) হ'ল মোগল যুগৰ শ্ৰেষ্ঠ বিনোদনকাৰী, যি ভাৰতীয় উপমহাদেশৰ আভিজাত্যক লালন কৰিছিল। তৱাইফসকল সংগীত, নৃত্য (মুজ্ৰা), থিয়েটাৰ আৰু উৰ্দ্দু সাহিত্যত অতি নামকৰা আছিল আৰু এই বিভাগসমূহলৈ তেওঁলোকৰ অৱদান আগবঢ়াইছিল। শিষ্টাচাৰৰ ওপৰত তেওঁলোকৰ কৰ্তৃত্ব উদাহৰণ যোগ্য।
-
নিষাদ (স্বৰ)
নিষাদ (निषाद ) হৈছে হিন্দুস্থানী সংগীত আৰু কৰ্ণাটক সংগীতৰ সাতটা স্বৰৰ ভিতৰত সপ্তম আৰু শেষ স্বৰ। নিষাদ হৈছে नी (Ni) শব্দাংশৰ দীঘলীয়া ৰূপ।
-
মে'
মে হৈছে গ্ৰেগৰীয় কেলেণ্ডাৰ অনুসৰি বছৰৰ পঞ্চম মাহ। ইয়াৰ দৈৰ্ঘ্য ৩১ দিন। উত্তৰ গোলাৰ্ধত মে' মাহটো বসন্ত ঋতুৰ অন্তৰ্গত, আৰু দক্ষিণ গোলাৰ্ধত শৰৎ ঋতুৰ অন্তৰ্গত।
-
মৌখিক পৰম্পৰা
মৌখিক পৰম্পৰা হৈছে মানৱ সমাজৰ এক প্ৰকাৰৰ যোগাযোগ ব্যৱস্থা যাৰ মাধ্যমেদি জ্ঞান, শিল্প, ধাৰণা আৰু সাংস্কৃতিক উপাদান মৌখিকভাৱে গ্ৰহণ, সংৰক্ষণ আৰু এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ পৰিবাহিত হৈ আহিছে। এই পৰিবহন লোককথা, বেলাড, সাধু, গদ্য বা কবিতা আদি বাক্য বা গীতৰ জৰিয়তে সম্পন্ন হয়।
-
শুক্ৰবাৰ
শুক্ৰ বাৰ বা শুকুৰবাৰ হৈছে ভাৰতীয় কেলেণ্ডাৰ অনুসৰি সপ্তাহৰ ষষ্ঠ দিন। বৃহস্পতিবাৰৰ পিছৰ আৰু শনিবাৰৰ আগৰ দিনটোৱেই হ'ল শুক্ৰবাৰ। চৌদি আৰব আৰু ইৰানত, শুক্ৰবাৰ হৈছে সপ্তাহৰ শেষ দিন, আৰু শনিবাৰ হৈছে নতুন কৰ্মদিৱস। ইৰানত, এইটো একমাত্ৰ সাপ্তাহিক বন্ধৰ দিন।
-
আয়তক্ষেত্ৰ
আয়তক্ষেত্ৰ (Rectangle) হৈছে এক চতুৰ্ভুজ যিটোৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল আৰু অভ্যন্তৰৰ প্ৰত্যেকটো কোণেই একো একো সমকোণ। এই সংজ্ঞাৰ পৰা দেখা যায় আয়তৰ দুই যোৰা সমান্তৰাল বাহু আছে, যাৰ অৰ্থ আয়তক্ষেত্ৰ এটি সামান্তৰিক।
-
এম্পিয়াৰ
এম্পিয়াৰ(A) হৈছে আন্তৰ্জাতিক একক প্ৰণালীত বিদ্য়ুৎ প্ৰৱাহৰ একক। ফ্ৰান্সৰ গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী আন্দ্ৰে ম্যাৰি এম্পিয়াৰৰ নামত এই এককটো ৰখা হৈছে।
-
কহিমা
কহিমা হৈছে ভাৰতৰ উত্তৰ-পূব ৰাজ্য নাগালেণ্ডৰ ৰাজধানী। প্ৰায় ১,০০,০০০ জনসংখ্যাৰ সৈতে ই ৰাজ্যখনৰ দ্বিতীয় বৃহত্তম চহৰ। মূলতঃ কেভিৰা নামেৰে জনাজাত কহিমা ১৮৭৮ চনত প্ৰতিষ্ঠা হৈছিল যেতিয়া ব্ৰিটিছ সাম্ৰাজ্যই ইয়াত পূৰ্বৰ নাগা পাহাৰত মুখ্য কাৰ্যালয় স্থাপন কৰিছিল।
-
ক্ষত্ৰিয়
ক্ষত্ৰিয় হৈছে প্ৰাচীন ভাৰতীয় সমাজৰ চাৰিটা মুখ্য বৰ্ণৰ অন্যতম, যাক সাধাৰণতে শাসন, যুদ্ধ আৰু সমাজৰ সুৰক্ষাৰ সৈতে সংযোজিত কৰা হয়। বৈদিক আৰু পৰৱৰ্তী সংস্কৃত সাহিত্যত ক্ষত্ৰিয়সকলক ৰাজনৈতিক ক্ষমতা আৰু সামৰিক দায়িত্বৰ বাহক হিচাপে উপস্থাপন কৰা হয়।
-
গান্ধাৰ (স্বৰ)
গান্ধাৰ (गान्धार ) হৈছে হিন্দুঃস্থানী আৰু কৰ্ণাটক সংগীতত সাতটা স্বৰৰ ভিতৰত তৃতীয়টো। গান্ধাৰ হৈছে গ (Ga) শব্দাংশৰ দীঘলীয়া ৰূপ।
-
জেতুকা
জেতুকা শব্দৰ দুটা অৰ্থ আছে। এক হৈছে জেতুকা গছ এবিধ জোপোহা গছ, অন্যটো জেতুকা ৰং: এই গছৰ পাত খুন্দি হাতৰ তলুৱাত লগালে, কমলা-ৰঙা ৰঙৰ বোল উঠে। জেতুকাক ইংৰাজীত 'হেনা' বুলি কোৱা হয়। হেনা শব্দটো মূলতঃ আৰৱী শব্দৰ পৰা আহিছে।
-
দিনপঞ্জী
কেলেণ্ডাৰ হৈছে সময়চক্ৰৰ হিচাব ৰখাৰ বাবে ব্যৱহৃত এক পদ্ধতি। এনে পদ্ধতিত সময়ক সাধাৰণতে দিন, সপ্তাহ, মাহ, আৰু বছৰত ভাগ কৰা হয়। প্ৰতিতো দিনক দিয়া নামক তাৰিখ বুলি জনা যায়।
-
প্ৰেম
প্ৰেম (Love) এক মানবিক অনুভূতি আৰু আৱেগকেন্দ্ৰিক এক অভিজ্ঞতা। বিশেষ কোনো ব্যক্তিৰ প্ৰতি স্নেহৰ শক্তিশালী বহিৰ্প্ৰকাশ হৈছে প্ৰেম। তথাপি প্ৰেমক বিভিন্ন দৃষ্টিকোণৰ পৰা ভাগ কৰা হয়।
-
পৰম্পৰা
পৰম্পৰা ( Tradition) হ’ল, সমাজৰ কোনো এটা অংশ বা গোটে দীৰ্ঘদিন ধৰি সমূহীয়াকৈ পালন কৰি অহা আচাৰ-নীতি৷ অৰ্থাৎ পুৰুষানুক্ৰমে চলি অহা অলিখিত মত, বিশ্বাস বা নিয়মেই হ’ল পৰম্পৰা৷ অৱশ্যে আধুনিক যুগত কেৱল ’অলিখিত মত বা নিয়ম’ বুলি পৰম্পৰাক সামৰি থোৱা অযুগুত; কাৰণ অৰ্থ বিস্তৃতিৰ বাবে ই কেতবোৰ লিখিত…
-
পৰিমেয় সংখ্যা
পৰিমেয় সংখ্যা (Rational numbers) ইয়াক ইংৰাজী Q আখৰটোৰে বুজোৱা হয়। যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত p আৰু q দুটা অখণ্ড সংখ্যা আৰু q-টো কেতিয়াও 0(শূন্য) নহয়, তেনে সংখ্যাকে পৰিমেয় সংখ্যা বুলি কোৱা হয়। যেনে: ১/২, ২/৫, ১২/১৩ ইত্যাদি।
-
মধ্যম (স্বৰ)
মধ্যম হৈছে হিন্দুঃস্থানী সংগীত আৰু কৰ্ণাটক সংগীতৰ সাতটা স্বৰৰ ভিতৰত চতুৰ্থ স্বৰ। এই প্ৰবন্ধটো হিন্দুঃস্থানী দৃষ্টিকোণৰপৰা লিখা হৈছে। মধ্যম হৈছে म শব্দাংশৰ দীঘলীয়া ৰূপ। গীত গাঁৱতে উচ্চাৰণৰ সৰলতাৰ বাবে, মধ্যমক মা (স্বৰলিপি - M) হিচাপে উচ্চাৰণ কৰা হয়। ইয়াক দেৱনাগৰী লিপিত মধ্যম বুলিও কোৱা হয়।
