মহালয়া (Mahalaya) হʼল পিতৃপক্ষ আৰু দেৱীপক্ষৰ সন্ধিক্ষণ।১ ইয়াৰদ্বাৰা শাৰদীয় দুৰ্গোৎসৱৰ সূচনা হয়। দেৱী দুৰ্গাই এই দিনটোতেই পৃথিৱীত অৱতৰণ কৰিছিল বুলি বিশ্বাস কৰা হয়। বাঙালী হিন্দুসকলে পৰম্পৰাগতভাৱে দেৱীমাহাত্ম্যম্ শাস্ত্ৰৰ স্তোত্ৰ পাঠ কৰিবলৈ মহালয়াৰ পুৱা সোনকালে সাৰ পায়। মহিষাসুৰমৰ্দিনী নামৰ বেতাৰ এই অনুষ্ঠানটিত সম্প্ৰচাৰিত গীত আৰু মন্ত্ৰবোৰ শুনিবলৈ প্ৰতিটো বাঙালী পৰিয়ালে দোকমোকালিতে শোৱাৰপৰা উঠে। এই অনুষ্ঠানটিয়ে দেবী দুৰ্গাৰ জন্ম আৰু অসুৰ ৰাজ মহিষাসুৰৰ ওপৰত তেওঁৰ চূড়ান্ত বিজয়ৰ বৰ্ণনা দিয়ে। পিতৃপক্ষত প্ৰয়াত পূৰ্বপুৰুষসকলৰ আত্মাৰ শান্তি কামনা কৰি 'জলদান' বা তৰ্পণ কৰা হয় আৰু পৰলোকগত পূৰ্বপুৰুষসকলক স্মৰণ কৰা হয়। পশ্চিমবংগ, বাংলাদেশ, ত্ৰিপুৰা আৰু অসমৰ বৰাক উপত্যকাত আহিন মাহৰ কৃষ্ণপক্ষ অমাৱস্যা তিথিত মহালয়া পালন কৰা হয়।
কিংবদন্তি
প্ৰলয়কালত পৃথিৱীখন এক বিৰাট কাৰণ-সমুদ্ৰত পৰিণত হৈছিল। শ্ৰীবিষ্ণু সেই সমুদ্ৰৰ ওপৰত অনন্তনাগক শয্যা কৰি যোগনিদ্ৰাত মগ্ন হৈছিল।২৩ এই সময়ছোৱাত বিষ্ণুৰ কৰ্ণমূল (কাণৰ ফুটা)ৰপৰা মধু আৰু কৈটভ নামৰ দুই দৈত্য নিৰ্গত হৈ বিষ্ণুৰ নাভিপদ্মত স্থিত ব্ৰহ্মাক বধ কৰিবলৈ উদ্যত হʼল। ভয়ত ব্ৰহ্মাই বিষ্ণুক জাগৰিত কৰিবৰ বাবে তেওঁৰ নয়নাশ্ৰিতা যোগনিদ্ৰাক স্তব কৰিবলৈ ধৰিলে। সৃষ্টি হৈ দেৱীয়ে শ্ৰীবিষ্ণুক জাগৰিত কৰিলে। তিনি পাঁচ হাজাৰ বছৰ ধৰি মধু আৰু কৈটভৰ সৈতে মহাযুদ্ধত কৰিলে। পিতৃপক্ষ আৰু দেবীপক্ষৰ সন্ধিক্ষণ হৈছে মহালয়া৪।
ভাদ মাহৰ কৃষ্ণ প্ৰতিপদ আৰম্ভ হৈ পৰৱৰ্তী অমাৱস্যা লৈকে এইসময়ছোৱাক পিতৃপক্ষ বোলে। পুৰাণ মতে ব্ৰহ্মাৰ নিৰ্দেশত পিতৃপুৰুষসকলে এই ১৫ দিন মনুষ্যলোকলৈ অহাৰ অনুমতি পায়। সেয়ে এই সময়ছোৱাত তেওঁলোকৰ উদ্দেশ্যে কিবা অৰ্পণ কৰিলে সেয়া সহজেই তেওঁলোকৰ প্ৰাপ্ত হয়৪। সেয়ে সম্পূৰ্ণ পক্ষকালজুৰি পিতৃপুৰুষসকলক স্মৰণ আৰু মননৰদ্বাৰা তৰ্পণ কৰা হয়। যাৰ চূড়ান্ত প্ৰকাশ বা মহালগ্ন হʼল মহালয়া, পিতৃপক্ষৰ শেষ দিন। পাছদিনা শুক্লা প্ৰতিপদ তিথিত দেৱীপক্ষৰ সূচনা হয়। সেইদিনাৰপৰা কোজাগৰী পূৰ্ণিমা লৈকে ১৫ দিন হʼল দেৱীপক্ষ।