-
লিংগ-সমতা বিৰোধাভাস
লিংগ-সমতা বিৰোধাভাস বা লিংগ-সমতাৰ বিৰোধ (Gender-equality paradox) হৈছে লিংগ সমতা অধিক প্ৰচলিত থকা দেশসমূহত ব্যক্তিত্ব আৰু বৃত্তিৰ পছন্দৰ ওপৰত ভিত্তি কৰি পৰিলক্ষিত হোৱা বৃহৎ লিংগীক পাৰ্থক্যৰ সন্ধান।
-
ৰাষ্ট্ৰপতি ভৱন
ৰাষ্ট্ৰপতি ভৱন (Rashtrapati Bhavan) ( (পূৰ্বৰ ভাইচৰয় হাউচ (১৯৩১–১৯৪৭) আৰু গভৰ্ণমেণ্ট হাউচ (১৯৪৭–১৯৫০)) নতুন দিল্লীৰ ৰাজপথৰ পশ্চিম প্ৰান্তত থকা ভাৰতীয় গণৰাজ্যৰ চৰকাৰী বাসগৃহ। ব্ৰিটিছ ৰাজৰ সময়ত ইয়াক নিৰ্মাণ কৰা হৈছিল।
-
অম্ল
অম্ল হৈছে একপ্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ। ইয়াৰ দ্ৰৱৰ সোৱাদ টেঙা আৰু ই নীলা লিটমাছ কাগজ ৰঙা কৰে। ই ক্ষাৰৰ লগত বিক্ৰিয়া কৰে আৰু কিছুমান নিৰ্দিষ্ট ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱন সৃষ্টি কৰে। অম্ল আৰু ক্ষাৰৰ বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলে, ইয়াৰ ফলত সাধাৰণতে পানী আৰু লৱনৰ সৃষ্টি হয়।
-
অশোক চক্ৰ
অশোক চক্ৰ একপ্ৰকাৰৰ ২৪ দণ্ডযুক্ত ধৰ্মীয় আৰু ৰাজনৈতিক ঐতিহাসিক চিহ্ন। ইয়াক ধৰ্মচক্ৰ নামেৰেও জনা যায়। সম্ৰাট অশোকৰ সিংহ ৰাজধানীত আটাইতকৈ বেছি ব্যৱহৃত হোৱাৰ বাবে ইয়াৰ নাম অশোক চক্ৰ হ’ল। ১৯৪৭ চনৰ ২২ জুলাইত গৃহীত কৰা ভাৰতৰ জাতীয় পতাকাৰ সোঁমাজৰ বগা অংশত গাঢ় নীলা ৰঙৰ অশোক চক্ৰ বিদ্যমান।
-
অশোক স্তম্ভ
অশোক স্তম্ভ (Emblem of India) সম্ৰাট অশোকে উত্তৰ প্ৰদেশৰ সাৰনাথত নিৰ্মাণ কৰোৱা প্ৰসিদ্ধ শিলাস্তম্ভ আৰু স্তম্ভশীৰ্ষত থকা যৌথ 'সিংহমূৰ্ত্তি'। স্তম্ভটোৰ শীৰ্ষত পিঠিয়া-পিঠিকৈ চাৰিটা মুখ মেলি থকা সিংহৰ এটা শিলৰ মূৰ্ত্তি আছে। এই শিলৰ মূৰ্ত্তিটোকে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰূপে গ্ৰহণ কৰা হৈছে।
-
কিলোগ্ৰাম
কিলোগ্ৰাম (চমুকৈ কি:গ্ৰা: বা কেজি) হৈছে ভৰৰ একক। ধ্ৰুপদী (অনা-আপেক্ষিকতাবাদী) পদাৰ্থ বিজ্ঞানত বস্তুত থকা পদাৰ্থৰ পৰিমাণকে বস্তুটোৰ ভৰ বুলি কোৱা হয় আৰু ই বস্তুটোৰ অৱক্ষয় নোহোৱালৈকে সলনি হ'ব নোৱাৰে।
-
চুম্বকীয় ক্ষেত্ৰ
চুম্বক ক্ষেত্ৰ হৈছে বৈদ্যুতিক কাৰেণ্ট আৰু চুম্বকীয় পদাৰ্থৰ চৌম্বিক প্ৰভাৱ(magnetic effect)। কোনো এক বিন্দুৰ চুম্বক ক্ষেত্ৰ, দিশ আৰু মান দুইটাৰ ওপৰত নিৰ্ভৰশীল, ইয়াক ভেক্টৰ ক্ষেত্ৰৰ দ্বাৰা প্ৰকাশ কৰা হয়।
-
ধৈৱত (স্বৰ)
ধৈৱত (धैवत ) হৈছে হিন্দুঃস্থানী আৰু কৰ্ণাটক সংগীতৰ সাতটা স্বৰৰ ভিতৰত ষষ্ঠ আৰু শেষৰ আগৰ স্বৰ। ধৈৱত হৈছে ध (Dha) শব্দাংশৰ দীঘলীয়া ৰূপ।
-
পঞ্চম (স্বৰ)
পঞ্চম (पञ्चम ) হৈছে হিন্দুঃস্থানী আৰু কৰ্ণাটক সংগীতৰ সাতটা স্বৰৰ ভিতৰত পঞ্চম স্বৰ। পঞ্চম হৈছে प (Pa) শব্দাংশৰ দীঘলীয়া ৰূপ।
-
পঞ্চায়তী ৰাজ
পঞ্চায়তী ৰাজ (Panchayati raj) ভাৰতীয় উপমহাদেশৰ পৰা উৎপত্তি হোৱা এক ৰাজনৈতিক ব্যৱস্থা। এই ৰাজনৈতিক ব্যৱস্থা স্থানীয় শাসনৰ অন্যতম নিদৰ্শন। এই ব্যৱস্থা প্ৰধানকৈ ভাৰত, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা আৰু নেপালত দেখা যায়।
-
পৌৰসভা
পৌৰসভা (ইংৰাজী:Municipal Board) সাধাৰণতে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক আইনসমূহে প্ৰদান কৰা স্বশাসন বা অধিকাৰক্ষেত্ৰৰ কৰ্পৰেট মৰ্যাদা আৰু ক্ষমতা থকা একক প্ৰশাসনিক বিভাগ। পৌৰসভা শব্দটোৱে কোনো এটা পৌৰসভাৰ শাসকীয় সংস্থাকো বুজাব পাৰে। পৌৰসভা হৈছে বিশেষ উদ্দেশ্যৰ জিলাৰ বিপৰীতে সাধাৰণ উদ্দেশ্যৰ প্ৰশাসনিক মহকুমা।
-
ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ
২০১২ চনৰ তথ্য অনুযায়ী, ভাৰতত ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সংখ্যা হ'ল ২৯ টা। ১৯৭২ চনৰ ইউনেস্কো বিশ্ব ঐতিহ্যৰ বৰ্ণনা অনুযায়ী এই স্থানসমূহ সাংস্কৃতিক অথবা প্ৰাকৃতিক ঐতিহ্যৰ দিশ থকা বিশেষ গুৰুত্বসম্পন্ন স্থান।
-
যৱ
যৱ (ইংৰাজী: Barley (বাৰ্লি), বৈজ্ঞানিক নাম: Hordeum vulgare), বিশ্বজুৰি নাতিশীতোষ্ণ জলবায়ুত উৎপাদিত এটা প্ৰধান শস্য, যি ঘাঁহ পৰিয়ালৰ সদস্য। প্ৰথম খেতি কৰা শস্যৰ ভিতৰত ই অন্যতম আছিল। খ্ৰীষ্টপূৰ্ব ৯০০০ চনত যৱ খেতি কৰা হৈছিল বুলি অনুমান কৰা হয়।
-
ৰোমাণ্টিক অভিমুখিতা
ৰোমাণ্টিক অভিমুখিতা বা প্ৰেম অভিমুখিতা ক স্নেহময় অভিমুখিতাও (affectional orientation) বোলা হয়। ইয়াৰ দ্বাৰা যিকোনো লিংগ বা যৌনতাৰ ব্যক্তিৰ প্ৰতি প্ৰেমময় সম্পৰ্ক গঢ়ি উঠিকে বুজোৱা হয়। একে লিংগৰ যৌন অভিমুখিতাৰ বিকল্প হিচাপে এই অভিধা ব্যৱহাৰ কৰা হয় বা সেই দৃষ্টিকোণৰ পৰা ই এক বৃহৎ পৰিসৰৰ অংশ।