দেৱীপক্ষৰ সূচনা
যা চণ্ডি মধুকৈটভাৰী, দৈত্য দলনী, যা মহিষমৰ্দিনী, যা দুৰ্গে চণ্ড মুণ্ডোমালিনী,যা ৰক্ত বিজশ্বৰী,শক্তি সুন্দৰী সুন্দৰ দৈত দলনী—যা—। আশ্বিনেৰ শাৰদ প্ৰাতে বেঁজে উঠেছে আলোক মঞ্জিল, ধৰণীৰ বৰ্হিআকাশে-অন্তৰিত মেঘমালা, প্ৰকৃতিৰ অন্তৰ আকাশে জাগৰিত জোৰ্তিময়ী জগত্মাতাৰ আগমন বাৰ্তা, আনন্দময়ী মহামায়াৰ পদ্ধধ্বনি অসিম ছন্দে বেজে ঊঠে ৰুপলোক ও ৰশলোকে আনে নবভাব মাধুৰীৰ সঞ্জিবন, ত্ৰাহি আনান নন্দিতা শামলী মাতৃকাৰ চিন্ময়ীকে-মৃণ্ময়ীকে আৱাহন। আজ শক্তিৰুপীনি বিশ্বজননীৰ শাৰদও শ্ৰীমণ্ডিত প্ৰতিমা মন্দিৰে মন্দিৰে ধ্যানগ্ৰহিতা। মহামায়া-সনাতনী শক্তিৰুপা গুণাময়ী-হে ভগবতী মহামায়া তুমিই ত্ৰিগুনাতিকা, তুমিই ৰজগুণে ব্ৰহ্মাৰ গৃহিনী বাগ্দেবী, সত্ত্বগুণে বিষ্ণুৰ পত্নী লক্ষ্মী, তমোগুণে শিবেৰ বনিতা পাবৰ্তী,আবাৰ ত্ৰিগুনাতিত তুমিই অৰ্নিবচ্চনিয়া, আবাৰ দেব ঋষি কন্যা কাত্যায়নেৰ কন্যা কাত্যায়নী, তিনিই কন্যাকুমাৰী আখ্যাতা দুৰ্গে, তিনিই দাক্ষ্যয়নি সতি, তিনিই আদিশক্তি, দেবী দুৰ্গা নিজদেহ সম্ভুত তেজপ্ৰৱাহে শত্ৰুদহনকালে অগ্নিবৰ্ণা, অগ্নি লোচনা, এই উষা লগ্নে—হে মহাদেবী তোমাৰ উদ্বোধনে প্ৰানেৰ ভক্তিৰশে আলোকিত হোক দিকে দিকে, হে অমিতজ্যোতি, হে মা দুৰ্গা, তোমাৰ আবিৰ্ভাবে ধৰণী হোক প্ৰাণময়ী, জাগো জাগো মা।
জাগো দশপ্ৰহৰণ ধাৰিণী
জাগো দুৰ্গা, জাগো দশপ্ৰহৰণ ধাৰিণী, অভয়াশক্তি বল প্ৰদায়নী তুমি জাগো-দেবী প্ৰসীদ পৰিপালয়ে নো হৰি ভীতে: নিত্যং যথাসুৰবধদিধনৈব সদ্য: পাপানি সৰ্বজগতাঞ্চ শমং নয়াশু উত্পাতপাকজনিতাংশ্চ মহোপসৰ্গানা। পূত পৱিত্ৰ এই আহ্বানৰ মাজেৰে আজি দিবাগত ৰাতিৰ শেষ পুৱা (১৪ অক্টোবৰ শনিবাৰ) সমগ্ৰবিশ্বে পালিত হʼব পুণ্য তিথি মহালয়া। আকাশবাণী কলকাতাৰপৰা প্ৰচাৰিত হʼব মহিষাসুৰমৰ্দিনী। বাণী কুমাৰৰ ৰচনা আৰু প্ৰৱৰ্তনাত মাতৃসাধক বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰৰ অমৰ কণ্ঠৰ গ্ৰন্থনা আৰু শ্লোক পাঠে আৱাহন হবে জগত্ জননী দেবী দুৰ্গাৰ। দুৰ্গায়ে দুৰ্গপাৰায়ৈ সাৰায়ৈ সৰ্বকাৰিণ্যৈ, খ্যাত্যৈ তথৈব্য কৃষ্ণায়ৈ ধুম্ৰায়ৈ সতত: নম:- মাতৃবন্ধনাৰ এই আহ্বানত পৱিত্ৰ পুণ্যতিথি মহালয়া। শাৰদীয় দুৰ্গাপূজাৰ সপ্তাহকাল পূৰ্বে মাৰ আৰাধনা বন্ধনাত মহালয়া পালিত হʼব।
চণ্ডী পাঠ
শাস্ত্ৰমতে মহালয়া হৈছে এক অমাৱস্যা তিথি, এই তিথিত সাধাৰণতে পিতৃপুৰুষৰ শ্ৰাদ্ধ তৰ্পণ কৰা হয়। এইদিনাখন তৰ্পণ কৰিলে পিতৃপুৰুষসকল নৰক যন্ত্ৰণাৰপৰা মুক্তি পাই উত্তৰ-পুৰুষসকলক আৰ্শিবাদ প্ৰদান কৰে। ইয়াৰ উপৰি মহালয়াৰদিনাখন দেবী দুৰ্গাৰ বোধন কৰা হয়, বোধন শব্দৰ অৰ্থ হৈছে জাগৰণ। সেয়ে মহালয়াৰ পিছত দেবীপক্ষৰ/শুক্লপক্ষৰ প্ৰতিপদ তিথিত ঘট (কলহ) বহুৱাই শাৰদীয় দুৰ্গাপূজাৰ সূচনা কৰা হয়। শাওণৰপৰা পুহলৈকে; এই ছমাহ দক্ষিণায়ণ। দক্ষিণায়ণ দেবতাসকলৰ নিদ্ৰা-কাল। সেয়ে বোধন কৰিহে দেবতাসকলক জাগ্ৰত কৰা হয়। মহালয়াৰ পিছত প্ৰতিপদ তিথিত যি বোধন হয় সেই সময়ত সংকল্প কৰিয়ে দুৰ্গাপূজাৰ আয়োজন চলে। ইয়াক কল্পৰম্ভা বোলা হয়। ষষ্ঠিৰপৰা পূজাৰ প্ৰধান কাৰ্যক্ৰম আৰম্ভ হয় বাবে ইয়াক ষষ্ঠাদিকল্পৰম্ভাও বোলা হয়। সপ্তমী তিথিৰপৰাহে বিগ্ৰহৰ পূজা আৰম্ভ হয়। প্ৰতিপদ তিথিৰপৰা কেৱল ঘট (কলহ) পূজা আৰু চণ্ডী পাঠ চলে।
লগতে চাওক
- দুৰ্গা পূজা
- নবৰাত্ৰি
- বিজয়া দশমী
- বাথুকাম্মা
তথ্যসূত্ৰ
- ↑ (2021-09-29). Durga Puja 2021: আত্মাদেৰ মহাসমাৱেশেই 'মহালয়া'! কেন এই তিথি শাস্ত্ৰমতে গুৰুত্বপূৰ্ণ?. Zee24Ghanta.com
- ↑ মহালয়া শুভ না অশুভ? বাঙালিৰ কাছে মহালয়াৰ তাৎপৰ্য কী?. sangbadpratidin
- ↑ সংবাদদাতা, নিজা. Durga Puja 2021: বুধবাৰ মহালয়া, জেনে নিন নিৰ্ঘণ্ট. anandabazar.com
- ↑ Mahalaya 2021: পুৰাণ থেকে ৰামায়ণ! মহালয়া ঘিৰে ৰয়েছে নানা প্ৰচলিত কাহিনী. Aaj Tak বাংলা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহালয়া” প্ৰবন্ধৰ সংশোধন ৫৩৮১৮৩ (১১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।